--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ভাৰতৰ অধিকাংশ লোকে গাখীৰৰ লগত ঔষধ খায়। কিছুমানে ৰস আৰু শীতল পানীয়ৰ লগতো ঔষধ সেৱন কৰে। কিন্তু তেনে কৰাটো উচিতনে? গাখীৰৰ লগত সকলো ধৰণৰ ঔষধ খাব পাৰিনে? আচলতে গাখীৰত কেলচিয়াম প্ৰচুৰ পৰিমাণে থাকে, সেয়েহে এই কেলচিয়ামে বহু ঔষধৰ প্ৰভাৱ হ্ৰাস কৰিব পাৰে। কিন্তু কোনবোৰ ঔষধৰ লগত গাখীৰ সেৱন কৰিব নোৱাৰি জানো আহক।

 * ঔষধ গ্ৰহণৰ বাবে গাখীৰ ব্যৱহাৰ কৰা উচিত নেকি?

ভাৰতৰ বেছিভাগ লোকে গাখীৰৰ লগত ঔষধ খোৱা দেখিবলৈ পোৱা যায়, বিশেষকৈ বৃদ্ধসকলে এই কামটো বেছিকৈ কৰে। জাৰ্মান এছ’চিয়েশ্যন অব ফাৰ্মাচিষ্টৰ মুখপাত্ৰ উৰ্চুলা চেলাৰবাৰ্গে এক প্ৰতিবেদনত কয় যে গাখীৰৰ দৰে পানীয়ই এই ঔষধৰ প্ৰভাৱ হ্ৰাস কৰিব পাৰে। আচলতে গাখীৰত কেলচিয়াম থাকে যিয়ে ঔষধত থকা গুণসমূহক তেজত মিহলি হোৱাত বাধা দিব পাৰে। গতিকে ইয়াৰ ফলত ঔষধৰ প্ৰভাৱ কমি যাব পাৰে। এই কাৰণেই বেছিভাগ চিকিৎসকে গাখীৰৰ লগত ঔষধ সেৱন নকৰিবলৈ পৰামৰ্শ আগবঢ়ায়।

 * কোনবোৰ ঔষধৰ লগত গাখীৰৰ খাব নালাগে-

গাখীৰৰ লগত কোনো ঔষধ খোৱাটোৱেই উচিত নহয়, যদিও ইয়াৰ ভিতৰত এন্টিবায়টিক অন্যতম। যদি আপুনি এন্টিবায়টিক গ্ৰহণ কৰি আছে তেন্তে ভুলতো গাখীৰৰ লগত খাব নালাগে। যদি আপুনি এন্টিবায়টিক ঔষধ গাখীৰ বা আন কোনো দুগ্ধজাত সামগ্ৰীৰ সৈতে খায়, তেন্তে ঔষধৰ প্ৰভাৱ হ্ৰাস পায়। বহু সময়ত ইয়াৰ ফলত আপোনাৰ পেটৰো সমস্যা হ’ব পাৰে।

 * ৰসৰ লগত ঔষধ খাব পাৰিনে?

কোনো ফলৰ ৰসৰ সৈতে ঔষধ সেৱন কৰাটো অনুচিত। জাৰ্মান এছ’চিয়েশ্যন অব ফাৰ্মাচিষ্টৰ মুখপাত্ৰ উৰ্চুলা চেলাৰবাৰ্গে তেওঁৰ প্ৰতিবেদনত কয় যে ৰস আমাৰ শৰীৰত পোৱাৰ লগে লগে ই ঔষধটো শৰীৰত দ্ৰৱীভূত হোৱাত সহায় কৰা এনজাইমবোৰক বাধা প্ৰদান কৰিবলৈ আৰম্ভ কৰে। ইয়াৰ ফলত ঔষধৰ প্ৰভাৱো হ্ৰাস পাবলৈ ধৰে। সেইবাবেই ঔষধ লগত কেৱল পানীৰ খোৱাটোকে উচিত বুলি গণ্য কৰা হয়। গাখীৰ আৰু কোনো ফলৰ ৰসৰ লগত ঔষধ খোৱাৰ পৰা বিৰত থকাটোৱেই স্বাস্থ্যৰ বাবে উচিত বুলি বিজ্ঞানে সদৰী কৰে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক