--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : দেশৰ লগতে বহু স্থানত উৎকট গৰমে সকলোকে আতংকিত কৰি তুলিছে, বিভিন্ন চহৰত সৰ্বাধিক তাপমাত্ৰা এতিয়া ৪৫ ডিগ্ৰী অতিক্ৰম কৰিব ধৰিছে। তীব্ৰ সূৰ্য আৰু গৰম বতাহৰ বাবে সদায়ে হিট ষ্ট্ৰোকৰ আশংকা বৃদ্ধি পাইছে। এনে পৰিস্থিতিত আমি হাইড্ৰেটেড হৈ থাকিবলৈ যথেষ্ট পানী খোৱাৰ প্ৰয়োজন হয়। শৰীৰৰ পৰা অত্যধিক ঘামেৰে পানী ওলাই যোৱাৰ ফলত ভাৰসাম্য ৰক্ষা কৰিবলৈ পানী খোৱাই হৈছে সৰ্বশ্ৰেষ্ঠ উপায়।

 শৰীৰৰ ৭০ শতাংশ পানীৰ পৰা তৈয়াৰ কৰা হয় আৰু ই ঘাম আৰু প্ৰস্ৰাৱৰ জৰিয়তে বিষাক্ত পদাৰ্থ আঁতৰ কৰি এক স্বাস্থ্যকৰ ভাৰসাম্য বজাই ৰখাত সহায় কৰে। পানীয়ে গাঁঠিবোৰ লুব্ৰিকেট কৰি ৰাখে আৰু বিশেষজ্ঞসকলৰ পৰামৰ্শ অনুসৰি দিনে আঠ গিলাচকৈ পানী খোৱা উচিত।

 এদিনত কিমান পানী খাব লাগে?

 এজন লোকে এদিনত কিমান পানী খোৱাৰ প্ৰয়োজন সেইটো নিৰ্ভৰ কৰে ব্যক্তিজনৰ স্বাস্থ্যৰ ওপৰত, ব্যক্তিজনৰ ওজন আৰু বতৰৰ উষ্ণতাৰ ওপৰত। কাৰণ গৰমদিনত শৰীৰক অধিক পৰিমাণে পানীৰ প্ৰয়োজন। সাধাৰণতে এজন ব্যক্তিক ২.৫ৰ পৰা ৩ লিটাৰ পৰ্যন্ত পানীৰ খোৱাটো দৰকাৰ।

 * শৰীৰক ৬০ৰ পৰা ৭০ শতাংশ পানী দৰকাৰ। গতিকে আভ্যন্তৰীণ অংগ-প্ৰতংগবোৰ আৰু দেহৰ প্ৰতিটো কোষ জীয়াই থাকিবলৈ পানীয়ে সহায় কৰে।

* শৰীৰত পানী কমিলে প্ৰস্ৰাৱৰ ৰং সলনি হয় আৰু বেছি কমিলে প্ৰস্ৰাৱ হালধীয়া বা ৰঙা।

* পানী খোৱা পাছত ৪৫ মিনিতমানৰ পাছতহে দ্বিতীয়বাৰ পানী খাব লাগে, যাতে প্ৰথমে খোৱা পানীখিনি শৰীৰে ভালদৰে ব্যৱহাৰ কৰিব পাৰে।

* সঘনাই পানী খালে দেহে বৰ্জিত পদাৰ্থসমূহ বাহিৰ কৰে, সেয়েহে সঠিক সময়ত সঠিক মাত্ৰাতহে পানী খাব লাগে।

 দেহত পানীৰ অভাৱৰ ৫টা লক্ষণ-

 ১. সঘনাই পিয়াহ অনুভৱ কৰাৰ লগতে শৌচাগাৰলৈ যাবলগা হয়, তেনেহ'লে আপোনাৰ সমস্যা বৃদ্ধি হ'ব পাৰে। ই আপোনাৰ শৰীৰৰ ক্ষতি কৰিব পাৰে, কিয়নো সঘনাই শৌচাগাৰলৈ যোৱাৰ ফলত শৰীৰত পানীৰ অভাৱ হ'ব পাৰে।

২. ভাগৰ অনুভৱ কৰাটো হৈছে দ্বিতীয় কাৰণ। যদি শৰীৰ ভাগৰুৱা অনুভৱ কৰে, তেনেহ'লে আপুনি সতৰ্ক হ'ব লাগিব। এইটো শৰীৰত পানীৰ অভাৱৰ লক্ষণ।

৩. ইয়াৰ বাহিৰেও হাত আৰু ভৰি জঠৰ হ'লেও আপুনি অলপ সতৰ্ক হ'ব লাগিব। কিয়নো ই আপোনাৰ সমস্যাও বৃদ্ধি কৰিব পাৰে।

৪. সঘনাই ওজন হ্ৰাস বা বৃদ্ধি শৰীৰত পানীৰ অভাৱৰ লক্ষণ হ'ব পাৰে। ইয়াক উপেক্ষা নকৰিব।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
জামিন লাভ কৰিলে জুবিন গাৰ্গৰ হত্যাৰ অভিযুক্ত অমৃতপ্ৰভা মহন্তই; কি কি চৰ্ত আৰোপ কৰিলে আদালতে?
৩৮ টা চোৰাং গৰুসহ এখন টাটা আল্ট্ৰা বাহন জব্দ মায়ং আৰক্ষীৰ; পলাতক সৰবৰাহকাৰীৰ দল
লক্ষীপুৰত কাছাৰ আৰক্ষীৰ বৃহৎ সাফল্য: ১ কোটি টকাৰ নিষিদ্ধ টেবলেটসহ আটক দুই সৰবৰাহকাৰী
ধুন্দুলিৰ নানা স্বাস্থ্য উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
তামাৰহাটত ধুমুহা-বৰষুণৰ তাণ্ডৱ; ভাঙি পৰিল ১৫ খনতকৈ অধিক দুৰ্গাপূজাৰ গেট
মুদ্রাস্ফীতি, টকাৰ মূল্য হ্রাস; ৫.৫০ শতাংশলৈ বৃদ্ধি ৰেপ’ৰেট
ৰঙিয়াৰ দশম শ্ৰেণীৰ ছাত্ৰী তানাজ শইকীয়ালৈ ‘লেগেচি অৱ লিটাৰেচাৰ এৱাৰ্ড’
সাহসী পাইলট স্মিত মাচ্চাৰৰ প্ৰশংসাত পঞ্চমুখ ছলমান খান
বিশ্বৰ ভিতৰত চতুৰ্থ ভাৰ: AI চালিত কৃত্রিম উপগ্রহ মহাকাশলৈ সফলতাৰে উৎক্ষেপণ
শোণিতপুৰত মৰ্মান্তিক দুৰ্ঘটনা; জিয়াভৰলী নৈৰ চাপৰিত ট্ৰেক্টৰ বাগৰি মৃত্যু পিতা-পুত্ৰৰ
চৌদিশে দুর্গোৎসৱৰ প্রস্তুতি, ব্যস্ততা বাঢ়িছে খনিকৰৰ
কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্বপূর্ণ পদক্ষেপ; চীন সীমান্তৰ নতুন মানচিত্ৰ ভাৰতৰ
হোজাইৰ নভঙাত চাঞ্চল্যকৰ ঘটনা! পৰকীয়া প্ৰেমৰ বাবে এগৰাকী বোৱাৰীক হত্যা যুৱকৰ
‘গ্ল’বেল হেলথ এষ্টিমেট্‌ছ’ৰ প্রতিবেদনত প্ৰকাশ; ৭১ বছৰলৈ বৃদ্ধি ভাৰতীয়ৰ গড় আয়ুস