--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক:    কুকুৰ শৃগাল গদ্দৰ্ভৰো আত্মা ৰাম
                                         জানিয়া সৱাকো পৰি কৰিবা প্ৰণাম...
                                                               -মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ

বনৰীয়া বা পোহনীয়া জীৱৰ সৈতে হওক মানুহৰ সৈতে এক নিবিড় সম্পৰ্ক আছে৷ মানুহৰ দৰে এই জীৱবোৰো মৰম আকলোৱা...মানুহৰ দৰে সিহঁতেও বুজি পায় মৰম আদৰ! সিহঁতেও অনুভৱ কৰে দুখ -কষ্ট! তেনে এক হৃদয় স্পৰ্শী কাহিনীয়ে সৰ্বত্ৰ চৰ্চা লাভ কৰিছে৷এই আৱেগৰ ওচৰত সকলো নতজানু...গৰাকীৰ মৃত্যু হোৱা ঠাইত চাৰিদিন একেথৰেই ৰৈ থাকিল পোহনীয়া কুকুৰটো, ভাবিছিল মানুহজন উভতি আহিব কিন্তু, অপেক্ষাৰ সিপাৰে পৃথিৱীৰ মায়া এৰি গুচি গ’ল তাৰ গৰাকী৷

শেহতীয়া খবৰ অনুসৰি ৰাছিয়াৰ এটা কুকুৰে নিজৰ গৃহস্থৰ প্ৰতি দেখুৱা মৰম অনুগত্যৰ কাহিনীয়ে সকলোৰে হৃদয় স্পৰ্শ কৰি গৈছে৷ বৰফৰ নদীত ডুব গৈ মৃত্যু হোৱাৰ পাছত গৃহস্থৰ আপেক্ষাত কেইবাদিনো ধৰি নদীৰ পাৰত অকলে অপেক্ষা কৰি থাকিল৷ 

ঘটনাক্ৰম অনুসৰি ৫৯ বছৰীয়া মালিক গৰাকী ২৩ ফুট গভীৰ বৰফৰ নদীত পৰি মৃত্যুক আঁকোৱালি লোৱাৰ পাছত। প্ৰিয়জন উভতি অহাৰ আশাত বাৰে বাৰে ৰাছিয়াৰ উফা নদীৰ সেই ঘটনাস্থলীত গৈ ৰৈ থাকে৷ 

যি সময়ত মানুহে মানুহৰ মৰম আদৰ, দুখ,কষ্ট বুজি নেপাই৷ নিজৰ স্বাৰ্থসিদ্ধি কৰিবলৈ নিকৃষ্টতম পৰ্যায়লৈ নামিবলৈ কুণ্ঠাবোধ নকৰে৷ বেলকাৰ এই কহিনীয়ে কৈ গ’ল মনুহতকৈ পশুৱে মানুহতকৈ বেছি মৰম বুজি পায়৷ 

উল্লেখযোগ্য যে ১৯৬০ চনত স্পুটনিক-৫ মহাকাশযানত কক্ষপথলৈ যাত্ৰা কৰা ছোভিয়েট মহাকাশ অভিযানটোত অংশ গ্ৰহণ কৰা কুকুৰৰ ভিতৰত বেলকাও আছিল।

বেলকাৰ গৃহস্থৰ প্ৰতি থকা মৰমে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে৷ ৰাছিয়াত এতিয়া আৱেগৰ বন্যা বোৱাইছে এই মৰম আকলুৱা কুকুৰটোৱে৷ জীৱকুলৰ এনে বিচিত্ৰ গাথাই ক’লা আন্ধাৰতো পোহৰৰ বাত দেখুৱাই, সাৰথি হৈ ৰয় উৰেতু জীৱনৰ বাবে৷

প্ৰসংগক্ৰমে, নেদাৰলেণ্ড হৈছে বিশ্বৰ প্ৰথমখন দেশ য’ত গৃহহীন কুকুৰ বাবে চৰকাৰীভাৱে পদক্ষেপ গ্ৰহণ কৰিছিল৷ অষ্ট্ৰিয়া, ছুইজাৰলেণ্ড, কেনিয়া, ভাৰত, আৰু তাঞ্জানিয়া আদি দেশ সমূহেও পশু কল্যাণৰ বাবে কাম কৰি আহিছে

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক