--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গাখীৰ খোৱাৰ উপকাৰিতাৰ বিষয়ে আমি সকলোৱে জানো। গাখীৰক সম্পূৰ্ণ খাদ্য বুলি কোৱা হয়, ইয়াত সকলো ধৰণৰ পুষ্টিকৰ উপাদান থাকে যিবোৰ আমাৰ শৰীৰৰ বাবে অতি উপকাৰী। গাখীৰৰ উপকাৰিতা বৃদ্ধি কৰিবলৈ বহুতে বহু বস্তু মিহলায়। ইয়াৰ ভিতৰত এটা উপাদান হৈছে তুলসী পাত। তুলসী পাত বহু ঔষধি গুণেৰে ভৰপূৰ। ভাৰতৰ প্ৰায়বোৰ ঘৰতে তুলসী গছ পোৱা যায়। ভাৰতৰ বিখ্যাত পুষ্টি বিশেষজ্ঞ নিখিল বাৎস্যই কয় যে যদি তুলসীৰ পাত গাখীৰত সিজাই পান কৰা হয় তেন্তে ইয়াৰ জৰিয়তে বহু ৰোগৰ পৰা মুক্তি পাব পাৰি।

গাখীৰত সিজোৱা তুলসী পাত খোৱাৰ উপকাৰিতা

১) হাঁপানী ৰোগঃ যদি আপুনি হাঁপানী বা শ্বাস-প্ৰশ্বাসজনিত সমস্যাত ভুগিছে ​​তেন্তে ইয়াৰ পৰা হাত সাৰিবলৈ গাখীৰত তুলসী পাত উতলাই খাব লাগে। এনে কৰিলে হাঁপানী ৰোগীয়ে বহুত সকাহ পায়।

২) মাইগ্ৰেইনঃ বৰ্তমান যুগত মাইগ্ৰেইন ৰোগীৰ সংখ্যা বহু পৰিমাণে বৃদ্ধি পাইছে, যাৰ ফলত মানুহে প্ৰায়ে মূৰৰ বিষত অসুবিধা পায়। যদি নিয়মিতভাৱে তুলসী আৰু গাখীৰ সেৱন কৰা হয়, তেন্তে এই সমস্যা দূৰ কৰিব পৰা যায়।
 
৩) ডিপ্ৰেছনঃ ব্যস্ত জীৱনশৈলী, অফিচৰ কামৰ বোজা, পাৰিবাৰিক বিবাদ, প্ৰেম আৰু বন্ধুত্বত প্ৰতাৰণা, ঋণৰ বাবে মানুহ প্ৰায়ে ডিপ্ৰেছনৰ বলি হৈ পৰে। এনে অৱস্থাত তুলসী গাখীৰ সেৱন কৰিলে সকলো ধৰণৰ চিন্তা দূৰ কৰিব পৰা যায় আৰু উত্তেজনাও দূৰ হয়।

৪) কিডনী ষ্টোনঃ আজিকালি দূষিত খাদ্য খোৱাৰ ফলত বৃক্কৰ পাথৰ সমস্যা বাঢ়িছে। এনে অৱস্থাত গাখীৰত উতলাই তুলসী পাত খাব লাগে। পাথৰ আৰু বৃক্কৰ বিষৰ সমস্যা দূৰ হৈ যায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ