--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : শীতকালতেই হওক বা গ্ৰীষ্মকালতেই হওক নিশা শুবলৈ যোৱাৰ আগতে এগিলাচ গাখীৰ খোৱাৰ অভ্যাস বহু লোকৰে আছে। পুষ্টিবিদসকলেও দৈনন্দিন খাদ্য তালিকাত গাখীৰ অন্তৰ্ভুক্ত কৰিবলৈ পৰামৰ্শ আগবঢ়ায়। বহু লোকে গাখীৰত চেনি মিহলাই খাই ভালপায়, কিন্তু পুষ্টিবিদসকলে ইয়াক অতি অনুপযোগী বুলি গণ্য কৰে। যদি অকল গাখীৰ খাব নোৱাৰে তেন্তে চেনিৰ সলনি গুড় মিহলাই খাব পাৰে বুলি পুষ্টিবিদসকলে কয়। কাৰণ চেনীতকৈ গুড় সহজে হজম হয়। গুড়ত কেলচিয়ামৰ লগতে ফছফৰাছ থাকে। ইয়াৰ উপৰি মেগনেছিয়াম, পটাছিয়াম, আইৰন আদি উপকাৰী খনিজ পদাৰ্থ থাকে। গুড়ত চেনিতকৈ বেছি খনিজ পদাৰ্থ থাকে। গুড়ৰ পুষ্টিগুণ মৌৰ সমান।

 আনহাতে গাখীৰ হৈছে কেলচিয়ামৰ প্ৰধান উৎস। চেনিৰ সলনি গুড় গৰম গাখীৰৰ লগত মিহলাই খালে হিম’গ্লবিনৰ মাত্ৰা বৃদ্ধি পায়। ৰক্তহীনতাত ভোগাসকলে গাখীৰৰ লগত মিহলি গুড় খাব পাৰে। ইয়াৰ বাহিৰেও গৰ্ভাৱস্থাত গাখীৰৰ সৈতে গুৰ খালে শাৰীৰিক অৱসাদ দূৰ হয়। দুৰ্বলতা হ্ৰাস পায়।

 কেৱল শৰীৰেই নহয়, গাখীৰ আৰু গুড়ৰ সংমিশ্ৰণে ছালৰ বাবেও অতি উত্তম। গাখীৰৰ লগত মিহলি গুড় খালে ভিতৰৰ পৰা তেজ পৰিষ্কাৰ হয়। ফলত ব্ৰণ, ছালৰ দাগ আৰু ছালৰ লগত জড়িত আনুষংগিক সকলো সমস্যা সহজে দূৰ কৰে। ইয়াৰ বাহিৰেও গাখীৰৰ লগত গুড় মিহলাই খালে কলাজেন নামৰ পুষ্টিকৰ উপাদান যোগান ধৰিব পাৰি। ফলত ছালখন কোমল আৰু মসৃণ হয়। ইয়াৰ উপৰি এমিনো এচিডসমৃদ্ধ গুড়ে ছালৰ বাবে মইশ্ব’ৰাইজাৰ হিচাপে কাম কৰে। গাখীৰত থকা এন্টিঅক্সিডেন্টে ছালৰ অকাল বয়স বৃদ্ধি ৰোধ কৰাৰ লগতে পাচনতন্ত্ৰ সুস্থ কৰি ৰাখে। ইয়াৰ বাহিৰেও গাখীৰৰ লগত গুৰ মিহলাই খালে ৰক্তচাপ নিয়ন্ত্ৰণ থাকে।ো









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক