--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিহাৰ চৰকাৰে নিৰ্দেশ দিছে যে ৰাজ্যৰ বাসিন্দাসকলে তেওঁলোকৰ বাহন পঞ্জীয়ন আৰু ড্ৰাইভিং লাইচেন্স (ডি এল)ৰ সৈতে সংযুক্ত মোবাইল নম্বৰ আৰু ঠিকনা আপডেট কৰিব লাগিব। বিহাৰ পৰিবহন বিভাগে সকলো জিলা পৰিবহণ বিষয়া (ডি টি অ’)লৈ এই নিৰ্দেশনা জাৰি কৰি কয় যে যিসকল বাসিন্দাই এই নিৰ্দেশ মানি নচলে তেওঁলোকক জৰিমনা বিহাৰ লগতে বাহন পঞ্জীয়ন আৰু ডি এল দুয়োটাৰে সম্ভাৱ্য নিলম্বন জাৰি কৰিব।

মটৰ বাহন আইনৰ ৪৯ নং ধাৰা অনুসৰি বাহনৰ মালিকে ৩০ দিনৰ ভিতৰত তেওঁলোকৰ ঠিকনাত যিকোনো পৰিৱৰ্তন হ’লে যোগ্য কৰ্তৃপক্ষক অৱগত কৰিব লাগিব। অমান্য হ’লে নিয়ম অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

পৰিবহণ সচিব সঞ্জয় কুমাৰ আগৰৱালাই চালকসকলক বাহন আৰু সাৰথি পৰ্টেলত নিজৰ মোবাইল নম্বৰ আপডেট কৰাৰ বাবে এমাহৰ সময়সীমা ঘোষণা কৰে।পাছত যদি তথ্যসমূহ পুৰণি হৈ থাকে তেন্তে সংশ্লিষ্ট চালক বা বাহনৰ মালিকৰ বিৰুদ্ধে বিভাগে ব্যৱস্থা গ্ৰহণ কৰিব।লগতে পৰিবহণ বিভাগে উল্লেখ কৰে যে বহু চালকৰ বাহন পঞ্জীয়ন আৰু ডি এলৰ সৈতে জড়িত ম’বাইল নম্বৰ আৰু ঠিকনা পুৰণি হৈ গৈছে। ইয়াৰ ফলত দুৰ্ঘটনা বা অন্যান্য ঘটনাৰ ক্ষেত্ৰত বাহনৰ মালিক বা চালক চিনাক্তকৰণত অসুবিধাৰ সৃষ্টি হয়। ইয়াৰ উপৰিও ট্ৰেফিক উলংঘাৰ বাবে ই-চালান জাননীসমূহ প্ৰেৰণ কৰাত অসুবিধাৰ সৃষ্টি হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু