--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  বাস্তু শাস্ত্ৰই ঘৰৰ কোন দিশত কি কোঠা স্থাপন কৰিব লাগে সেই বিষয়ত বিধান দিছে। ঘৰত ছাত্ৰ-ছাত্ৰীয়ে পঢ়া-শুনা কৰাৰ বাবে আছুতীয়া কোঠাৰ প্ৰয়োজন হয়। আচুতীয়া কোঠা নহ'লে ছাত্ৰ-ছাত্ৰীসকলৰ পঢ়াত ব্যাঘাত জন্মে। সেইবাবে ছাত্ৰ-ছাত্ৰীসকলে নিৰিবিলি পৰিৱেশত যাতে অধ্যয়ন কৰিব পাৰে সেইবাবে সুকীয়া কোঠা নিৰ্ধাৰণ কৰিব লাগে।

ছাত্ৰ-ছাত্ৰীয়ে পঢ়া-শুনা কৰাৰ বাবে ঘৰৰ উত্তৰ-পূব বা পূব দিশে কোঠা নিৰ্ধাৰণ কৰিব লাগে। উত্তৰ-পূব বা পূব দিশে থকা কোঠাত অধ্যয়ন কৰিলে ছাত্ৰ-ছাত্ৰীৰ একাগ্ৰতা তথা মনোযোগ বৃদ্ধি পায়। ফলত ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়নৰ ক্ষেত্ৰত সফলতা অৰ্জন কৰিবলৈ সক্ষম হয়।

ঘৰৰ ভিতৰত ৰান্ধনীশাল সদায় দক্ষিণ-পূব দিশত ৰাখিব লাগে । এই দিশটো হৈছে অগ্নিৰ অৱস্থানৰ দিশ। সেয়ে এই দিশটোত ৰান্ধনীশাল স্থাপন কৰিব লাগে । এই দিশটোতে ঘৰৰ ইলেকট্রিক মিটাৰ আদিও স্থাপন কৰিব লাগে । ঘৰৰ উত্তৰ-পূব দিশত বা মাজ ভাগত কেতিয়াও ৰান্ধনীশাল নতুন বৈদ্যুতিক সা-সৰঞ্জাম আদি স্থাপন কৰিব নালাগে । একেদৰে কাৰখানাৰ ক্ষেত্ৰত সদায় দক্ষিণ-পূব দিশতহে কাৰখানাৰ বয়লাৰ আদি স্থাপন কৰিব লাগে।

ঘৰত পানী ৰখা জলাধাৰ, স্নানাগাৰ আৰু পানী সম্পৰ্কীয় যিকোনো স্থান সদায় উত্তৰ-পশ্চিম কোণত স্থাপন কৰিব লাগে। ঘৰৰ দক্ষিণ পূব দিশত কেতিয়াও স্নানাগাৰ, শৌচাগাৰ, জলাধাৰ, দমকল আদি স্থাপন কৰিব নালাগে । ঘৰত যিদৰে মানুহে বাস কৰে ঠিক তেনেদৰে ঘৰত দেৱতাই বাস কৰাৰ বাবেও বিশেষ গৃহৰ প্ৰয়োজন হয়। তেনে গৃহক আমি সাধাৰণতে মন্দিৰ বুলি কও। ঘৰত এটা মন্দিৰ থাকিলে ঘৰৰ পৰিবেশ সুন্দৰ হৈ থাকে আৰু নানান অপায় অমংগলৰ পৰা গৃহস্থ ৰক্ষা পৰে। ঘৰত মন্দিৰ স্থাপনৰ উপযুক্ত দিশ হ'ল উত্তৰ-পূব দিশ। উত্তৰ-পূব দিশত স্থাপন কৰা মন্দিৰত বিধি অনুসৰি দেৱ-দেৱতাৰ মূৰ্তি অথবা ছবি ৰাখিব লাগে।

ঘৰত নানান ধৰণৰ ওজনযুক্ত বস্তু ৰখা হয়। তেনে ওজনযুক্ত বস্তুসমূহ ঘৰৰ য'তে ত'তে ৰাখিলে দুৰ্ঘটনা হোৱাৰ আশংকা থকাৰ লগতে নানান অমংগল হ'ব পাৰে। ঘৰত সদায় ওজনযুক্ত বস্তু আৰু ভঁৰালগৃহ ঘৰৰ দক্ষিণ-পশ্চিম দিশত স্থাপন কৰা উচিত। ভঁৰালগৃহ কেতিয়াও উত্তৰ-পূব, দক্ষিণ-পূর্ব, উত্তৰ- পশ্চিম দিশত স্থাপন কৰিব নালাগে। এই দিশকেইটাত কোনো গধুৰ বস্তু ৰাখিব নালাগে ৷ একেদৰে ঘৰৰ মধ্যস্থলত ভঁৰালগৃহ স্থাপন কৰিব নালাগে আৰু কোনো অত্যধিক ওজনৰ বস্তু ৰাখিব নালাগে ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে