--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ আই-ফোন নিৰ্মাণকাৰী এটা প্ৰতিষ্ঠানত ঘটিছে অঘটন। প্ৰতিষ্ঠানটোৰ খাদ্যত বিষক্ৰিয়া ঘটি হাস্পতালত ভৰ্তি ২০০-ৰো অধিক কৰ্মচাৰী।এই ঘটনা সংঘটিত হৈছে ভাৰতৰ তামিলনাডুত থকা আই-ফোন নিৰ্মাণকাৰী প্ৰতিষ্ঠান ফক্সক’নত। তামিলনাডুৰ শ্ৰীপেৰুমবুদুৰত এই ফক্সক’নৰ কাৰাখানাটো আছে য’ত বিশ্বৰ বিখ্যাত এপ’ল কোম্পানীৰ আই-ফোন প্ৰস্তুত কৰা হয়।

ফক্সক’নত কাম কৰা কৰ্মচাৰীসকলে টিফিন টাইমত কাৰাখানাটোৰ খাদ্য গ্ৰহণ কৰি ডায়েৰিয়াত ভোগে যাৰ ফলত অধিকাংশ কৰ্মচাৰীকে হাস্পতালত ভৰ্তি কৰাবলগীয়া হয়। ২৫৬ গৰাকী কৰ্মচাৰীক হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসাৰ অন্তত ১৫৫ গৰাকী সুস্থ হৈ ঘৰলৈ উভতি যায়। ১০১ গৰাকী এতিয়াও চিকিৎসাধীন হৈ আছে। এগৰাকী মহিলা কৰ্মচাৰীৰ মৃত্যু হোৱা বুলি প্ৰচাৰ হয় যদিও ফক্সক’ন কৰ্তৃপক্ষই এয়া উৰাবাতৰি বুলি সদৰী কৰে। খাদ্যৰ বিষক্ৰিয়াৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। আৰক্ষীয়ে ঘটনাটোৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।

আৰু পঢ়কঃ আজিৰে পৰা ৫ দিনীয়া কার্যসূচীৰে অনুষ্ঠিত অসম বিধানসভাৰ শীতকালীন অধিৱেশন


FOLLOW US F
POPULAR
FEATURE
TRENDY
গোৱালপাৰাত অবৈধভাৱে সৰবৰাহ কৰা গৰুসহ মেঘালয়ৰ দুজন লোকক আটক
মুকালমুৱা আৰক্ষীৰ বৃহৎ সফলতা! জালত পৰিল ৯ চাইবাৰ অপৰাধী
'উইজডেন'ৰ বিশ্বৰ ৪০জন উদীয়মান ক্রিকেটাৰৰ তালিকাত ৰিয়ান পৰাগ
টিংখাঙত শোকাৱহ পথ দুৰ্ঘটনা! দুচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষত দুজন নিহত, আহত দুজন
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক