--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজিকালি চহৰৰ লগতে বহু  গাওঁ এলেকাতো কল-কাৰখানা, উদ্যোগ আদি গঢ় লৈ উঠিছে।   ফলত প্ৰদূষণৰ মাত্ৰাও বৃদ্ধি পাছে। কথা। প্ৰদূষণৰ বাবেই মানুহে এতিয়া অত্যধিক হাৰত কৰ্কট, হাওঁফাওঁৰ ৰোগ, ছালৰ ৰোগ আদিত আক্রান্ত হ'বলৈ ধৰিছে। এক কথাত প্ৰদূষণৰ প্ৰধান কাৰণ হৈছে কল কাৰখানাসমূহ। 

কল-কাৰখানাৰ পৰা ওলোৱা বৰ্জিত পদার্থ, ধোঁৱা আদিয়ে পৰিবেশ প্ৰদূষিত কৰি তোলে। কিন্তু উন্নয়নৰ বাবে কল-কাৰখানা লাগিবই। সেইবাবে কল-কাৰখানাৰ সৈতে মানুহে এতিয়া সহাৱস্থান কৰিবলৈ বাধ্য হৈছে। কল-কাৰখানাৰ প্ৰদুষণে যাতে মানুহৰ বিশেষ ক্ষতিসাধন কৰিব নোৱাৰে সেই উদ্দেশ্যে বাস্তু শাস্ত্ৰত কেতবোৰ বিধান দিয়া হৈছে। 

এই বিধানসমূহ মানি চলিলে প্ৰদূষণৰ পৰা কিছু পৰিমাণে হ'লে মুক্ত হৈ থাকিব পৰা যাব। ঘৰৰ কাষত যদি কোনো কল-কাৰখানা থাকে তেন্তে তলৰ বিধানসমূহ মানি চলিব পাৰে।

ঘৰৰ ওচৰত এটা ডাঙৰ বেলুন আঁৰি থৈ দিয়ক। ঘৰৰ সন্মুখত কিছু দূৰলৈ নিশাৰ ভাগত যাতে প্ৰচুৰ পোহৰ সৃষ্টি হয় তাৰ বাবে বিজুলীবাতি লগাওক। সেই বিজুলী বাতিৰ পোহৰত যাতে আপোনাৰ ঘৰখন আলোকিত হৈ থাকে সেই কথালৈ মন কৰক।

ঘৰৰ সন্মুখত ওখ গছ ৰোপণ কৰক।

ঘৰৰ চৌপাশে বাস্তুৰ বিধি অনুসৰি প্ৰচুৰ পৰিমাণে নিম গছ ৰোপণ কৰক। নিম গছে পৰিৱেশৰ প্ৰদূষিত পদার্থ শোষণ কৰি লয় আৰু বায়ুমণ্ডলত প্ৰচুৰ পৰিমাণে অক্সিজেন এৰি দিয়ে ।

ঘৰৰ ওচৰে পাজৰে গছ ৰোপণৰ ক্ষেত্ৰত সদায় বাস্তু বিধি মানি চলিব লাগিব । কেতিয়াও পূব আৰু উত্তৰ অংশত ওখ গছ ৰুব নালাগিব।এনেবোৰ নিয়ম পালন কৰিলে সুফল পোৱা যাব বুলি বাস্তু বিশেষজ্ঞসকলে কৈ আহিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ