--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : দেশৰ লগতে বহু স্থানত উৎকট গৰমে সকলোকে আতংকিত কৰি তুলিছে, বিভিন্ন চহৰত সৰ্বাধিক তাপমাত্ৰা এতিয়া ৪৫ ডিগ্ৰী অতিক্ৰম কৰিব ধৰিছে। তীব্ৰ সূৰ্য আৰু গৰম বতাহৰ বাবে সদায়ে হিট ষ্ট্ৰোকৰ আশংকা বৃদ্ধি পাইছে। এনে পৰিস্থিতিত আমি হাইড্ৰেটেড হৈ থাকিবলৈ যথেষ্ট পানী খোৱাৰ প্ৰয়োজন হয়। শৰীৰৰ পৰা অত্যধিক ঘামেৰে পানী ওলাই যোৱাৰ ফলত ভাৰসাম্য ৰক্ষা কৰিবলৈ পানী খোৱাই হৈছে সৰ্বশ্ৰেষ্ঠ উপায়।

 শৰীৰৰ ৭০ শতাংশ পানীৰ পৰা তৈয়াৰ কৰা হয় আৰু ই ঘাম আৰু প্ৰস্ৰাৱৰ জৰিয়তে বিষাক্ত পদাৰ্থ আঁতৰ কৰি এক স্বাস্থ্যকৰ ভাৰসাম্য বজাই ৰখাত সহায় কৰে। পানীয়ে গাঁঠিবোৰ লুব্ৰিকেট কৰি ৰাখে আৰু বিশেষজ্ঞসকলৰ পৰামৰ্শ অনুসৰি দিনে আঠ গিলাচকৈ পানী খোৱা উচিত।

 এদিনত কিমান পানী খাব লাগে?

 এজন লোকে এদিনত কিমান পানী খোৱাৰ প্ৰয়োজন সেইটো নিৰ্ভৰ কৰে ব্যক্তিজনৰ স্বাস্থ্যৰ ওপৰত, ব্যক্তিজনৰ ওজন আৰু বতৰৰ উষ্ণতাৰ ওপৰত। কাৰণ গৰমদিনত শৰীৰক অধিক পৰিমাণে পানীৰ প্ৰয়োজন। সাধাৰণতে এজন ব্যক্তিক ২.৫ৰ পৰা ৩ লিটাৰ পৰ্যন্ত পানীৰ খোৱাটো দৰকাৰ।

 * শৰীৰক ৬০ৰ পৰা ৭০ শতাংশ পানী দৰকাৰ। গতিকে আভ্যন্তৰীণ অংগ-প্ৰতংগবোৰ আৰু দেহৰ প্ৰতিটো কোষ জীয়াই থাকিবলৈ পানীয়ে সহায় কৰে।

* শৰীৰত পানী কমিলে প্ৰস্ৰাৱৰ ৰং সলনি হয় আৰু বেছি কমিলে প্ৰস্ৰাৱ হালধীয়া বা ৰঙা।

* পানী খোৱা পাছত ৪৫ মিনিতমানৰ পাছতহে দ্বিতীয়বাৰ পানী খাব লাগে, যাতে প্ৰথমে খোৱা পানীখিনি শৰীৰে ভালদৰে ব্যৱহাৰ কৰিব পাৰে।

* সঘনাই পানী খালে দেহে বৰ্জিত পদাৰ্থসমূহ বাহিৰ কৰে, সেয়েহে সঠিক সময়ত সঠিক মাত্ৰাতহে পানী খাব লাগে।

 দেহত পানীৰ অভাৱৰ ৫টা লক্ষণ-

 ১. সঘনাই পিয়াহ অনুভৱ কৰাৰ লগতে শৌচাগাৰলৈ যাবলগা হয়, তেনেহ'লে আপোনাৰ সমস্যা বৃদ্ধি হ'ব পাৰে। ই আপোনাৰ শৰীৰৰ ক্ষতি কৰিব পাৰে, কিয়নো সঘনাই শৌচাগাৰলৈ যোৱাৰ ফলত শৰীৰত পানীৰ অভাৱ হ'ব পাৰে।

২. ভাগৰ অনুভৱ কৰাটো হৈছে দ্বিতীয় কাৰণ। যদি শৰীৰ ভাগৰুৱা অনুভৱ কৰে, তেনেহ'লে আপুনি সতৰ্ক হ'ব লাগিব। এইটো শৰীৰত পানীৰ অভাৱৰ লক্ষণ।

৩. ইয়াৰ বাহিৰেও হাত আৰু ভৰি জঠৰ হ'লেও আপুনি অলপ সতৰ্ক হ'ব লাগিব। কিয়নো ই আপোনাৰ সমস্যাও বৃদ্ধি কৰিব পাৰে।

৪. সঘনাই ওজন হ্ৰাস বা বৃদ্ধি শৰীৰত পানীৰ অভাৱৰ লক্ষণ হ'ব পাৰে। ইয়াক উপেক্ষা নকৰিব।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন