--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মাৰ্কিন যুক্তৰাষ্ট্রই গ্ৰহণ কৰিছে দুমুখীয়া নীতি৷ ২০২৩ৰ ৭ অক্টোবৰত সূত্ৰপাত ঘটিছিল ইজৰাইল–হামাছ সংঘৰ্ষৰ। যি যুদ্ধ আজিও অব্যাহত আছে। ইজৰাইল–হামাছ সংঘৰ্ষত ইজৰাইলৰ সপক্ষে থিয় দিছে আমেৰিকাই। যাৰ সমৰ্থনত গাজাত নৰসংহাৰ অব্যাহত ৰাখিছে ইজৰাইলে। এতিয়ালৈ যুদ্ধত মৃত্যু ঘটিছে ৩০ হাজাৰৰো অধিক পেলেষ্টাইনীৰ। সম্পূৰ্ণৰূপে বিধ্বস্ত হৈছে গাজাষ্ট্রীপ অঞ্চল৷ দুৰ্ভিক্ষই এতিয়া আগুৰি ধৰিছে সমগ্ৰ গাজা অঞ্চলক। গাজাত দুৰ্ভিক্ষৰ কবলত পৰিছে ২২ লক্ষাধিক লোক। তাৰ মাজতে গাজাৰ দুৰ্ভিক্ষত আক্ৰান্ত লোকৰ ত্ৰাণকৰ্তাৰ ভূমিকাত অৱতীৰ্ণ হৈছে ইজৰাইলৰ মিত্ৰ আমেৰিকা।

যুদ্ধৰ মাজতে প্ৰথমবাৰলৈ গাজাৰ ভোকাতুৰ লোকৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে আমেৰিকাই৷ মাৰ্কিন সেনাই বিমানৰ পৰা পেৰাচুটৰ সহায়ত খাদ্যসামগ্ৰী ভৰ্তি বাকচ নমালে গাজাবাসীৰ বাবে। যি খাদ্য সামগ্ৰী সংগ্ৰহৰ বাবে গাজাৰ সমুদ্ৰ তীৰত ভোকাতুৰ জনতাৰ হেতাওপৰা। খাদ্যসামগ্ৰী প্ৰেৰণৰ বাবে গাজাৰ বিভিন্ন স্থানত কেইবাটাও বিশেষ পইণ্টৰ ব্যৱস্থা আমেৰিকাৰ। মাৰ্কিন সূত্ৰৰ মতে প্ৰথমবাৰৰ বাবে ৬৬টা বাকচৰ জৰিয়তে আমেৰিকাই গাজাবাসীলৈ প্ৰেৰণ কৰিছে ৩৮ হাজাৰ প্ৰস্তুত খাদ্যৰ টোপোলা। পৰৱৰ্তী সময়তো গাজাবাসীক এনেদৰে খাদ্যসামগ্ৰী প্ৰেৰণ কৰিব বুলি ঘোষণা কৰিছে আমেৰিকাই। গাজাৰ ভোকাতুৰ জনতাই এমুঠি খাদ্যৰ বাবে লগাইছে হাহাকাৰ। ১ মাৰ্চত সাহায্য সামগ্ৰী সংগ্ৰহৰ বাবে যোৱা ১১২গৰাকী পেলেষ্টাইনীক গুলীয়াই হত্যা কৰিছিল ইজৰাইলী সেনাই। এই ঘটনাৰ পাছতে এতিয়া গাজাত ত্ৰাণকৰ্তাৰ ভূমিকাত অৱতীৰ্ণ হৈছে দুমুখীয়া নীতিৰ আশ্ৰয় লোৱা আমেৰিকা যুক্তৰাষ্ট্র।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন