--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ভাৰতৰ অধিকাংশ লোকে গাখীৰৰ লগত ঔষধ খায়। কিছুমানে ৰস আৰু শীতল পানীয়ৰ লগতো ঔষধ সেৱন কৰে। কিন্তু তেনে কৰাটো উচিতনে? গাখীৰৰ লগত সকলো ধৰণৰ ঔষধ খাব পাৰিনে? আচলতে গাখীৰত কেলচিয়াম প্ৰচুৰ পৰিমাণে থাকে, সেয়েহে এই কেলচিয়ামে বহু ঔষধৰ প্ৰভাৱ হ্ৰাস কৰিব পাৰে। কিন্তু কোনবোৰ ঔষধৰ লগত গাখীৰ সেৱন কৰিব নোৱাৰি জানো আহক।

 * ঔষধ গ্ৰহণৰ বাবে গাখীৰ ব্যৱহাৰ কৰা উচিত নেকি?

ভাৰতৰ বেছিভাগ লোকে গাখীৰৰ লগত ঔষধ খোৱা দেখিবলৈ পোৱা যায়, বিশেষকৈ বৃদ্ধসকলে এই কামটো বেছিকৈ কৰে। জাৰ্মান এছ’চিয়েশ্যন অব ফাৰ্মাচিষ্টৰ মুখপাত্ৰ উৰ্চুলা চেলাৰবাৰ্গে এক প্ৰতিবেদনত কয় যে গাখীৰৰ দৰে পানীয়ই এই ঔষধৰ প্ৰভাৱ হ্ৰাস কৰিব পাৰে। আচলতে গাখীৰত কেলচিয়াম থাকে যিয়ে ঔষধত থকা গুণসমূহক তেজত মিহলি হোৱাত বাধা দিব পাৰে। গতিকে ইয়াৰ ফলত ঔষধৰ প্ৰভাৱ কমি যাব পাৰে। এই কাৰণেই বেছিভাগ চিকিৎসকে গাখীৰৰ লগত ঔষধ সেৱন নকৰিবলৈ পৰামৰ্শ আগবঢ়ায়।

 * কোনবোৰ ঔষধৰ লগত গাখীৰৰ খাব নালাগে-

গাখীৰৰ লগত কোনো ঔষধ খোৱাটোৱেই উচিত নহয়, যদিও ইয়াৰ ভিতৰত এন্টিবায়টিক অন্যতম। যদি আপুনি এন্টিবায়টিক গ্ৰহণ কৰি আছে তেন্তে ভুলতো গাখীৰৰ লগত খাব নালাগে। যদি আপুনি এন্টিবায়টিক ঔষধ গাখীৰ বা আন কোনো দুগ্ধজাত সামগ্ৰীৰ সৈতে খায়, তেন্তে ঔষধৰ প্ৰভাৱ হ্ৰাস পায়। বহু সময়ত ইয়াৰ ফলত আপোনাৰ পেটৰো সমস্যা হ’ব পাৰে।

 * ৰসৰ লগত ঔষধ খাব পাৰিনে?

কোনো ফলৰ ৰসৰ সৈতে ঔষধ সেৱন কৰাটো অনুচিত। জাৰ্মান এছ’চিয়েশ্যন অব ফাৰ্মাচিষ্টৰ মুখপাত্ৰ উৰ্চুলা চেলাৰবাৰ্গে তেওঁৰ প্ৰতিবেদনত কয় যে ৰস আমাৰ শৰীৰত পোৱাৰ লগে লগে ই ঔষধটো শৰীৰত দ্ৰৱীভূত হোৱাত সহায় কৰা এনজাইমবোৰক বাধা প্ৰদান কৰিবলৈ আৰম্ভ কৰে। ইয়াৰ ফলত ঔষধৰ প্ৰভাৱো হ্ৰাস পাবলৈ ধৰে। সেইবাবেই ঔষধ লগত কেৱল পানীৰ খোৱাটোকে উচিত বুলি গণ্য কৰা হয়। গাখীৰ আৰু কোনো ফলৰ ৰসৰ লগত ঔষধ খোৱাৰ পৰা বিৰত থকাটোৱেই স্বাস্থ্যৰ বাবে উচিত বুলি বিজ্ঞানে সদৰী কৰে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু