--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মাৰ্কিন যুক্তৰাষ্ট্রই গ্ৰহণ কৰিছে দুমুখীয়া নীতি৷ ২০২৩ৰ ৭ অক্টোবৰত সূত্ৰপাত ঘটিছিল ইজৰাইল–হামাছ সংঘৰ্ষৰ। যি যুদ্ধ আজিও অব্যাহত আছে। ইজৰাইল–হামাছ সংঘৰ্ষত ইজৰাইলৰ সপক্ষে থিয় দিছে আমেৰিকাই। যাৰ সমৰ্থনত গাজাত নৰসংহাৰ অব্যাহত ৰাখিছে ইজৰাইলে। এতিয়ালৈ যুদ্ধত মৃত্যু ঘটিছে ৩০ হাজাৰৰো অধিক পেলেষ্টাইনীৰ। সম্পূৰ্ণৰূপে বিধ্বস্ত হৈছে গাজাষ্ট্রীপ অঞ্চল৷ দুৰ্ভিক্ষই এতিয়া আগুৰি ধৰিছে সমগ্ৰ গাজা অঞ্চলক। গাজাত দুৰ্ভিক্ষৰ কবলত পৰিছে ২২ লক্ষাধিক লোক। তাৰ মাজতে গাজাৰ দুৰ্ভিক্ষত আক্ৰান্ত লোকৰ ত্ৰাণকৰ্তাৰ ভূমিকাত অৱতীৰ্ণ হৈছে ইজৰাইলৰ মিত্ৰ আমেৰিকা।

যুদ্ধৰ মাজতে প্ৰথমবাৰলৈ গাজাৰ ভোকাতুৰ লোকৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে আমেৰিকাই৷ মাৰ্কিন সেনাই বিমানৰ পৰা পেৰাচুটৰ সহায়ত খাদ্যসামগ্ৰী ভৰ্তি বাকচ নমালে গাজাবাসীৰ বাবে। যি খাদ্য সামগ্ৰী সংগ্ৰহৰ বাবে গাজাৰ সমুদ্ৰ তীৰত ভোকাতুৰ জনতাৰ হেতাওপৰা। খাদ্যসামগ্ৰী প্ৰেৰণৰ বাবে গাজাৰ বিভিন্ন স্থানত কেইবাটাও বিশেষ পইণ্টৰ ব্যৱস্থা আমেৰিকাৰ। মাৰ্কিন সূত্ৰৰ মতে প্ৰথমবাৰৰ বাবে ৬৬টা বাকচৰ জৰিয়তে আমেৰিকাই গাজাবাসীলৈ প্ৰেৰণ কৰিছে ৩৮ হাজাৰ প্ৰস্তুত খাদ্যৰ টোপোলা। পৰৱৰ্তী সময়তো গাজাবাসীক এনেদৰে খাদ্যসামগ্ৰী প্ৰেৰণ কৰিব বুলি ঘোষণা কৰিছে আমেৰিকাই। গাজাৰ ভোকাতুৰ জনতাই এমুঠি খাদ্যৰ বাবে লগাইছে হাহাকাৰ। ১ মাৰ্চত সাহায্য সামগ্ৰী সংগ্ৰহৰ বাবে যোৱা ১১২গৰাকী পেলেষ্টাইনীক গুলীয়াই হত্যা কৰিছিল ইজৰাইলী সেনাই। এই ঘটনাৰ পাছতে এতিয়া গাজাত ত্ৰাণকৰ্তাৰ ভূমিকাত অৱতীৰ্ণ হৈছে দুমুখীয়া নীতিৰ আশ্ৰয় লোৱা আমেৰিকা যুক্তৰাষ্ট্র।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক