--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বাস্তুশাস্ত্ৰৰ মতে ঘৰত সুখ-সমৃদ্ধিৰ বাবে বহু ব্যৱস্থাৰ পৰামৰ্শ দিয়া হৈছে। বিশ্বাস কৰা হয় যে বাস্তুশাস্ত্ৰৰ পদ্ধতি গ্ৰহণ কৰিলে পৰিয়ালৰ সদস্যসকলৰ উন্নতি হয় আৰু সুখ-শান্তি অটুট থাকিব। যদি আপোনাৰ ঘৰত বাস্তুৰ দোষ থাকে বা সুখ-শান্তি সদায় বিঘ্নিত হয়, তেন্তে আপোনাৰ ঘৰৰ বাহিৰত এইসমূহ বাস্তু টিপছ অনুসৰণ শুভ ফললাভ কৰিব।

 * মূল দুৱাৰত দুটা গণেশৰ মূৰ্তি ৰাখক-

বাস্তুৰ মতে যদি আপুনি মূল দুৱাৰৰ ভিতৰত আৰু বাহিৰত গণেশৰ দুটা মূৰ্তি এনেদৰে ৰাখক যাতে দুয়োটা মূৰ্তিৰ পিঠি ইটোৱে-সিটোৰ লগত সংযুক্ত হৈ আছে। বিশ্বাস কৰা হয় যে এনে কৰিলে পৰিয়ালৰ সকলো বাধা-বিঘিনি আঁতৰি দুখ-কষ্ট দূৰ হয়।

 * ঘৰৰ বাহিৰত তোৰণ-

বাস্তুশাস্ত্ৰৰ মতে ঘৰৰ মূল দুৱাৰত তোৰণ স্থাপন কৰাটো অত্যন্ত শুভ মনা হয়। তোৰণত সদায় আম, আঁহত বা অশোক গছৰ পাতৰ পৰা তৈয়াৰ কৰিব লাগে। ইয়াৰ বাবে অপশক্তিয়ে আপোনাৰ ঘৰত প্ৰৱেশ কৰিব নোৱাৰে আৰু ঘৰখনত সুখৰ পৰিৱেশ গঢ় লয়। যিকোনো উৎসৱ বা শুভ দিনত তোৰণ স্থাপন কৰিব লাগে।

 * মালক্ষ্মীৰ চৰণ-

বিশ্বাস কৰা হয় যে ঘৰৰ ভিতৰলৈ অহাৰ দিশত মালক্ষ্মীৰ চৰণ ৰাখে, তেন্তে এই কাৰ্যই আপোনাক ইতিবাচকতা প্ৰদান কৰে। মালক্ষ্মীৰ চৰণক সুখ-সমৃদ্ধিৰ প্ৰতীক বুলি গণ্য কৰা হয়।

 * নেমু-জলকীয়া-

যদি আপোনাৰ ঘৰত প্ৰায়ে শান্তি বিঘ্নিত হয় বা হৈ থকা কামত কিবা বাধাৰ সৃষ্টি হয়, তেন্তে শনিবাৰে ঘৰৰ বাহিৰত ক’লা কাপোৰ এটুকুৰাৰ সৈতে নেমু আৰু জলকীয়া বান্ধি দিব, ইয়াৰ ফলত আপোনাৰ ঘৰৰ পৰা ঋণাত্মক শক্তি দূৰ হ’ব।

 * ঘোঁৰাৰ নাল-

ঘৰৰ বাহিৰত ঘোঁৰাৰ নাল ৰাখিলে ভাল ফলাফল পোৱা যায়। ঘোঁৰাৰ নাল লগোৱাৰ এৰাতি আগতে সৰিয়হৰ তেলত তিয়াই থ’ব লাগে, তাৰ পাছত শনিবাৰে ঘৰৰ বাহিৰত লগাব লাগে। ইয়াৰ দ্বাৰা আপোনাৰ ঘৰৰ পৰা সকলো সমস্যা দূৰ হ’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক