--°C
Loading...
Listen to Article
2 min read
80%

ৰাছিয়াঃ ৰাছিয়াৰ কূটনীতিবিদসকলে কাবুলৰ নতুন শাসনক সমৰ্থন কৰি আফগান ৰাজধানী পূৰ্বতকৈ অধিক সুৰক্ষিত বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। ইফালে আফগানিস্তানৰ ওপৰত তালিবানৰ নিয়ন্ত্ৰণ এক বাস্তৱ আৰু ইয়াক গ্ৰহণ কৰিব লাগিব বুলি সদৰী কৰিছে ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে।


ৰাছিয়াৰ ৰাষ্ট্ৰদূত দিমিত্ৰী ঝিৰনফে কাবুল দখল কৰাৰ ৪৮ ঘণ্টাৰ ভিতৰত তালিবান প্ৰতিনিধিসকলক সাক্ষাৎ কৰিছিল। তেতিয়াও তেওঁ তালিবানৰ সপক্ষে মতপোষণ কৰিছিল। আনকি তালিবান যোদ্ধাসকলে প্ৰতিশোধৰ মানসিকতাৰে হিংসাত্মক কাৰ্য চলাই থকাৰ কোনো প্ৰমাণ নাই বুলি তেওঁ ব্যক্ত কৰিছিল ।


ৰাষ্ট্ৰসংঘত মস্কোৰ দূত ভাচিলি নেবেঞ্জিয়াইও আফগানিস্তানত আপোচ কৰাৰ উজ্জ্বল সম্ভাৱনাৰ কথা কয়। বহু বছৰৰ ৰক্তপাতৰ পাছত দেশৰ আইন-শৃংখলা পৰিস্থিতি স্বাভাৱিক হৈ পৰাৰ আশা ব্যক্ত কৰিছিল ভাচিলি নেবেঞ্জিয়াই।


ৰাষ্ট্ৰপতি পুটিনে আফগানিস্তানলৈ বিশেষ প্ৰতিনিধি হিচাপে প্ৰেৰণ কৰা ব্যক্তিজন আছিল জামিৰ কাবুলফ। নিৰ্বাসিত ৰাষ্ট্ৰপতি আশ্ৰাফ ঘানিৰ ‘পুতলা চৰকাৰ’তকৈ তালিবানৰ সৈতে আপোচ কৰাটো বহুত সহজ বুলি তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।


ইফালে ৰাছিয়াৰ কূটনীতিবিদসকলে কাবুলৰ পৰা পলায়ন কৰাৰ সময়ত ৪খন গাড়ী আৰু এখন হেলিকপ্টাৰ ধনেৰে ভৰ্তি কৰি লৈ যোৱাৰ অভিযোগ উত্থাপন কৰিছে আশ্ৰাফ ঘানিৰ বিৰুদ্ধে । পৰৱৰ্তী সময়ত ঘানিয়ে অৱশ্যে অভিযোগবোৰ মিছা বুলি খাৰিজ কৰিছিল।


সম্প্ৰতি ৰাছিয়াই তালিবানক আফগানিস্তানৰ বৈধ শাসক হিচাপে স্বীকৃতি দিয়া নাই যদিও তালিবানৰ প্ৰতি মস্কো চৰকাৰৰ মনোভাৱ যথেষ্ট কোমল। ৰাছিয়াৰ চৰকাৰী সংবাদ সংস্থা তাছে চলিত সপ্তাহৰ পৰা তালিবানক বৰ্ণনা কৰা প্ৰতিবেদনত 'সন্ত্ৰাসবাদী' শব্দটোৰ পৰিৱৰ্তে 'মৌলবাদ' শব্দটো ব্যৱহাৰ কৰাও পৰিলক্ষিত হৈছে। ৰাছিয়ান চৰকাৰে লাহে লাহে তালিবানৰ সৈতে এটা সৌহাৰ্দপূৰ্ণ সম্পৰ্ক গঢ়ি তোলা দেখা গৈছে। উল্লেখ্য যে, ৰাছিয়াই সন্ত্ৰাসবাদী আৰু নিষিদ্ধ সংগঠন বুলি বিবেচনা কৰা দেশ আৰু প্ৰতিষ্ঠানসমূহৰ সৈতে ২০০৩চনৰ পৰাই মিলিত হৈ আছে। কিন্তু তালিবান প্ৰতিনিধিসকলে ২০১৮ চনৰ পৰা নিয়মীয়াকৈ আলোচনাৰ বাবে মস্কোলৈ গৈ আছিল।শাসনৰ বাঘজৰী হাতলৈ অহাৰ লগে লগে ৰাছিয়াৰ সৈতে তেওঁলোকৰ মাজৰ সম্পৰ্কই এক নতুন ৰূপ যে নল'ব তাত কোনো সন্দেহ নাই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ