--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ঋতু অনুসৰি ফলমূল খালে তাত থকা পুষ্টিকৰ উপাদানসমূহ সৰ্বাধিক পৰিমাণে পোৱা যায়। তৰমুজ এবিধ ৰসাল ফল। এই ৰসাল আৰু সুস্বাদু ফলবিধত পানীৰ পৰিমাণ প্ৰচুৰ পৰিমাণে থাকে বাবে শৰীৰক হাইড্ৰেটেড কৰি ৰখাত সহায় কৰে। গ্ৰীষ্মকালত তৰমুজ খোৱাৰ কথাই সুকীয়া। কিন্তু আন ফলৰ দৰে ইয়াকো সীমিত পৰিমাণত সেৱন কৰাটো উপকাৰী বুলি গণ্য কৰা হয়, অন্যথা ইয়াৰ বিপৰীত ফলো দেখা যায়। গ্ৰীষ্মকালত তৰমুজ খালে কি কি উপকাৰ হয় জানো আহক।

 গ্ৰীষ্মকালত তৰমুজ খোৱাৰ উপকাৰিতা-

১. প্ৰতিৰোধ ক্ষমতাঃ-তৰমুজত প্ৰচুৰ পৰিমাণে ভিটামিন-‘চি’ থাকে, যিয়ে শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা, কোষ গঠন আৰু ঘাঁ ভাল হোৱাৰ বাবে কলাজেন উৎপাদন কৰাত সহায় কৰে। তৰমুজত ভিটামিন-‘এ’ আৰু বিটা-কেৰটিন থাকে, যিয়ে ছালক সুস্থ কৰি ৰখাত আৰু চুলিৰ বৃদ্ধিত সহায় কৰে।

২. ওজন হ্ৰাস কৰেঃ-বহু লোকে তৰমুজ মিঠা বুলি ভাবে, গতিকে ই ওজন বৃদ্ধি কৰিব পাৰে। কিন্তু গৱেষণাৰ পৰা দেখা গৈছে যে ১০০ গ্ৰাম কেঁচা তৰমুজত মাত্ৰ ৬.২ গ্ৰাম চেনি থাকে। গতিকে ওজন বৃদ্ধিৰ চিন্তা নকৰাকৈ খাব পাৰে। তৰমুজত পানীৰ পৰিমাণ বেছি হোৱাৰ লগতে আঁহো থাকে বাবে ওজন হ্ৰাস কৰিব পাৰে। ইয়াৰ কেলৰিও কম গতিকে ওজন বৃদ্ধিৰ চিন্তা কৰিব নালাগে।

৩. হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত কৰেঃ-তৰমুজত বহুতো প্ৰয়োজনীয় পুষ্টিকৰ উপাদান থাকে যিয়ে হৃদযন্ত্ৰক সুস্থ কৰি ৰখাৰ কাম কৰে। গৱেষণাৰ পৰা দেখা গৈছে যে তৰমুজত থকা ‘লাইকোপেনে’ কলেষ্টেৰল হ্ৰাস কৰাৰ লগতে ৰক্তচাপ বজাই ৰখাত সহায় কৰিব পাৰে। ইয়াৰ উপৰি উচ্চ কলেষ্টেৰলৰ ফলত হোৱা অক্সিডেটিভ ক্ষতি ৰোধ কৰাত সহায়ক। ইয়াৰ উপৰি তৰমুজত থকা এমিনো এচিড ‘চিট্ৰুলিন’ই নাইট্ৰিক অক্সাইড উৎপন্ন কৰে যিয়ে হঠাতে ৰক্তচাপ বৃদ্ধি ৰোধ কৰে।

৪. চকুৰ বাবে উপকাৰীঃ-তৰমুজত থকা ‘লাইকোপেন’ চকুৰ দৃষ্টিশক্তিৰ বাবে অতি উপকাৰী। গৱেষণাৰ মতে লাইকোপিনৰ এন্টিঅক্সিডেন্ট আৰু এন্টি-ইনফ্লেমেটৰী গুণে বয়সৰ লগত জড়িত আণৱিক অৱক্ষয় ৰোধ কৰাত সহায় কৰিব পাৰে। মেকুলাৰ ডিজেনেৰেচন দৰে চকুৰ সমস্যা দূৰ কৰে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক