--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ দুই যুৱকৰ মাজত দুৰ্দান্ত প্ৰেম। এই প্ৰেমকে দুয়ো দিলে বিবাহৰ ৰূপ। তেলেংগানাত আনুষ্ঠানিকভাৱে সম্পন্ন হ'ল প্ৰথমখন গে' বিবাহ অৰ্থাৎ সমকামী বিবাহ। সুপ্ৰিয় চক্ৰৱৰ্তী আৰু অভয় দাং নামৰ দুজন যুৱক সুদীৰ্ঘ ১০ বছৰীয়া প্ৰেমৰ অন্তত বিবাহপাশত আৱদ্ধ হ'ল। বিবাহপাশত আৱদ্ধ হৈ সুপ্ৰিয় আৰু অভয়ে নিজৰ সম্পৰ্কক আৰু অধিক শক্তিশালী কৰিলে। সুপ্ৰিয়ই নিজৰ বিয়াখনক লৈ কয় যে তেওঁলোকৰ বিবাহে সকলোকে এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিছে। এই বিবাহে বুজাই দিলে যে সুখী হ'বলৈ কোনো অনুমতিৰ প্ৰয়োজন নাই।

৩৪ বছৰীয়া অভয় আৰু ৩১ বছৰীয়া সুপ্ৰিয়ই ইজনে সিজনক আঙুঠি পিন্ধাই তেলেংগানাৰ এখন সুন্দৰ ৰিজ'ৰ্টত বিবাহপাশত আৱদ্ধ হয়। এই বিয়াত প্ৰেমিকযুগলৰ পৰিয়াল উপস্থিত থকাৰ লগতে বন্ধুবৰ্গ আৰু LGBT কমিউনিটী উপস্থিত আছিল। অভয় আৰু সুপ্ৰিয়ই বেচ্চলৰ পাৰ্টিৰ ফটোও ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছিল।

দুয়ো চিৰজীৱনলৈ এক হ'বলৈ পাই অত্যন্ত সুখ অনুভৱ কৰিছে। এই নৱ দম্পতীয়ে কয় যে জীৱনৰ বাটত সকলো সুখ-দুখ একেলগে ভগাই লৈ আগুৱাই যাব..এই যাত্ৰাত মৰম আৰু ভালপোৱা হ'ব সহযাত্ৰী।

উল্লেখ্য যে এই বিয়াখন বেংগলী আৰু পঞ্জাৱী দুয়োটা জাতিৰ নিয়ম অনুসৰি সম্পন্ন হয়। অভয় আৰু সুপ্ৰিয়ই নিজৰ দুহাতত মেহেন্দীও আঁকিছিল। তেওঁলোকে কয় যে ''বিয়াত সদায় কইনাহে মেহেন্দী লগায়.. কিন্তু আমি সেই নিৰ্দিষ্ট নিয়ম ভাঙি দেখুৱালো যে আমিও মেহেন্দীও লগাব পাৰোঁ''। সুপ্ৰিয় চক্ৰৱৰ্তী আৰু অভয় দাঙৰ দাম্পত্য জীৱন সুখৰ হ'বলৈ শুভকামনা জনাইছে শুভাকাংক্ষীসকলে।

আৰু পঢ়কঃ খাদ্যত বিষক্ৰিয়া! হাস্পতালত ভৰ্তি আই-ফোন নিৰ্মাণ প্ৰতিষ্ঠানৰ ২৫৬জন কৰ্মচাৰী


FOLLOW US F
POPULAR
FEATURE
TRENDY
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ