--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক:  আমেৰিকাত তীব্ৰ মন্দাৱস্থাৰ আশংকাই গা কৰি উঠাত বিশ্বব্যাপী ষ্টক বিক্ৰী বৃদ্ধি পায় আৰু স্থানীয় ইকুইটিৰ মূল্য হ্ৰাস হোৱাৰ ফলত সোমবাৰে সৰ্বকালৰ সৰ্বনিম্ন স্তৰত উপনীত হয় ভাৰতীয় টকাৰ মূল্য৷ মাৰ্কিন ডলাৰৰ বিপৰীতে টকাৰ মূল্য ৰেকৰ্ড পূৰ্ণ ভাবে নিম্নতম ৮৩.৮২ টকালৈ পৰ্যবসিত হয়৷ 

পুৱা ১১:২০ বজালৈকে ইয়াৰ ট্ৰেডিং হৈছিল ৮৩.৮১২৫ত, যিটো শুকুৰবাৰে পূৰ্বৰ সমাপ্তি ৮৩.৭৫ ৰ তুলনাত প্ৰায় ০.১% হ্ৰাস পাইছে।ভাৰতীয় শ্বেয়াৰ বজাৰত লোকচানৰ সন্মুখীন হোৱাৰ সময়তে টকাৰ মূল্য হ্ৰাস পাই।দুয়োটা মানদণ্ডৰ সূচকাংকসমূহ- বিএছই চেন্সেক্স আৰু নিফ্টি ৫০ প্ৰায় ৩%কৈ হ্ৰাস পাইছে।
এছিয়াৰ শ্বেয়াৰ বজাৰসমূহ শুকুৰবাৰৰ আমেৰিকাৰ চাকৰিৰ হতাশাজনক প্ৰতিবেদনৰ পিছত সমগ্ৰ ব’ৰ্ডতে হ্ৰাস পাইছে।প্ৰতিবেদনত জুলাই মাহৰ নিবনুৱাৰ হাৰ অনাকাংক্ষিত ভাবে বৃদ্ধি পোৱাৰ কথা উল্লেখ কৰি অৰ্থনৈতিক দৃষ্টিভংগীক লৈ উদ্বেগ প্ৰকাশ কৰিছে।

ফেডাৰেল ৰিজাৰ্ভে সুতৰ হাৰ হ্ৰাস কৰাত বিলম্ব কৰাৰ সিদ্ধান্তই আমেৰিকাক অৰ্থনীতিক মন্দাৱস্থালৈ ঠেলি দিব পাৰে বুলি উদ্দেগ প্ৰকাশ কৰি বিনিয়োগকাৰীসকলে বিপদজনক সম্পত্তিৰ পৰা আঁতৰি আহিছে। এই সিদ্ধান্তক মুদ্ৰাস্ফীতিৰ বিৰুদ্ধে যুঁজ দিয়াৰ বহল প্ৰচেষ্টাৰ অংশ হিচাপে চাব পাৰি।

সোমবাৰে টকাৰ সমৰ্থনত ভাৰতীয় ৰিজাৰ্ভ বেংকে হস্তক্ষেপ কৰে। ব্যৱসায়ীসকলৰ মতে, সম্ভৱতঃ আৰ বি আইৰ হৈ স্থানীয় মুদ্ৰা সুস্থিৰ কৰিবলৈ চৰকাৰী বেংকসমূহক মাজে মাজে ডলাৰ বিক্ৰী কৰা দেখা গৈছে। ইফালে আমেৰিকান ডলাৰৰ সূচকাংক ০.৩% হ্ৰাস পাই ১০২.৮৫ত উপনীত হোৱাৰ বিপৰীতে এছিয়াৰ বেছিভাগ মুদ্ৰাই ০.৩%ৰ পৰা ২.২%ৰ ভিতৰত বৃদ্ধি পোৱা দেখা গৈছে।
আমেৰিকাৰ বণ্ডৰ প্ৰসাৰ তীব্ৰভাৱে হ্ৰাস পাইছে। দহ বছৰৰ ট্ৰেজাৰীৰ প্ৰসাৰ আঠ পইণ্টৰ ভিত্তিত ৩.৭১% লৈ হ্ৰাস হয়, যিটো ২০২৩ চনৰ জুলাই মাহৰ পিছত ইয়াৰ সৰ্বনিম্ন স্তৰ। শেহতীয়াকৈ ডি বি এছ বেংকে মত প্ৰকাশ কৰি কয় যে সম্ভাৱ্য অৰ্থনৈতিক মন্দাৱস্থাৰ বাবে বজাৰসমূহ ক্ৰমান্বয়ে চিন্তিত হৈ পৰিছে। বিশ্লেষক সকলে যথেষ্ট হাৰ কৰ্তনৰ ভৱিষ্যদ্বাণী কৰিছে যদিও তেওঁলোকৰ মতে এতিয়াৰ বাবে ৫০ পইণ্টৰ আধাৰত কৰ্তনেই যথেষ্ট হ’ব বুলিও মত প্ৰকাশ কৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু