--°C
Loading...
Listen to Article
2 min read
80%

ৰাছিয়াঃ ৰাছিয়াৰ কূটনীতিবিদসকলে কাবুলৰ নতুন শাসনক সমৰ্থন কৰি আফগান ৰাজধানী পূৰ্বতকৈ অধিক সুৰক্ষিত বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। ইফালে আফগানিস্তানৰ ওপৰত তালিবানৰ নিয়ন্ত্ৰণ এক বাস্তৱ আৰু ইয়াক গ্ৰহণ কৰিব লাগিব বুলি সদৰী কৰিছে ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে।


ৰাছিয়াৰ ৰাষ্ট্ৰদূত দিমিত্ৰী ঝিৰনফে কাবুল দখল কৰাৰ ৪৮ ঘণ্টাৰ ভিতৰত তালিবান প্ৰতিনিধিসকলক সাক্ষাৎ কৰিছিল। তেতিয়াও তেওঁ তালিবানৰ সপক্ষে মতপোষণ কৰিছিল। আনকি তালিবান যোদ্ধাসকলে প্ৰতিশোধৰ মানসিকতাৰে হিংসাত্মক কাৰ্য চলাই থকাৰ কোনো প্ৰমাণ নাই বুলি তেওঁ ব্যক্ত কৰিছিল ।


ৰাষ্ট্ৰসংঘত মস্কোৰ দূত ভাচিলি নেবেঞ্জিয়াইও আফগানিস্তানত আপোচ কৰাৰ উজ্জ্বল সম্ভাৱনাৰ কথা কয়। বহু বছৰৰ ৰক্তপাতৰ পাছত দেশৰ আইন-শৃংখলা পৰিস্থিতি স্বাভাৱিক হৈ পৰাৰ আশা ব্যক্ত কৰিছিল ভাচিলি নেবেঞ্জিয়াই।


ৰাষ্ট্ৰপতি পুটিনে আফগানিস্তানলৈ বিশেষ প্ৰতিনিধি হিচাপে প্ৰেৰণ কৰা ব্যক্তিজন আছিল জামিৰ কাবুলফ। নিৰ্বাসিত ৰাষ্ট্ৰপতি আশ্ৰাফ ঘানিৰ ‘পুতলা চৰকাৰ’তকৈ তালিবানৰ সৈতে আপোচ কৰাটো বহুত সহজ বুলি তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।


ইফালে ৰাছিয়াৰ কূটনীতিবিদসকলে কাবুলৰ পৰা পলায়ন কৰাৰ সময়ত ৪খন গাড়ী আৰু এখন হেলিকপ্টাৰ ধনেৰে ভৰ্তি কৰি লৈ যোৱাৰ অভিযোগ উত্থাপন কৰিছে আশ্ৰাফ ঘানিৰ বিৰুদ্ধে । পৰৱৰ্তী সময়ত ঘানিয়ে অৱশ্যে অভিযোগবোৰ মিছা বুলি খাৰিজ কৰিছিল।


সম্প্ৰতি ৰাছিয়াই তালিবানক আফগানিস্তানৰ বৈধ শাসক হিচাপে স্বীকৃতি দিয়া নাই যদিও তালিবানৰ প্ৰতি মস্কো চৰকাৰৰ মনোভাৱ যথেষ্ট কোমল। ৰাছিয়াৰ চৰকাৰী সংবাদ সংস্থা তাছে চলিত সপ্তাহৰ পৰা তালিবানক বৰ্ণনা কৰা প্ৰতিবেদনত 'সন্ত্ৰাসবাদী' শব্দটোৰ পৰিৱৰ্তে 'মৌলবাদ' শব্দটো ব্যৱহাৰ কৰাও পৰিলক্ষিত হৈছে। ৰাছিয়ান চৰকাৰে লাহে লাহে তালিবানৰ সৈতে এটা সৌহাৰ্দপূৰ্ণ সম্পৰ্ক গঢ়ি তোলা দেখা গৈছে। উল্লেখ্য যে, ৰাছিয়াই সন্ত্ৰাসবাদী আৰু নিষিদ্ধ সংগঠন বুলি বিবেচনা কৰা দেশ আৰু প্ৰতিষ্ঠানসমূহৰ সৈতে ২০০৩চনৰ পৰাই মিলিত হৈ আছে। কিন্তু তালিবান প্ৰতিনিধিসকলে ২০১৮ চনৰ পৰা নিয়মীয়াকৈ আলোচনাৰ বাবে মস্কোলৈ গৈ আছিল।শাসনৰ বাঘজৰী হাতলৈ অহাৰ লগে লগে ৰাছিয়াৰ সৈতে তেওঁলোকৰ মাজৰ সম্পৰ্কই এক নতুন ৰূপ যে নল'ব তাত কোনো সন্দেহ নাই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু