--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজিকালি মানুহৰ খাদ্য ইমানেই বেয়া হৈ পৰিছে বহু মানুহৰে গেছৰ সমস্যা হয়। ভাৰতত তেলীযুক্ত আৰু মছলাযুক্ত খাদ্যপ্ৰেমীৰ অভাৱ নাই। ইয়াৰ সোৱাদে সকলোকে নিজৰ ফালে টানি আনে, কিন্তু ই স্বাস্থ্যৰ যথেষ্ট ক্ষতি কৰে। ইয়াৰ সেৱনৰ বাবে হজম শক্তিৰ লগত জড়িত সমস্যা আৰম্ভ হয়, যাৰ ফলত গেছৰ সৃষ্টি হয়। যদি আপোনাৰো এই ধৰণৰ সমস্যা আছে, তেন্তে কিছুমান সহজ কৌশলৰ জৰিয়তে আপুনি সকাহ পাব পাৰে।

গেছৰ পৰা মুক্তি পাবলৈ কৌশল

১) কুহুমীয়া পানী খাব লাগেঃ যদি আপোনাৰ প্ৰায়ে গেছৰ সমস্যা হয়, তেন্তে আজিৰে পৰা কুহুমীয়া পানী খোৱাৰ অভ্যাস গঢ়ি তোলক। ইয়াৰ ফলত গেছ বাহিৰ কৰাত সহজ হ’ব আৰু গেছ গঠন নহ’ব। গৰম পানী খালে হজম শক্তি খৰতকীয়া হয়, যাৰ ফলত পেটত যথেষ্ট সকাহ পোৱা যায়।

২) বজ্ৰাসন কৰাঃ গেছৰ পৰা মুক্তি পাবলৈ যোগাসনৰ সহায় ল’ব পাৰে। বজ্ৰাসন ভংগীমাত বহিব। প্ৰতিদিনে কমেও ১৫ মিনিট এই আসন কৰিলে তেতিয়া পাচনতন্ত্ৰ অতি শক্তিশালী হৈ উঠিব।

৩) খাদ্য চোবাই থাকোতে কথা নাপাতিবঃ বহু স্বাস্থ্য বিশেষজ্ঞৰ মতে খাদ্য খোৱাৰ সময়ত মুখখন বেছিকৈ মেলিলে পেটত বায়ু ভৰি পৰিব পাৰে। সেইবাবেই কথা বন্ধ কৰি খাদ্য চোবাই খোৱাটো ভাল, এনে কৰিলে গেছৰ সমস্যা দূৰ হ’ব পাৰে।

৪) হট ৱাটাৰ বেগ ব্যৱহাৰ কৰাঃ যেতিয়া পেটত গেছ অত্যধিক বৃদ্ধি পায় তেতিয়া হট ৱাটাৰ বেগ এটা লৈ পেটৰ ওচৰত ৰাখক, যদি আপোনাৰ এই বস্তু নাই তেন্তে গৰম পানীৰে তিয়াই থোৱা টাৱেল ব্যৱহাৰ কৰক। এই থেৰাপীৰ দ্বাৰা গেষ্ট্ৰাইটিছৰ সমস্যা তৎক্ষণাত নাইকিয়া হ’বলৈ আৰম্ভ কৰিব।








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক