--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে উচ্চ ন্যায়ালয়ৰ পৰা কোনো ধৰণৰ সহযোগ নাপালে৷ গ্ৰেপ্তাৰক প্ৰত্যাহ্বান জনাই অৰবিন্দ কেজৰিৱালে দাখিল কৰা আবেদন উচ্চ ন্যায়ালয়ে নাকচ কৰিছে। উচ্চ ন্যায়ালয়ে কেজৰিৱালক বিশেষ ন্যায়াধীশৰ কাষ চাপিবলৈ কয়।

দিল্লীৰ সুৰা কেলেংকাৰীৰ অভিযোগত ইডি আৰু চিবিআইয়ে গ্ৰেপ্তাৰ কৰে অৰবিন্দ কেজৰিৱালক৷ দুয়োটা সংস্থাই গ্ৰেপ্তাৰ কৰাৰ বৈধতাক প্ৰত্যাহ্বান জনাইছিল কেজৰিৱালে। তেওঁ অন্তৱৰ্তীকালীন জামিনৰ বাবেও আবেদন কৰিছিল। উচ্চ ন্যায়ালয়ে নাকচ কৰিছে তেওঁৰ আবেদন।

কেনেকৈ কৰিছিল দিল্লী সুৰা কেলেংকাৰী —

দিল্লীৰ কেজৰিৱাল চৰকাৰে ২০২১ চনৰ ১৭ নৱেম্বৰত আবকাৰী নীতি ২০২১-২২ ৰূপায়ণ কৰিছিল।নতুন নীতিৰ অধীনত চৰকাৰে সুৰাৰ ব্যৱসায়ৰ পৰা ওলাই আহি সমগ্ৰ দোকানসমূহ ব্যক্তিগত খণ্ডলৈ এৰি দিয়ে। নতুন সুৰা নীতিৰ ফলত মাফিয়া শাসনৰ অন্ত পৰিব আৰু চৰকাৰৰ ৰাজহ বৃদ্ধি পাব বুলি দাবী কৰিছিল দিল্লী চৰকাৰে।

কিন্তু এই নীতি আৰম্ভণিৰে পৰাই বিতৰ্কৰ সৃষ্টি হৈছিল আৰু বিতৰ্ক বাঢ়ি অহাৰ লগে লগে ২০২২ চনৰ ২৮ জুলাইত চৰকাৰে বাতিল কৰিছিল। উল্লেখ্য যে যোৱা ৮ জুলাই, ২০২২ তাৰিখে দিল্লীৰ মুখ্য সচিব নৰেশ কুমাৰৰ প্ৰতিবেদনত এই সুৰা কেলেংকাৰীৰ অভিযোগ উত্থাপন হৈছিল। এই প্ৰতিবেদনত তেওঁ মনীষ ছিছ’দিয়াকে ধৰি আম আদমি পাৰ্টিৰ বহু ডাঙৰ নেতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল। দিল্লীৰ এল জি ভি কে ছাক্সেনাই চি বি আইৰ তদন্তৰ পৰামৰ্শ দিছিল।

ইয়াৰ পিছত ২০২২ চনৰ ১৭ আগষ্টত চিবিআইয়ে গোচৰ ৰুজু কৰে। ধনৰ অপব্যৱহাৰৰ অভিযোগো উত্থাপন হৈছিল, সেয়েহে ইডিয়েও ধন সৰবৰাহৰ তদন্তৰ বাবে গোচৰ ৰুজু কৰিছিল। তেওঁৰ প্রতিবেদনত মুখ্য সচিবগৰাকীয়ে মনিষ চিছ’দিয়াক ভুল পদ্ধতিৰে সুৰা নীতি প্রস্তুত কৰাৰ অভিযোগ উত্থাপন কৰিছিল৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইতিহাস ৰচি প্ৰথমবাৰৰ বাবে সুব্ৰত কাপ ফুটবলত চেম্পিয়ন অসমৰ ছোৱালী দল
নিৰাপত্তা বাহিনীৰ দ্বাৰা জম্মু-কাশ্মীৰৰ LoCত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ, এনকাউণ্টাৰত নিহত দুই সন্ত্ৰাসবাদী
মৰিগাঁও অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ পত্নীৰ শোকাবহ মৃত্যু
ভূটানত পুনাটছাংচু-২ জলবিদ্যুৎ প্ৰকল্প সম্পূৰ্ণ, শক্তি ক্ষমতা ৪০ শতাংশলৈ বৃদ্ধি
ড° ভূপেন হাজৰিকা স্মাৰক ১০০ টকীয়া ৰূপৰ মুদ্ৰাৰ সবিশেষ প্রকাশ
'বনতাৰা'ৰ তদন্তৰ বাবে SIT গঠন উচ্চতম ন্যায়ালয়ৰ
ত্ৰিফলাৰ আছে আশ্বৰ্যকৰী গুণ! ই কেনেকৈ আপোনাৰ স্বাস্থ্য উন্নত কৰিব পাৰে জানো আহক
শিলচৰত মৰ্মান্তিক ঘটনা! পুত্ৰই কৰা অপৰাধ সহ্য কৰিব নোৱাৰি চৰম সিদ্ধান্ত পিতৃৰ
দেৰগাঁৱৰ জাফ্ৰিনা ৰহমানৰ মৃত্যু হত্যা নে আত্মহত্যা? অভিযুক্ত স্বামী আৰক্ষী বাবেই সাৰি যাব নেকি?
ৰাষ্ট্ৰপতি মেক্ৰনৰে প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তালাপ; ভাৰত-ফ্ৰান্সৰ কৌশলগত সহযোগিতা বৃদ্ধিত গুৰুত্ব
ৰাজ্যত এতিয়াৰ পৰা ১৮ বছৰৰ ওপৰৰ কোনো নাগৰিকে নতুনকৈ নাপাব আধাৰ কাৰ্ড
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ