--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গাখীৰ দিয়া চাহ আপোনাৰ প্ৰিয় নেকি? পৰাপক্ষত গাখীৰ দিয়া চাহ নাখাব। এই আহ্বান আমি জনোৱা নাই। এই আহ্বান জনাইছে 
ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে (আইচিএমআৰ)। আইচিএমআৰ-এ  জাৰি কৰা এক নতুন নিৰ্দেশনাত চাহ আৰু কফি খোৱা  লোকসকলক এনে পানীয়ৰ  অত্যধিক ব্যৱহাৰৰ বিষয়ে সতৰ্ক কৰি দিয়াৰ লগতে কেতবোৰ বিশেষ পৰামৰ্শও দিছে। 

 আইচিএমআৰে ৰাষ্ট্ৰীয় পুষ্টি প্ৰতিষ্ঠানৰ (এনআইএন) সহযোগত দেশজুৰি স্বাস্থ্যকৰ খাদ্যাভ্যাসৰ প্ৰচাৰৰ বাবে  ১৭  টা নতুন আহাৰ নিৰ্দেশনা প্ৰকাশ  কৰিছে। এই  নিৰ্দেশনাৱলীয়ে এক বৈচিত্ৰ্যপূৰ্ণ আহাৰৰ গুৰুত্ব আৰু শাৰীৰিকভাৱে সক্ৰিয় হৈ থকাৰ বিষয়ত গুৰুত্ব আৰোপ কৰিছে। গৱেষণাটোৱে গাখীৰ চাহকে ধৰি কেফেইনযুক্ত পানীয়ৰ অত্যধিক ব্যৱহাৰৰ বিষয়তো  উদ্বেগ প্ৰকাশ কৰিছে। আই.চি.এম.আৰ.-ৰ  নিৰ্দেশনাত কোৱা হৈছে যে 'চাহ, কফি আৰু অন্যান্য কেফেইনযুক্ত পানীয়ৰ সৈতে আহাৰ খোৱা  বা আহাৰৰ পিছত চাহ খোৱা পৰিহাৰ কৰিব লাগে। চিকিৎসা সংস্থাটোৱে পৰামৰ্শ দিয়ে যে চাহ বা কফি    আহাৰ খোৱাৰ আগতে আৰু পিছত কমেও এঘণ্টাৰ ব্যৱধানত খাব লাগে ।  

 অত্যধিক চাহ , কফি সেৱনৰ বিৰুদ্ধে সতৰ্ক কৰি দি সংস্থাটোৱে  কৈছে যে চাহ আৰু কফিত থকা কেফেইনে আমাৰ শৰীৰৰ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰক উদ্দীপিত কৰাৰ লগতে চাহ, কফিৰ ওপৰত আমাক নিৰ্ভৰশীল কৰি তোলে।সংস্থাটোৱে প্ৰকাশ কৰে যে কেফেইনযুক্ত পানীয়ত থকা টেনিনে আমাৰ শৰীৰত লো শোষণত বাধা দিব পাৰে।যাৰ ফলত লোৰ অভাৱ হয় আৰু ৰক্তহীনতাৰ দৰে পৰিস্থিতি হ’ব পাৰে। 

ইয়াৰ উপৰি অত্যধিক কফি আৰু চাহ সেৱনে ৰক্তচাপ বৃদ্ধি কৰে আৰু হৃদযন্ত্ৰৰ গতি অনিয়মীয়া  কৰে। আইচিএমআৰৰ নিৰ্দেশনাৱলীয়ে দৈনিক ৩০০ মিগ্ৰা কেফেইন গ্ৰহণৰ পৰামৰ্শ দিছে।উল্লেখ্য ১৫০  মিলি  কফিত ৮০ ৰ পৰা ১২০ মিগ্ৰা কেফেইন থাকে। একেৰদৰে ইনষ্টাণ্ট  কফিত ৫০ ৰ পৰা ৬৫ মিগ্ৰা কেফেইন থাকে। একেদৰে একাপ চাহত ৩০ ৰ পৰা ৬৫  মিগ্ৰা কেফেইন থাকে।   আইচিএমআৰ নিৰ্দেশনাত নাগৰিকসকলক গাখীৰ চাহ পৰিহাৰ কৰাৰ পৰামৰ্শ দিয়া হৈছে আৰু গাখীৰ অবিহনে চাহ খাবলৈ কৈছে। ইয়াত কোৱা হৈছে যে পৰিমিত হাৰত গাখীৰ অবিহনে চাহ খোৱাৰ ফলত ৰক্ত সঞ্চালন উন্নত হয় আৰু কৰোনেৰী ধমনীৰ ৰোগ আৰু পাকস্থলীৰ কৰ্কট ৰোগৰ আশংকা হ্ৰাস পায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ