--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজিকালি মানুহৰ খাদ্য ইমানেই বেয়া হৈ পৰিছে বহু মানুহৰে গেছৰ সমস্যা হয়। ভাৰতত তেলীযুক্ত আৰু মছলাযুক্ত খাদ্যপ্ৰেমীৰ অভাৱ নাই। ইয়াৰ সোৱাদে সকলোকে নিজৰ ফালে টানি আনে, কিন্তু ই স্বাস্থ্যৰ যথেষ্ট ক্ষতি কৰে। ইয়াৰ সেৱনৰ বাবে হজম শক্তিৰ লগত জড়িত সমস্যা আৰম্ভ হয়, যাৰ ফলত গেছৰ সৃষ্টি হয়। যদি আপোনাৰো এই ধৰণৰ সমস্যা আছে, তেন্তে কিছুমান সহজ কৌশলৰ জৰিয়তে আপুনি সকাহ পাব পাৰে।

গেছৰ পৰা মুক্তি পাবলৈ কৌশল

১) কুহুমীয়া পানী খাব লাগেঃ যদি আপোনাৰ প্ৰায়ে গেছৰ সমস্যা হয়, তেন্তে আজিৰে পৰা কুহুমীয়া পানী খোৱাৰ অভ্যাস গঢ়ি তোলক। ইয়াৰ ফলত গেছ বাহিৰ কৰাত সহজ হ’ব আৰু গেছ গঠন নহ’ব। গৰম পানী খালে হজম শক্তি খৰতকীয়া হয়, যাৰ ফলত পেটত যথেষ্ট সকাহ পোৱা যায়।

২) বজ্ৰাসন কৰাঃ গেছৰ পৰা মুক্তি পাবলৈ যোগাসনৰ সহায় ল’ব পাৰে। বজ্ৰাসন ভংগীমাত বহিব। প্ৰতিদিনে কমেও ১৫ মিনিট এই আসন কৰিলে তেতিয়া পাচনতন্ত্ৰ অতি শক্তিশালী হৈ উঠিব।

৩) খাদ্য চোবাই থাকোতে কথা নাপাতিবঃ বহু স্বাস্থ্য বিশেষজ্ঞৰ মতে খাদ্য খোৱাৰ সময়ত মুখখন বেছিকৈ মেলিলে পেটত বায়ু ভৰি পৰিব পাৰে। সেইবাবেই কথা বন্ধ কৰি খাদ্য চোবাই খোৱাটো ভাল, এনে কৰিলে গেছৰ সমস্যা দূৰ হ’ব পাৰে।

৪) হট ৱাটাৰ বেগ ব্যৱহাৰ কৰাঃ যেতিয়া পেটত গেছ অত্যধিক বৃদ্ধি পায় তেতিয়া হট ৱাটাৰ বেগ এটা লৈ পেটৰ ওচৰত ৰাখক, যদি আপোনাৰ এই বস্তু নাই তেন্তে গৰম পানীৰে তিয়াই থোৱা টাৱেল ব্যৱহাৰ কৰক। এই থেৰাপীৰ দ্বাৰা গেষ্ট্ৰাইটিছৰ সমস্যা তৎক্ষণাত নাইকিয়া হ’বলৈ আৰম্ভ কৰিব।








FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু