--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বাস্তুশাস্ত্ৰৰ মতে ঘৰত সুখ-সমৃদ্ধিৰ বাবে বহু ব্যৱস্থাৰ পৰামৰ্শ দিয়া হৈছে। বিশ্বাস কৰা হয় যে বাস্তুশাস্ত্ৰৰ পদ্ধতি গ্ৰহণ কৰিলে পৰিয়ালৰ সদস্যসকলৰ উন্নতি হয় আৰু সুখ-শান্তি অটুট থাকিব। যদি আপোনাৰ ঘৰত বাস্তুৰ দোষ থাকে বা সুখ-শান্তি সদায় বিঘ্নিত হয়, তেন্তে আপোনাৰ ঘৰৰ বাহিৰত এইসমূহ বাস্তু টিপছ অনুসৰণ শুভ ফললাভ কৰিব।

 * মূল দুৱাৰত দুটা গণেশৰ মূৰ্তি ৰাখক-

বাস্তুৰ মতে যদি আপুনি মূল দুৱাৰৰ ভিতৰত আৰু বাহিৰত গণেশৰ দুটা মূৰ্তি এনেদৰে ৰাখক যাতে দুয়োটা মূৰ্তিৰ পিঠি ইটোৱে-সিটোৰ লগত সংযুক্ত হৈ আছে। বিশ্বাস কৰা হয় যে এনে কৰিলে পৰিয়ালৰ সকলো বাধা-বিঘিনি আঁতৰি দুখ-কষ্ট দূৰ হয়।

 * ঘৰৰ বাহিৰত তোৰণ-

বাস্তুশাস্ত্ৰৰ মতে ঘৰৰ মূল দুৱাৰত তোৰণ স্থাপন কৰাটো অত্যন্ত শুভ মনা হয়। তোৰণত সদায় আম, আঁহত বা অশোক গছৰ পাতৰ পৰা তৈয়াৰ কৰিব লাগে। ইয়াৰ বাবে অপশক্তিয়ে আপোনাৰ ঘৰত প্ৰৱেশ কৰিব নোৱাৰে আৰু ঘৰখনত সুখৰ পৰিৱেশ গঢ় লয়। যিকোনো উৎসৱ বা শুভ দিনত তোৰণ স্থাপন কৰিব লাগে।

 * মালক্ষ্মীৰ চৰণ-

বিশ্বাস কৰা হয় যে ঘৰৰ ভিতৰলৈ অহাৰ দিশত মালক্ষ্মীৰ চৰণ ৰাখে, তেন্তে এই কাৰ্যই আপোনাক ইতিবাচকতা প্ৰদান কৰে। মালক্ষ্মীৰ চৰণক সুখ-সমৃদ্ধিৰ প্ৰতীক বুলি গণ্য কৰা হয়।

 * নেমু-জলকীয়া-

যদি আপোনাৰ ঘৰত প্ৰায়ে শান্তি বিঘ্নিত হয় বা হৈ থকা কামত কিবা বাধাৰ সৃষ্টি হয়, তেন্তে শনিবাৰে ঘৰৰ বাহিৰত ক’লা কাপোৰ এটুকুৰাৰ সৈতে নেমু আৰু জলকীয়া বান্ধি দিব, ইয়াৰ ফলত আপোনাৰ ঘৰৰ পৰা ঋণাত্মক শক্তি দূৰ হ’ব।

 * ঘোঁৰাৰ নাল-

ঘৰৰ বাহিৰত ঘোঁৰাৰ নাল ৰাখিলে ভাল ফলাফল পোৱা যায়। ঘোঁৰাৰ নাল লগোৱাৰ এৰাতি আগতে সৰিয়হৰ তেলত তিয়াই থ’ব লাগে, তাৰ পাছত শনিবাৰে ঘৰৰ বাহিৰত লগাব লাগে। ইয়াৰ দ্বাৰা আপোনাৰ ঘৰৰ পৰা সকলো সমস্যা দূৰ হ’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু