--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গাখীৰ দিয়া চাহ আপোনাৰ প্ৰিয় নেকি? পৰাপক্ষত গাখীৰ দিয়া চাহ নাখাব। এই আহ্বান আমি জনোৱা নাই। এই আহ্বান জনাইছে 
ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে (আইচিএমআৰ)। আইচিএমআৰ-এ  জাৰি কৰা এক নতুন নিৰ্দেশনাত চাহ আৰু কফি খোৱা  লোকসকলক এনে পানীয়ৰ  অত্যধিক ব্যৱহাৰৰ বিষয়ে সতৰ্ক কৰি দিয়াৰ লগতে কেতবোৰ বিশেষ পৰামৰ্শও দিছে। 

 আইচিএমআৰে ৰাষ্ট্ৰীয় পুষ্টি প্ৰতিষ্ঠানৰ (এনআইএন) সহযোগত দেশজুৰি স্বাস্থ্যকৰ খাদ্যাভ্যাসৰ প্ৰচাৰৰ বাবে  ১৭  টা নতুন আহাৰ নিৰ্দেশনা প্ৰকাশ  কৰিছে। এই  নিৰ্দেশনাৱলীয়ে এক বৈচিত্ৰ্যপূৰ্ণ আহাৰৰ গুৰুত্ব আৰু শাৰীৰিকভাৱে সক্ৰিয় হৈ থকাৰ বিষয়ত গুৰুত্ব আৰোপ কৰিছে। গৱেষণাটোৱে গাখীৰ চাহকে ধৰি কেফেইনযুক্ত পানীয়ৰ অত্যধিক ব্যৱহাৰৰ বিষয়তো  উদ্বেগ প্ৰকাশ কৰিছে। আই.চি.এম.আৰ.-ৰ  নিৰ্দেশনাত কোৱা হৈছে যে 'চাহ, কফি আৰু অন্যান্য কেফেইনযুক্ত পানীয়ৰ সৈতে আহাৰ খোৱা  বা আহাৰৰ পিছত চাহ খোৱা পৰিহাৰ কৰিব লাগে। চিকিৎসা সংস্থাটোৱে পৰামৰ্শ দিয়ে যে চাহ বা কফি    আহাৰ খোৱাৰ আগতে আৰু পিছত কমেও এঘণ্টাৰ ব্যৱধানত খাব লাগে ।  

 অত্যধিক চাহ , কফি সেৱনৰ বিৰুদ্ধে সতৰ্ক কৰি দি সংস্থাটোৱে  কৈছে যে চাহ আৰু কফিত থকা কেফেইনে আমাৰ শৰীৰৰ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰক উদ্দীপিত কৰাৰ লগতে চাহ, কফিৰ ওপৰত আমাক নিৰ্ভৰশীল কৰি তোলে।সংস্থাটোৱে প্ৰকাশ কৰে যে কেফেইনযুক্ত পানীয়ত থকা টেনিনে আমাৰ শৰীৰত লো শোষণত বাধা দিব পাৰে।যাৰ ফলত লোৰ অভাৱ হয় আৰু ৰক্তহীনতাৰ দৰে পৰিস্থিতি হ’ব পাৰে। 

ইয়াৰ উপৰি অত্যধিক কফি আৰু চাহ সেৱনে ৰক্তচাপ বৃদ্ধি কৰে আৰু হৃদযন্ত্ৰৰ গতি অনিয়মীয়া  কৰে। আইচিএমআৰৰ নিৰ্দেশনাৱলীয়ে দৈনিক ৩০০ মিগ্ৰা কেফেইন গ্ৰহণৰ পৰামৰ্শ দিছে।উল্লেখ্য ১৫০  মিলি  কফিত ৮০ ৰ পৰা ১২০ মিগ্ৰা কেফেইন থাকে। একেৰদৰে ইনষ্টাণ্ট  কফিত ৫০ ৰ পৰা ৬৫ মিগ্ৰা কেফেইন থাকে। একেদৰে একাপ চাহত ৩০ ৰ পৰা ৬৫  মিগ্ৰা কেফেইন থাকে।   আইচিএমআৰ নিৰ্দেশনাত নাগৰিকসকলক গাখীৰ চাহ পৰিহাৰ কৰাৰ পৰামৰ্শ দিয়া হৈছে আৰু গাখীৰ অবিহনে চাহ খাবলৈ কৈছে। ইয়াত কোৱা হৈছে যে পৰিমিত হাৰত গাখীৰ অবিহনে চাহ খোৱাৰ ফলত ৰক্ত সঞ্চালন উন্নত হয় আৰু কৰোনেৰী ধমনীৰ ৰোগ আৰু পাকস্থলীৰ কৰ্কট ৰোগৰ আশংকা হ্ৰাস পায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বেংক চলাবলৈ অতি প্ৰয়োজনীয় স্থানীয় ভাষা ! কি কি ক'লে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে?
ৰাজনৈতিক কাৰ্যত ব্যৱহাৰ কৰাত ব্রাজিলৰ মডেল লাৰিছাৰ ক্ষোভ,  'ভোট চুৰি'ক লৈ ৰাহুলে প্ৰদৰ্শন কৰা ফটোৰ প্ৰসংগ
আহমেদাবাদত টি-২০ বিশ্ব কাপৰ ফাইনেল, মেচ অনুষ্ঠিত হ'ব দিল্লী-কলকাতা- চেন্নাই- মুম্বাইসহ ৫ স্থানত
জাগীৰোডৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পস্থলী পৰিদৰ্শন কেন্দ্ৰীয় বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমনৰ
৫ বিধায়কৰ ভৱিষ্যৎ অনিশ্চিত, আধা কংগ্রেছী-আধা বিজেপি হোৱাৰ পৰিণতি
লণ্ডনত বৃন্দাৱনী বস্ত্ৰ অসমলৈ অনাৰ চুক্তি কৰিব মুখ্যমন্ত্ৰীয়ে, তিনিদিনীয়া কাৰ্যসূচীৰে ১৫ নৱেম্বৰত ৰাওনা হ'ব ড° শৰ্মা
কুজীডাঁহত শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলাৰ এশ বছৰীয়া জয়ন্তীৰ ব্যাপক প্ৰস্ততি; জুবিন গাৰ্গৰ নামত উছৰ্গা কৰা হৈছে সমূহ কাৰ্যসূচী
মুখ্যমন্ত্ৰীক সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ স্মাৰকপত্ৰ প্ৰদান
গোসাঁইগাঁও আৰ এন বি অসামৰিক চিকিৎসালয়ত চিকিৎসাৰ গাফিলতিত প্ৰসূতিৰ মৃত্যু
প্ৰাণৰ শিল্পীগৰাকীৰ বাবেই তেজপুৰত টিকট নাপাই ডিমা হাছাওলৈ ঢাপলি মেলিলে ৭ অনুৰাগীয়ে
ডিব্ৰুগড়ত সাহিত্যিক নগেন শইকীয়াক অসম সাহিত্য সভাৰ সন্মান জ্ঞাপন; সাহিত্যিকগৰাকীৰ চকুত চকুলো
অন্ধ্ৰপ্ৰদেশৰ ভেংকটেশ্বৰ স্বামী মন্দিৰত পদপিষ্ট হৈ ১০ ভক্তৰ শোকাৱহ মৃত্যু
চিনেমা হলৰ অভাৱঃ 'ৰৈ ৰৈ বিনালে' চোৱাৰ পৰা বঞ্চিত মাজুলীবাসী
ঢাকাত স্থাপন আই এছ আইৰ ঘাটি, ভাৰতৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিবলৈ পাকিস্তানক বাংলাদেশৰ ভূমি ব্যৱহাৰৰ অনুমতি