--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক:    কুকুৰ শৃগাল গদ্দৰ্ভৰো আত্মা ৰাম
                                         জানিয়া সৱাকো পৰি কৰিবা প্ৰণাম...
                                                               -মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ

বনৰীয়া বা পোহনীয়া জীৱৰ সৈতে হওক মানুহৰ সৈতে এক নিবিড় সম্পৰ্ক আছে৷ মানুহৰ দৰে এই জীৱবোৰো মৰম আকলোৱা...মানুহৰ দৰে সিহঁতেও বুজি পায় মৰম আদৰ! সিহঁতেও অনুভৱ কৰে দুখ -কষ্ট! তেনে এক হৃদয় স্পৰ্শী কাহিনীয়ে সৰ্বত্ৰ চৰ্চা লাভ কৰিছে৷এই আৱেগৰ ওচৰত সকলো নতজানু...গৰাকীৰ মৃত্যু হোৱা ঠাইত চাৰিদিন একেথৰেই ৰৈ থাকিল পোহনীয়া কুকুৰটো, ভাবিছিল মানুহজন উভতি আহিব কিন্তু, অপেক্ষাৰ সিপাৰে পৃথিৱীৰ মায়া এৰি গুচি গ’ল তাৰ গৰাকী৷

শেহতীয়া খবৰ অনুসৰি ৰাছিয়াৰ এটা কুকুৰে নিজৰ গৃহস্থৰ প্ৰতি দেখুৱা মৰম অনুগত্যৰ কাহিনীয়ে সকলোৰে হৃদয় স্পৰ্শ কৰি গৈছে৷ বৰফৰ নদীত ডুব গৈ মৃত্যু হোৱাৰ পাছত গৃহস্থৰ আপেক্ষাত কেইবাদিনো ধৰি নদীৰ পাৰত অকলে অপেক্ষা কৰি থাকিল৷ 

ঘটনাক্ৰম অনুসৰি ৫৯ বছৰীয়া মালিক গৰাকী ২৩ ফুট গভীৰ বৰফৰ নদীত পৰি মৃত্যুক আঁকোৱালি লোৱাৰ পাছত। প্ৰিয়জন উভতি অহাৰ আশাত বাৰে বাৰে ৰাছিয়াৰ উফা নদীৰ সেই ঘটনাস্থলীত গৈ ৰৈ থাকে৷ 

যি সময়ত মানুহে মানুহৰ মৰম আদৰ, দুখ,কষ্ট বুজি নেপাই৷ নিজৰ স্বাৰ্থসিদ্ধি কৰিবলৈ নিকৃষ্টতম পৰ্যায়লৈ নামিবলৈ কুণ্ঠাবোধ নকৰে৷ বেলকাৰ এই কহিনীয়ে কৈ গ’ল মনুহতকৈ পশুৱে মানুহতকৈ বেছি মৰম বুজি পায়৷ 

উল্লেখযোগ্য যে ১৯৬০ চনত স্পুটনিক-৫ মহাকাশযানত কক্ষপথলৈ যাত্ৰা কৰা ছোভিয়েট মহাকাশ অভিযানটোত অংশ গ্ৰহণ কৰা কুকুৰৰ ভিতৰত বেলকাও আছিল।

বেলকাৰ গৃহস্থৰ প্ৰতি থকা মৰমে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে৷ ৰাছিয়াত এতিয়া আৱেগৰ বন্যা বোৱাইছে এই মৰম আকলুৱা কুকুৰটোৱে৷ জীৱকুলৰ এনে বিচিত্ৰ গাথাই ক’লা আন্ধাৰতো পোহৰৰ বাত দেখুৱাই, সাৰথি হৈ ৰয় উৰেতু জীৱনৰ বাবে৷

প্ৰসংগক্ৰমে, নেদাৰলেণ্ড হৈছে বিশ্বৰ প্ৰথমখন দেশ য’ত গৃহহীন কুকুৰ বাবে চৰকাৰীভাৱে পদক্ষেপ গ্ৰহণ কৰিছিল৷ অষ্ট্ৰিয়া, ছুইজাৰলেণ্ড, কেনিয়া, ভাৰত, আৰু তাঞ্জানিয়া আদি দেশ সমূহেও পশু কল্যাণৰ বাবে কাম কৰি আহিছে

FOLLOW US F
POPULAR
FEATURE
TRENDY
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
আকাশীগংগাত নিষিদ্ধ থাইলেণ্ড মাগুৰ মাছসহ আটক ২
কাটিগড়াত দুৰ্গাপূজা কমিটিসকলক ৰাজ্য চৰকাৰৰ অনুদান স্বৰূপ চেক বিতৰণ
যোৰহাট ষ্টেডিয়ামত ৩ দিন ধৰি হ'ব শ্রদ্ধাঞ্জলি-অনুষ্ঠান, মুখ্যমন্ত্ৰী ড° শৰ্মাৰ আনুষ্ঠানিক ঘোষণা
৫০ সহস্রাধিক মটকে কঁপালে ডিকম-লাহোৱাল, জনজাতিকৰণ অবিহনে ক্ষান্ত নোহোৱাৰ হুংকাৰ
বাতিল হ'ল তামুলপুৰৰ ডিমিলাপাৰ সাৰ্বজনীন দূৰ্গা পূজাৰ সকলো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান
অপৰাধমূলক গোচৰৰ বিচাৰ প্ৰক্ৰিয়া দৈনন্দিন কৰক, উচ্চ ন্যায়ালয়সমূহক উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ
'জোনমণি ৰুণজুন, তেতিয়া চকুত জোন...', জুবিনৰ গীতৰ জোনমণিৰ সৰু কালৰ ফটো প্রকাশ
জুবিনক হেৰুৱাই ম্রিয়মাণ পৰিৱেশত আজি ষষ্ঠী, উত্তাপহীন শাৰদোৎসৱ