--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে উচ্চ ন্যায়ালয়ৰ পৰা কোনো ধৰণৰ সহযোগ নাপালে৷ গ্ৰেপ্তাৰক প্ৰত্যাহ্বান জনাই অৰবিন্দ কেজৰিৱালে দাখিল কৰা আবেদন উচ্চ ন্যায়ালয়ে নাকচ কৰিছে। উচ্চ ন্যায়ালয়ে কেজৰিৱালক বিশেষ ন্যায়াধীশৰ কাষ চাপিবলৈ কয়।

দিল্লীৰ সুৰা কেলেংকাৰীৰ অভিযোগত ইডি আৰু চিবিআইয়ে গ্ৰেপ্তাৰ কৰে অৰবিন্দ কেজৰিৱালক৷ দুয়োটা সংস্থাই গ্ৰেপ্তাৰ কৰাৰ বৈধতাক প্ৰত্যাহ্বান জনাইছিল কেজৰিৱালে। তেওঁ অন্তৱৰ্তীকালীন জামিনৰ বাবেও আবেদন কৰিছিল। উচ্চ ন্যায়ালয়ে নাকচ কৰিছে তেওঁৰ আবেদন।

কেনেকৈ কৰিছিল দিল্লী সুৰা কেলেংকাৰী —

দিল্লীৰ কেজৰিৱাল চৰকাৰে ২০২১ চনৰ ১৭ নৱেম্বৰত আবকাৰী নীতি ২০২১-২২ ৰূপায়ণ কৰিছিল।নতুন নীতিৰ অধীনত চৰকাৰে সুৰাৰ ব্যৱসায়ৰ পৰা ওলাই আহি সমগ্ৰ দোকানসমূহ ব্যক্তিগত খণ্ডলৈ এৰি দিয়ে। নতুন সুৰা নীতিৰ ফলত মাফিয়া শাসনৰ অন্ত পৰিব আৰু চৰকাৰৰ ৰাজহ বৃদ্ধি পাব বুলি দাবী কৰিছিল দিল্লী চৰকাৰে।

কিন্তু এই নীতি আৰম্ভণিৰে পৰাই বিতৰ্কৰ সৃষ্টি হৈছিল আৰু বিতৰ্ক বাঢ়ি অহাৰ লগে লগে ২০২২ চনৰ ২৮ জুলাইত চৰকাৰে বাতিল কৰিছিল। উল্লেখ্য যে যোৱা ৮ জুলাই, ২০২২ তাৰিখে দিল্লীৰ মুখ্য সচিব নৰেশ কুমাৰৰ প্ৰতিবেদনত এই সুৰা কেলেংকাৰীৰ অভিযোগ উত্থাপন হৈছিল। এই প্ৰতিবেদনত তেওঁ মনীষ ছিছ’দিয়াকে ধৰি আম আদমি পাৰ্টিৰ বহু ডাঙৰ নেতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল। দিল্লীৰ এল জি ভি কে ছাক্সেনাই চি বি আইৰ তদন্তৰ পৰামৰ্শ দিছিল।

ইয়াৰ পিছত ২০২২ চনৰ ১৭ আগষ্টত চিবিআইয়ে গোচৰ ৰুজু কৰে। ধনৰ অপব্যৱহাৰৰ অভিযোগো উত্থাপন হৈছিল, সেয়েহে ইডিয়েও ধন সৰবৰাহৰ তদন্তৰ বাবে গোচৰ ৰুজু কৰিছিল। তেওঁৰ প্রতিবেদনত মুখ্য সচিবগৰাকীয়ে মনিষ চিছ’দিয়াক ভুল পদ্ধতিৰে সুৰা নীতি প্রস্তুত কৰাৰ অভিযোগ উত্থাপন কৰিছিল৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক