--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ দুই যুৱকৰ মাজত দুৰ্দান্ত প্ৰেম। এই প্ৰেমকে দুয়ো দিলে বিবাহৰ ৰূপ। তেলেংগানাত আনুষ্ঠানিকভাৱে সম্পন্ন হ'ল প্ৰথমখন গে' বিবাহ অৰ্থাৎ সমকামী বিবাহ। সুপ্ৰিয় চক্ৰৱৰ্তী আৰু অভয় দাং নামৰ দুজন যুৱক সুদীৰ্ঘ ১০ বছৰীয়া প্ৰেমৰ অন্তত বিবাহপাশত আৱদ্ধ হ'ল। বিবাহপাশত আৱদ্ধ হৈ সুপ্ৰিয় আৰু অভয়ে নিজৰ সম্পৰ্কক আৰু অধিক শক্তিশালী কৰিলে। সুপ্ৰিয়ই নিজৰ বিয়াখনক লৈ কয় যে তেওঁলোকৰ বিবাহে সকলোকে এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিছে। এই বিবাহে বুজাই দিলে যে সুখী হ'বলৈ কোনো অনুমতিৰ প্ৰয়োজন নাই।

৩৪ বছৰীয়া অভয় আৰু ৩১ বছৰীয়া সুপ্ৰিয়ই ইজনে সিজনক আঙুঠি পিন্ধাই তেলেংগানাৰ এখন সুন্দৰ ৰিজ'ৰ্টত বিবাহপাশত আৱদ্ধ হয়। এই বিয়াত প্ৰেমিকযুগলৰ পৰিয়াল উপস্থিত থকাৰ লগতে বন্ধুবৰ্গ আৰু LGBT কমিউনিটী উপস্থিত আছিল। অভয় আৰু সুপ্ৰিয়ই বেচ্চলৰ পাৰ্টিৰ ফটোও ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছিল।

দুয়ো চিৰজীৱনলৈ এক হ'বলৈ পাই অত্যন্ত সুখ অনুভৱ কৰিছে। এই নৱ দম্পতীয়ে কয় যে জীৱনৰ বাটত সকলো সুখ-দুখ একেলগে ভগাই লৈ আগুৱাই যাব..এই যাত্ৰাত মৰম আৰু ভালপোৱা হ'ব সহযাত্ৰী।

উল্লেখ্য যে এই বিয়াখন বেংগলী আৰু পঞ্জাৱী দুয়োটা জাতিৰ নিয়ম অনুসৰি সম্পন্ন হয়। অভয় আৰু সুপ্ৰিয়ই নিজৰ দুহাতত মেহেন্দীও আঁকিছিল। তেওঁলোকে কয় যে ''বিয়াত সদায় কইনাহে মেহেন্দী লগায়.. কিন্তু আমি সেই নিৰ্দিষ্ট নিয়ম ভাঙি দেখুৱালো যে আমিও মেহেন্দীও লগাব পাৰোঁ''। সুপ্ৰিয় চক্ৰৱৰ্তী আৰু অভয় দাঙৰ দাম্পত্য জীৱন সুখৰ হ'বলৈ শুভকামনা জনাইছে শুভাকাংক্ষীসকলে।

আৰু পঢ়কঃ খাদ্যত বিষক্ৰিয়া! হাস্পতালত ভৰ্তি আই-ফোন নিৰ্মাণ প্ৰতিষ্ঠানৰ ২৫৬জন কৰ্মচাৰী


FOLLOW US F
POPULAR
FEATURE
TRENDY
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম