--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ঋতু অনুসৰি ফলমূল খালে তাত থকা পুষ্টিকৰ উপাদানসমূহ সৰ্বাধিক পৰিমাণে পোৱা যায়। তৰমুজ এবিধ ৰসাল ফল। এই ৰসাল আৰু সুস্বাদু ফলবিধত পানীৰ পৰিমাণ প্ৰচুৰ পৰিমাণে থাকে বাবে শৰীৰক হাইড্ৰেটেড কৰি ৰখাত সহায় কৰে। গ্ৰীষ্মকালত তৰমুজ খোৱাৰ কথাই সুকীয়া। কিন্তু আন ফলৰ দৰে ইয়াকো সীমিত পৰিমাণত সেৱন কৰাটো উপকাৰী বুলি গণ্য কৰা হয়, অন্যথা ইয়াৰ বিপৰীত ফলো দেখা যায়। গ্ৰীষ্মকালত তৰমুজ খালে কি কি উপকাৰ হয় জানো আহক।

 গ্ৰীষ্মকালত তৰমুজ খোৱাৰ উপকাৰিতা-

১. প্ৰতিৰোধ ক্ষমতাঃ-তৰমুজত প্ৰচুৰ পৰিমাণে ভিটামিন-‘চি’ থাকে, যিয়ে শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা, কোষ গঠন আৰু ঘাঁ ভাল হোৱাৰ বাবে কলাজেন উৎপাদন কৰাত সহায় কৰে। তৰমুজত ভিটামিন-‘এ’ আৰু বিটা-কেৰটিন থাকে, যিয়ে ছালক সুস্থ কৰি ৰখাত আৰু চুলিৰ বৃদ্ধিত সহায় কৰে।

২. ওজন হ্ৰাস কৰেঃ-বহু লোকে তৰমুজ মিঠা বুলি ভাবে, গতিকে ই ওজন বৃদ্ধি কৰিব পাৰে। কিন্তু গৱেষণাৰ পৰা দেখা গৈছে যে ১০০ গ্ৰাম কেঁচা তৰমুজত মাত্ৰ ৬.২ গ্ৰাম চেনি থাকে। গতিকে ওজন বৃদ্ধিৰ চিন্তা নকৰাকৈ খাব পাৰে। তৰমুজত পানীৰ পৰিমাণ বেছি হোৱাৰ লগতে আঁহো থাকে বাবে ওজন হ্ৰাস কৰিব পাৰে। ইয়াৰ কেলৰিও কম গতিকে ওজন বৃদ্ধিৰ চিন্তা কৰিব নালাগে।

৩. হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত কৰেঃ-তৰমুজত বহুতো প্ৰয়োজনীয় পুষ্টিকৰ উপাদান থাকে যিয়ে হৃদযন্ত্ৰক সুস্থ কৰি ৰখাৰ কাম কৰে। গৱেষণাৰ পৰা দেখা গৈছে যে তৰমুজত থকা ‘লাইকোপেনে’ কলেষ্টেৰল হ্ৰাস কৰাৰ লগতে ৰক্তচাপ বজাই ৰখাত সহায় কৰিব পাৰে। ইয়াৰ উপৰি উচ্চ কলেষ্টেৰলৰ ফলত হোৱা অক্সিডেটিভ ক্ষতি ৰোধ কৰাত সহায়ক। ইয়াৰ উপৰি তৰমুজত থকা এমিনো এচিড ‘চিট্ৰুলিন’ই নাইট্ৰিক অক্সাইড উৎপন্ন কৰে যিয়ে হঠাতে ৰক্তচাপ বৃদ্ধি ৰোধ কৰে।

৪. চকুৰ বাবে উপকাৰীঃ-তৰমুজত থকা ‘লাইকোপেন’ চকুৰ দৃষ্টিশক্তিৰ বাবে অতি উপকাৰী। গৱেষণাৰ মতে লাইকোপিনৰ এন্টিঅক্সিডেন্ট আৰু এন্টি-ইনফ্লেমেটৰী গুণে বয়সৰ লগত জড়িত আণৱিক অৱক্ষয় ৰোধ কৰাত সহায় কৰিব পাৰে। মেকুলাৰ ডিজেনেৰেচন দৰে চকুৰ সমস্যা দূৰ কৰে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু