--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বহুতেই ৰুটি ফুলি উঠিবলৈ গেছৰ ফ্লেমত পোণপটীয়াকৈ সেকে। কিন্তু এনে কাৰ্য হ’ব পাৰে মাৰাত্মক । গেছৰ ফ্লেমত পোনপটীয়াকৈ সেকাী ৰুটি খালে কৰ্কট ৰোগৰ আশংকা বৃদ্ধি পায়। গেছত এনেদৰে ৰুটি সেকিলে ৰুটি  ফুলি উঠে আৰু খাবলৈ কোমলো হয়।  আনকি বহু  সময়ৰ পাছতো ৰুটি  কোমল হৈয়েই থাকে । 

 কিন্তু এনেদৰে সেকা ৰুটি  শৰীৰৰ বাবে অতি অপকাৰী বুলি গৱেষকসকলে মন্তব্য কৰিছে।  শেহতীয়া গৱেষণা অনুসৰি ৰুটি এনেদৰে সেকিলে অত্যাধিক জুইৰ তাপে  'হেটেৰোচাইক্লিক এমিন' বা এইচচিএ আৰু 'পলিচাইক্লিক এৰোমেটিক হাইড্ৰ'কাৰ্বন' বা পি.এ.এইচ. উৎপন্ন কৰে।  এনেবোৰ উপাদান কৰ্কট ৰোগৰ সৈতে পোনপটীয়াকৈ সম্পৰ্কিত বুলি গৱেষকসকলে কৈছে। 

পৰিৱেশ বিজ্ঞান আৰু প্ৰযুক্তি আলোচনীত প্ৰকাশিত এক অধ্যয়ন অনুসৰি কাৰ্বন মনো-অক্সাইডৰ দৰে  প্ৰদূষক আদি গেছৰ ফ্লেমত প্ৰচুৰ পৰিমাণে ওলায়। একেদৰে  গেছ ষ্টোভৰ পৰা নাইট্ৰজেন ডাই অক্সাইডো ভালেখিনি নিৰ্গত হয়। কেৱল সেয়াই নহয়, কিছু  ক্ষেত্ৰত এনেবোৰ গেছ তথা ক্ষতিকাৰক পদাৰ্থই  হৃদযন্ত্ৰৰ সমস্যাও সৃষ্টি কৰে। কিন্তু আটাইতকৈ চিন্তাৰ বিষয়টো হ'ল এনেবোৰ উপাদানে  কৰ্কট ৰোগৰ সৃষ্টি কৰে।

গৱেষণাৰ পৰা জনা গৈছে যে জুইত পোনপটীয়াকৈ সেকা খাদ্যৰ পৰা কৰ্কট ৰোগ হোৱাৰ আশংকা বৃদ্ধি হ'ব পাৰে। অৱশ্যে বেছিভাগ লোকেই  কম সময়ত ৰুটি  তৈয়াৰ কৰিবলৈ এই পদ্ধতি গ্ৰহণ কৰে।
ফুড ষ্টেণ্ডাৰ্ড  অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডৰ চেফ চাইণ্টিষ্টৰ  এক প্ৰতিবেদনত কোৱা হৈছে যে যেতিয়া ময়দা বা আটা পোনপটীয়াকৈ জুইৰ সংস্পৰ্শলৈ  আহে , তেতিয়া  ইয়াৰ পৰা এক প্ৰকাৰৰ ৰাসায়নিক পদাৰ্থ নিৰ্গত হয়। যাক 'কাৰ্চিনোজেনিক' বুলি কোৱা হয়। এনে ধৰণৰ পোৰা খাদ্য মানৱ শৰীৰৰ বাবে একেবাৰে স্বাস্থ্যকৰ নহয় বুলি কোৱা হৈছে। 



FOLLOW US F
POPULAR
FEATURE
TRENDY
হোষ্টেলত ৪২৬ টা শিশুৰ খাদ্যত ফেনাইল মিহলাই হত্যা কৰাৰ ষড়যন্ত্ৰ! এনেকৈ পৰিল জীৱন ৰক্ষা
ভিটামিন চিৰ বাবে দৈনিক ইমান পৰিমাণৰ কিৱি খালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয়
শিলচৰত কৰুণ ঘটনা! মাছ মাৰিবলৈ গৈ ২২ বছৰীয়া যুৱকৰ মৃত্যু
যিসকলে দাঁতৰ যত্ন ল’ব নোৱাৰে, তেওঁলোকে সেনাৰ গুৰুত্বপূৰ্ণ অভিযানৰ দায়িত্ব কেনেকৈ ল’ব? দাঁত লেতেৰা বাবেই ব্ৰিটিছ সেনাই চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে ১৭০ জন জোৱানক
প্ৰধানমন্ত্ৰীৰ ডিগ্ৰীৰ তথ্য ৰাজহুৱা কৰাত ন্যায়ালয়ৰ নিষেধাজ্ঞা
অৰুণাচলৰ দিৰাঙত ভূমিস্খলন, চাৰিদুৱাৰ-ভালুকপুং-টাৱাং সংযোগী পথ বন্ধ
ভাৰতমাতাৰ সাহসী কন্যা! ২০ হাজাৰ ফুটতকৈও অধিক ওখ এটা শিখৰত উৰুৱালে ত্ৰিৰংগা; বৰফ খাই গুচাইছিল পিয়াহ
পৰিয়ালে প্ৰেমত দিছিল বাধা, প্ৰেমিক-প্ৰেমিকা পালেহি থানা ; মন্দিৰত বিয়া পাতি দিলে আৰক্ষীয়ে
হৃদৰোগৰ পৰা হাত সাৰিবলৈ কি কৰিব লাগে? জানি লওক ভালদৰে
স্বামীৰ সৈতে বিবাহ বিচ্ছেদ, ইৰফানৰ সৈতে লিভ-ইন ৰিলেছনশ্বিপ; ওলমি থকা অৱস্থাত উদ্ধাৰ বিউটিচিয়ান মীনুৰ মৃতদেহ
ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীৰে বাৰ্তালাপৰ অভিজ্ঞতা বর্ণনা কৰি উৎফুল্ল দীপ্তি চহৰীয়া
ভয়ানক বিপদৰ পৰা ৰক্ষা পৰিল দেৰগাঁও!  পেট্ৰ’ল পাম্পৰ চৌহদত ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত
'আগতে কোনো মুখ্যমন্ত্রী বি টি চিলৈ অহা নাছিল, মই ২০০ বাৰ আহিছোঁ', গোসাইগাঁৱত বিজয় সংকল্প সমাৰোহত মুখ্যমন্ত্রী
ভাৰতীয় বায়ুসেনাই দেখুৱালে মানৱীয়তা! থাই নাগৰিকৰ জীৱন ৰক্ষাৰ বাবে দেখুৱালে অদম্য সাহস