--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : শীতকালতেই হওক বা গ্ৰীষ্মকালতেই হওক নিশা শুবলৈ যোৱাৰ আগতে এগিলাচ গাখীৰ খোৱাৰ অভ্যাস বহু লোকৰে আছে। পুষ্টিবিদসকলেও দৈনন্দিন খাদ্য তালিকাত গাখীৰ অন্তৰ্ভুক্ত কৰিবলৈ পৰামৰ্শ আগবঢ়ায়। বহু লোকে গাখীৰত চেনি মিহলাই খাই ভালপায়, কিন্তু পুষ্টিবিদসকলে ইয়াক অতি অনুপযোগী বুলি গণ্য কৰে। যদি অকল গাখীৰ খাব নোৱাৰে তেন্তে চেনিৰ সলনি গুড় মিহলাই খাব পাৰে বুলি পুষ্টিবিদসকলে কয়। কাৰণ চেনীতকৈ গুড় সহজে হজম হয়। গুড়ত কেলচিয়ামৰ লগতে ফছফৰাছ থাকে। ইয়াৰ উপৰি মেগনেছিয়াম, পটাছিয়াম, আইৰন আদি উপকাৰী খনিজ পদাৰ্থ থাকে। গুড়ত চেনিতকৈ বেছি খনিজ পদাৰ্থ থাকে। গুড়ৰ পুষ্টিগুণ মৌৰ সমান।

 আনহাতে গাখীৰ হৈছে কেলচিয়ামৰ প্ৰধান উৎস। চেনিৰ সলনি গুড় গৰম গাখীৰৰ লগত মিহলাই খালে হিম’গ্লবিনৰ মাত্ৰা বৃদ্ধি পায়। ৰক্তহীনতাত ভোগাসকলে গাখীৰৰ লগত মিহলি গুড় খাব পাৰে। ইয়াৰ বাহিৰেও গৰ্ভাৱস্থাত গাখীৰৰ সৈতে গুৰ খালে শাৰীৰিক অৱসাদ দূৰ হয়। দুৰ্বলতা হ্ৰাস পায়।

 কেৱল শৰীৰেই নহয়, গাখীৰ আৰু গুড়ৰ সংমিশ্ৰণে ছালৰ বাবেও অতি উত্তম। গাখীৰৰ লগত মিহলি গুড় খালে ভিতৰৰ পৰা তেজ পৰিষ্কাৰ হয়। ফলত ব্ৰণ, ছালৰ দাগ আৰু ছালৰ লগত জড়িত আনুষংগিক সকলো সমস্যা সহজে দূৰ কৰে। ইয়াৰ বাহিৰেও গাখীৰৰ লগত গুড় মিহলাই খালে কলাজেন নামৰ পুষ্টিকৰ উপাদান যোগান ধৰিব পাৰি। ফলত ছালখন কোমল আৰু মসৃণ হয়। ইয়াৰ উপৰি এমিনো এচিডসমৃদ্ধ গুড়ে ছালৰ বাবে মইশ্ব’ৰাইজাৰ হিচাপে কাম কৰে। গাখীৰত থকা এন্টিঅক্সিডেন্টে ছালৰ অকাল বয়স বৃদ্ধি ৰোধ কৰাৰ লগতে পাচনতন্ত্ৰ সুস্থ কৰি ৰাখে। ইয়াৰ বাহিৰেও গাখীৰৰ লগত গুৰ মিহলাই খালে ৰক্তচাপ নিয়ন্ত্ৰণ থাকে।ো









FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু