--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃঘৰ এটা নিৰ্মাণৰ সৈতে বহু কেইটা দিশ জড়িত হৈ থাকে।বাস্তুশাস্ত্ৰই ঘৰৰ বিভিন্ন স্থানত কি কি বস্তু স্থাপন কৰিব লাগিব সেই বিষয়ে বিজ্ঞানসন্মতভাৱে বিধি দি গৈছে। বাস্তুশাস্ত্ৰৰ নিয়ম অনুসৰি এটা ঘৰত কমেও তিনিটা কোঠা থকাটো ভাল ঘৰত থকা কোঠাৰ সংখ্যা সদায় অযুগ্ম হ'ব লাগে। ঘৰ নিৰ্মাণৰ পূৰ্বে ভূমি পূজনৰ পিছত নিৰ্মাণৰ কামত হাত দিব লাগে। এই ক্ষেত্ৰত ভূমি খননৰ কেতবোৰ নিয়ম বাস্তুশাস্ত্রই বান্ধি দিছে।

 বাস্তুশাস্ত্র অনুসৰি ঘৰ নিৰ্মাণৰ বাবে প্ৰথমে ভূমিৰ উত্তৰ পূব অংশত খনন কৰিব লাগে। তাৰ পিছত উত্তৰ-পশ্চিম, দক্ষিণ-পূব আৰু শেষত দক্ষিণ-পশ্চিম অংশ খনন কৰিব লাগে। ঘৰ এটা নিৰ্মাণ কৰা সময়ত সদায় দক্ষিণ-পূব অংশৰ পৰা ঘৰৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰিব পাৰিলে ভাল। ঘৰৰ পূব আৰু উত্তৰ দিশে যাতে কিছু খোলা ঠাই থাকে, সেই কথাৰ প্ৰতি মন দিব লাগে। ভূমিক আৱৰি ৰাখিবলৈ চাৰিওদিশে দেৱাল দিব লাগে। সেই দেৱালৰ উচ্চতা ঘৰৰ উচ্চতাৰ সৈতে সামঞ্জস্য ৰাখি কৰিব লাগে। ঘৰৰ দেৱাল দিয়াৰ ক্ষেত্ৰত কেতবোৰ বিশেষ নিয়ম মানি চলিব লাগে। বিশেষকৈ পশ্চিম দিশৰ দেৱাল পূব দিশৰ দেৱালতকৈ ওখ হ'ব লাগে। দেৱালত থকা প্ৰৱেশ দুৱাৰ নিৰ্মাণৰ ক্ষেত্ৰতো বাস্তু শাস্ত্ৰই কেতবোৰ নিয়ম বান্ধি দিছে। মাটি যদি পূবমুৱা হয় তেন্তে সীমাৰ দেৱালৰ প্ৰৱেশ দুৱাৰ নিৰ্মাণ কৰিব লাগে উত্তৰ-পূব দিশৰ পূব পিনে। শিশি নথ থাকা

মাটি যদি পশ্চিমমুৱা হয় তেন্তে সীমাৰ দেৱালৰ প্ৰৱেশ দুৱাৰ উত্তৰ-পশ্চিম দিশৰ  পশ্চিম পিনে সাজিব লাগে। মাটি ত যদি দক্ষিণমুৱা হয় তেন্তে সীমাৰ দেৱালৰ দুৱাৰ দক্ষিণ-পূব দিশৰ দক্ষিণ পিনে সাজিব লাগে। কেতিয়াও সীমাৰ দেৱাল দক্ষিণ-পূবৰ পূব দিশ, দক্ষিণ পশ্চিমৰ পশ্চিম দিশ, উত্তৰ-পশ্চিমৰ উত্তৰ দিশ আৰু দক্ষিণ দিশে প্রৱেশ দুৱাৰ নিৰ্মাণ কৰিব নালাগে। এনেবোৰ দিশত প্ৰৱেশ দুৱাৰ নিৰ্মাণ কৰিলে গৃহকন্দল অনবৰতে চলি থাকিব। মাটি এডোখৰৰ মধ্যস্থলক ব্ৰহ্মস্থল বুলি কোৱা হয়। এই ব্ৰহ্মস্থল সদায় সুৰক্ষিত কৰি ৰাখিব লাগে। ব্ৰহ্মস্থলত কোনো ওজনযুক্ত বন্ধ ৰাখিব নালাগে। তদুপৰি ব্ৰহ্মস্থলত কোনোধৰণৰ দেৱাল, স্তম্ভ আদি সাজিব নালাগে। ঘৰৰ বাৰাণ্ডা আদি নিৰ্মাণৰ ক্ষেত্ৰতো দিশৰ গুৰুত্ব অধিক। ঘৰৰ বাৰাণ্ডা নিৰ্মাণ কৰাৰ ক্ষেত্ৰত সদায় উত্তৰ বা পূব দিশটো বাছি ল'ব লাগে। 

ঘৰৰ বাৰাণ্ডাত জোতা, চেণ্ডেল আদি ৰাখিবলৈ উত্তৰ-পশ্চিম দিশটো নির্বাচন কৰিব লাগে। ঘৰ এটা নিৰ্মাণ কৰাৰ সময়ত পানীৰ উৎস নিশ্চিত কৰাটো অতি প্রয়োজনীয় কথা। পানীৰ উৎস বিভিন্ন ধৰণৰ দমকল, নাদ আদি হ'ব পাৰে। এনেধৰণৰ দমকল, নাদ আদি ঘৰৰ উত্তৰ-পূব দিশত স্থাপন কৰিব লাগে। পানী ৰাখিবলৈ যদি টেংকীৰ প্ৰয়োজন হয় তেন্তে তেনে টেংকী ঘৰৰ উত্তৰ-পশ্চিম নাইবা দক্ষিণ-পূব দিশত স্থাপন কৰিব লাগে। সাধাৰণতে প্ৰতিটো ঘৰতেই আলহী বহিব পৰা একোটা বিশেষ কোঠা থাকে। এনে কোঠা ঘৰৰ পূব বা উত্তৰ-পশ্চিম  দিশত নিৰ্মাণ কৰিব লাগে। আলহী বহা ঘৰত গৃহস্থই বহা আসন পশ্চিম বা পূব পিনে ৰাখিব লাগে। আলহী বহিব পৰা আসন দক্ষিণ বা পশ্চিম পিনে স্থাপন কৰিব লাগে। ঘৰত শৌচাগাৰ নিৰ্মাণ কৰাৰ ক্ষেত্ৰতো দিশৰ গুৰুত্ব থাকে। 

শৌচাগাৰ নিৰ্মাণৰ ক্ষেত্ৰত ঘৰৰ উত্তৰ বা পূব দিশটো বাছি ল'ব লাগে।যদি শোৱনি কোঠাৰ লগত সংলগ্ন কৰি শৌচাগাৰ নিৰ্মাণ কৰিবলগীয়া হয়। তেন্তে সেয়া উত্তৰ-পশ্চিম অথবা দক্ষিণ-পূব দিশত নিৰ্মাণ কৰিব লাগে। ঘৰৰ কোঠাৰ ভিতৰত বিছনা আদি স্থাপন কৰাৰ ক্ষেত্ৰত সাৱধান হ'ব লাগে। বিছনা কমেও দেৱালৰ পৰা প্ৰায় তিনি ইঞ্চি দূৰত স্থাপন কৰিব লাগে। শোৱনি কোঠাৰ দক্ষিণ-পশ্চিম দিশত বিছনা আদি স্থাপন কৰিব লাগে। আলমাৰী অথবা আন শ্ব’কেচ আদি কোঠাৰ ভিতৰত ৰখাৰ উত্তম দিশ হৈছে ঘৰৰ দক্ষিণ-পশ্চিম দিশ। পঢ়া-শুনা কৰাৰ কোঠা নিৰ্মাণৰ উত্তম দিশ হৈছে উত্তৰ বা পশ্চিম দিশ। অতিথি আদি থাকিব পৰা কোঠা ঘৰৰ উত্তৰ পশ্চিম দিশে সাজিলে ভাল। অসুস্থ হৈ পৰা লোকক ঘৰৰ উত্তৰ-পূব দিশৰ কোঠাত ৰাখিলে তেওঁ শীঘ্ৰে আৰোগ্য লাভ কৰে। 

মন্দিৰ আদি স্থাপন কৰাৰ ক্ষেত্ৰত ঘৰৰ উত্তৰ-পূব দিশটোক নিৰ্বাচন কৰিব লাগে ৷ এইক্ষেত্ৰত গৃহস্থই পূব বা উত্তৰমুৱা হৈ পূজা-অৰ্চনা আদি কৰিব পাৰে। এনেদৰে বিভিন্ন কামত ব্যৱহাৰ কৰা বিভিন্ন ধৰণৰ কোঠা আদি বাস্তুশাস্ত্ৰৰ নিয়ম অনুসৰি সঠিক দিশত নিৰ্মাণ কৰিলে গৃহস্থৰ সুখ-সমৃদ্ধি বৃদ্ধি পায় আৰু গৃহস্থ সুস্বাস্থ্যৱান তথা ধনৱান হৈ পৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সৰ্থেবাৰী আৰক্ষীৰ বৃহৎ সফলতা; জালত পৰিল গভাইত চোৰৰ চক্ৰ, বুজন পৰিমাণৰ কাঁহৰ বাচন-বৰ্তন উদ্ধাৰ
কোনে তুলি ল’ব এইবাৰৰ বিশ্বকাপ? বিশ্বজুৰি অন্তহীন জল্পনা-কল্পনা
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
৩.৫৯%! ৰাজ্যত ছমাহত মুদ্রাস্ফীতিৰ ভয়াৱহ ৰূপ
উপভোক্তাৰ পক্ষত ই-২০ পেট্র’ল বিষয়ক প্রথমটো গোচৰৰ ৰায়
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement