--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক:  আমেৰিকাত তীব্ৰ মন্দাৱস্থাৰ আশংকাই গা কৰি উঠাত বিশ্বব্যাপী ষ্টক বিক্ৰী বৃদ্ধি পায় আৰু স্থানীয় ইকুইটিৰ মূল্য হ্ৰাস হোৱাৰ ফলত সোমবাৰে সৰ্বকালৰ সৰ্বনিম্ন স্তৰত উপনীত হয় ভাৰতীয় টকাৰ মূল্য৷ মাৰ্কিন ডলাৰৰ বিপৰীতে টকাৰ মূল্য ৰেকৰ্ড পূৰ্ণ ভাবে নিম্নতম ৮৩.৮২ টকালৈ পৰ্যবসিত হয়৷ 

পুৱা ১১:২০ বজালৈকে ইয়াৰ ট্ৰেডিং হৈছিল ৮৩.৮১২৫ত, যিটো শুকুৰবাৰে পূৰ্বৰ সমাপ্তি ৮৩.৭৫ ৰ তুলনাত প্ৰায় ০.১% হ্ৰাস পাইছে।ভাৰতীয় শ্বেয়াৰ বজাৰত লোকচানৰ সন্মুখীন হোৱাৰ সময়তে টকাৰ মূল্য হ্ৰাস পাই।দুয়োটা মানদণ্ডৰ সূচকাংকসমূহ- বিএছই চেন্সেক্স আৰু নিফ্টি ৫০ প্ৰায় ৩%কৈ হ্ৰাস পাইছে।
এছিয়াৰ শ্বেয়াৰ বজাৰসমূহ শুকুৰবাৰৰ আমেৰিকাৰ চাকৰিৰ হতাশাজনক প্ৰতিবেদনৰ পিছত সমগ্ৰ ব’ৰ্ডতে হ্ৰাস পাইছে।প্ৰতিবেদনত জুলাই মাহৰ নিবনুৱাৰ হাৰ অনাকাংক্ষিত ভাবে বৃদ্ধি পোৱাৰ কথা উল্লেখ কৰি অৰ্থনৈতিক দৃষ্টিভংগীক লৈ উদ্বেগ প্ৰকাশ কৰিছে।

ফেডাৰেল ৰিজাৰ্ভে সুতৰ হাৰ হ্ৰাস কৰাত বিলম্ব কৰাৰ সিদ্ধান্তই আমেৰিকাক অৰ্থনীতিক মন্দাৱস্থালৈ ঠেলি দিব পাৰে বুলি উদ্দেগ প্ৰকাশ কৰি বিনিয়োগকাৰীসকলে বিপদজনক সম্পত্তিৰ পৰা আঁতৰি আহিছে। এই সিদ্ধান্তক মুদ্ৰাস্ফীতিৰ বিৰুদ্ধে যুঁজ দিয়াৰ বহল প্ৰচেষ্টাৰ অংশ হিচাপে চাব পাৰি।

সোমবাৰে টকাৰ সমৰ্থনত ভাৰতীয় ৰিজাৰ্ভ বেংকে হস্তক্ষেপ কৰে। ব্যৱসায়ীসকলৰ মতে, সম্ভৱতঃ আৰ বি আইৰ হৈ স্থানীয় মুদ্ৰা সুস্থিৰ কৰিবলৈ চৰকাৰী বেংকসমূহক মাজে মাজে ডলাৰ বিক্ৰী কৰা দেখা গৈছে। ইফালে আমেৰিকান ডলাৰৰ সূচকাংক ০.৩% হ্ৰাস পাই ১০২.৮৫ত উপনীত হোৱাৰ বিপৰীতে এছিয়াৰ বেছিভাগ মুদ্ৰাই ০.৩%ৰ পৰা ২.২%ৰ ভিতৰত বৃদ্ধি পোৱা দেখা গৈছে।
আমেৰিকাৰ বণ্ডৰ প্ৰসাৰ তীব্ৰভাৱে হ্ৰাস পাইছে। দহ বছৰৰ ট্ৰেজাৰীৰ প্ৰসাৰ আঠ পইণ্টৰ ভিত্তিত ৩.৭১% লৈ হ্ৰাস হয়, যিটো ২০২৩ চনৰ জুলাই মাহৰ পিছত ইয়াৰ সৰ্বনিম্ন স্তৰ। শেহতীয়াকৈ ডি বি এছ বেংকে মত প্ৰকাশ কৰি কয় যে সম্ভাৱ্য অৰ্থনৈতিক মন্দাৱস্থাৰ বাবে বজাৰসমূহ ক্ৰমান্বয়ে চিন্তিত হৈ পৰিছে। বিশ্লেষক সকলে যথেষ্ট হাৰ কৰ্তনৰ ভৱিষ্যদ্বাণী কৰিছে যদিও তেওঁলোকৰ মতে এতিয়াৰ বাবে ৫০ পইণ্টৰ আধাৰত কৰ্তনেই যথেষ্ট হ’ব বুলিও মত প্ৰকাশ কৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ