--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বহুতেই ৰুটি ফুলি উঠিবলৈ গেছৰ ফ্লেমত পোণপটীয়াকৈ সেকে। কিন্তু এনে কাৰ্য হ’ব পাৰে মাৰাত্মক । গেছৰ ফ্লেমত পোনপটীয়াকৈ সেকাী ৰুটি খালে কৰ্কট ৰোগৰ আশংকা বৃদ্ধি পায়। গেছত এনেদৰে ৰুটি সেকিলে ৰুটি  ফুলি উঠে আৰু খাবলৈ কোমলো হয়।  আনকি বহু  সময়ৰ পাছতো ৰুটি  কোমল হৈয়েই থাকে । 

 কিন্তু এনেদৰে সেকা ৰুটি  শৰীৰৰ বাবে অতি অপকাৰী বুলি গৱেষকসকলে মন্তব্য কৰিছে।  শেহতীয়া গৱেষণা অনুসৰি ৰুটি এনেদৰে সেকিলে অত্যাধিক জুইৰ তাপে  'হেটেৰোচাইক্লিক এমিন' বা এইচচিএ আৰু 'পলিচাইক্লিক এৰোমেটিক হাইড্ৰ'কাৰ্বন' বা পি.এ.এইচ. উৎপন্ন কৰে।  এনেবোৰ উপাদান কৰ্কট ৰোগৰ সৈতে পোনপটীয়াকৈ সম্পৰ্কিত বুলি গৱেষকসকলে কৈছে। 

পৰিৱেশ বিজ্ঞান আৰু প্ৰযুক্তি আলোচনীত প্ৰকাশিত এক অধ্যয়ন অনুসৰি কাৰ্বন মনো-অক্সাইডৰ দৰে  প্ৰদূষক আদি গেছৰ ফ্লেমত প্ৰচুৰ পৰিমাণে ওলায়। একেদৰে  গেছ ষ্টোভৰ পৰা নাইট্ৰজেন ডাই অক্সাইডো ভালেখিনি নিৰ্গত হয়। কেৱল সেয়াই নহয়, কিছু  ক্ষেত্ৰত এনেবোৰ গেছ তথা ক্ষতিকাৰক পদাৰ্থই  হৃদযন্ত্ৰৰ সমস্যাও সৃষ্টি কৰে। কিন্তু আটাইতকৈ চিন্তাৰ বিষয়টো হ'ল এনেবোৰ উপাদানে  কৰ্কট ৰোগৰ সৃষ্টি কৰে।

গৱেষণাৰ পৰা জনা গৈছে যে জুইত পোনপটীয়াকৈ সেকা খাদ্যৰ পৰা কৰ্কট ৰোগ হোৱাৰ আশংকা বৃদ্ধি হ'ব পাৰে। অৱশ্যে বেছিভাগ লোকেই  কম সময়ত ৰুটি  তৈয়াৰ কৰিবলৈ এই পদ্ধতি গ্ৰহণ কৰে।
ফুড ষ্টেণ্ডাৰ্ড  অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডৰ চেফ চাইণ্টিষ্টৰ  এক প্ৰতিবেদনত কোৱা হৈছে যে যেতিয়া ময়দা বা আটা পোনপটীয়াকৈ জুইৰ সংস্পৰ্শলৈ  আহে , তেতিয়া  ইয়াৰ পৰা এক প্ৰকাৰৰ ৰাসায়নিক পদাৰ্থ নিৰ্গত হয়। যাক 'কাৰ্চিনোজেনিক' বুলি কোৱা হয়। এনে ধৰণৰ পোৰা খাদ্য মানৱ শৰীৰৰ বাবে একেবাৰে স্বাস্থ্যকৰ নহয় বুলি কোৱা হৈছে। 



FOLLOW US F
POPULAR
FEATURE
TRENDY
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে