--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিহাৰ চৰকাৰে নিৰ্দেশ দিছে যে ৰাজ্যৰ বাসিন্দাসকলে তেওঁলোকৰ বাহন পঞ্জীয়ন আৰু ড্ৰাইভিং লাইচেন্স (ডি এল)ৰ সৈতে সংযুক্ত মোবাইল নম্বৰ আৰু ঠিকনা আপডেট কৰিব লাগিব। বিহাৰ পৰিবহন বিভাগে সকলো জিলা পৰিবহণ বিষয়া (ডি টি অ’)লৈ এই নিৰ্দেশনা জাৰি কৰি কয় যে যিসকল বাসিন্দাই এই নিৰ্দেশ মানি নচলে তেওঁলোকক জৰিমনা বিহাৰ লগতে বাহন পঞ্জীয়ন আৰু ডি এল দুয়োটাৰে সম্ভাৱ্য নিলম্বন জাৰি কৰিব।

মটৰ বাহন আইনৰ ৪৯ নং ধাৰা অনুসৰি বাহনৰ মালিকে ৩০ দিনৰ ভিতৰত তেওঁলোকৰ ঠিকনাত যিকোনো পৰিৱৰ্তন হ’লে যোগ্য কৰ্তৃপক্ষক অৱগত কৰিব লাগিব। অমান্য হ’লে নিয়ম অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

পৰিবহণ সচিব সঞ্জয় কুমাৰ আগৰৱালাই চালকসকলক বাহন আৰু সাৰথি পৰ্টেলত নিজৰ মোবাইল নম্বৰ আপডেট কৰাৰ বাবে এমাহৰ সময়সীমা ঘোষণা কৰে।পাছত যদি তথ্যসমূহ পুৰণি হৈ থাকে তেন্তে সংশ্লিষ্ট চালক বা বাহনৰ মালিকৰ বিৰুদ্ধে বিভাগে ব্যৱস্থা গ্ৰহণ কৰিব।লগতে পৰিবহণ বিভাগে উল্লেখ কৰে যে বহু চালকৰ বাহন পঞ্জীয়ন আৰু ডি এলৰ সৈতে জড়িত ম’বাইল নম্বৰ আৰু ঠিকনা পুৰণি হৈ গৈছে। ইয়াৰ ফলত দুৰ্ঘটনা বা অন্যান্য ঘটনাৰ ক্ষেত্ৰত বাহনৰ মালিক বা চালক চিনাক্তকৰণত অসুবিধাৰ সৃষ্টি হয়। ইয়াৰ উপৰিও ট্ৰেফিক উলংঘাৰ বাবে ই-চালান জাননীসমূহ প্ৰেৰণ কৰাত অসুবিধাৰ সৃষ্টি হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ