--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • আপুনি জানেনে যে ঘিউ সঠিকভাৱে খালে ই আপোনাৰ ওজন কমোৱাত সহায় কৰিব পাৰে।

ডিজিটেল ডেস্কঃ প্ৰায়ে ওজন কমোৱাৰ কথা আহিলে মানুহে প্ৰথমে ঘিউ খাদ্যৰ পৰা বাদ দিয়ে। তেওঁলোকে ভাবে যে ঘিউত চৰ্বি থাকে, যাৰ বাবে ই ওজন বৃদ্ধি কৰে। কিন্তু আপুনি জানেনে যে ঘিউ সঠিকভাৱে খালে ই আপোনাৰ ওজন কমোৱাত সহায় কৰিব পাৰে। গতিকে আহকচোন ঘিউৱে আপোনাৰ ওজন কমোৱাত কেনেদৰে সহায় কৰিব পাৰে জানি লওঁ।


বিপাকীয় ক্ৰিয়া বৃদ্ধি কৰে


ঘিয়ে বিপাকীয় ক্ৰিয়া বৃদ্ধি কৰি ওজন হ্ৰাস কৰাত সহায় কৰে। ঘিউত মিডিয়াম চেইন ট্ৰাইগ্লিচাৰাইড (MCTs) নামৰ চৰ্বি থাকে। শৰীৰে এই চৰ্বি সোনকালে হজম কৰি শক্তি হিচাপে ব্যৱহাৰ কৰে। ইয়াৰ বিশেষ বৈশিষ্ট্য হ’ল ই আন চৰ্বিৰ দৰে শৰীৰত জমা নহয়। ইয়াৰ ফলত অধিক কেলৰি জ্বলায় আৰু ওজন কমোৱাত সহায় কৰে।


চৰ্বি জ্বলাই দিয়ে


ঘিউত কনজুগেটেড লিনোলিক এচিড (CLA) নামৰ ফেটি এচিড থাকে, যিয়ে চৰ্বি জ্বলোৱাত সহায় কৰে। বহু গৱেষণাৰ পৰা দেখা গৈছে যে চি এল এয়ে শৰীৰৰ চৰ্বি হ্ৰাস কৰাত সহায় কৰিব পাৰে আৰু শৰীৰৰ নতুন চৰ্বিৰ গঠন ৰোধ কৰিব পাৰে, যিয়ে ওজন হ্ৰাস কৰাত সহায় কৰে।


বহু সময়লৈকে পেট ভৰপূৰ কৰি ৰাখে


ঘিউ খোৱাৰ পিছত পেটটো বহু সময়লৈকে ভৰপূৰ অনুভৱ হয়। ইয়াত থকা স্বাস্থ্যকৰ চৰ্বিয়ে শৰীৰত এনে হৰম’ন সক্ৰিয় কৰে যাৰ ফলত মগজুৱে পেট ভৰি থকা যেন অনুভৱ কৰে। এনে পৰিস্থিতিত ইয়াক খোৱাৰ পিছত অস্বাস্থ্যকৰ বস্তু খোৱাৰ পৰা বিৰত থাকে, যাৰ ফলত ওজন কমোৱাত সহায় হয়।


হজম শক্তি উন্নত কৰে


ওজন কমাবলৈ ভাল হজম অতি প্ৰয়োজনীয়। ইয়াত ঘিয়ে আপোনাক সহায় কৰিব পাৰে। ঘিউত বুটাইৰেট নামৰ ফেটি এচিড থাকে, যিটো আন্ত্ৰিক স্বাস্থ্যৰ বাবে উপকাৰী। ই প্ৰদাহ কমায় আৰু কোষ্ঠকাঠিন্য দূৰ কৰাত সহায় কৰে। ইয়াক খোৱাৰ পিছত খাদ্য সহজে হজম হয়, যাৰ বাবে শৰীৰে প্ৰয়োজনীয় পুষ্টিকৰ উপাদানসমূহ সহজে লাভ কৰে আৰু বিপাকীয় ক্ৰিয়া বৃদ্ধি পায়, যিয়ে ওজন কমাবলৈ সহায় কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ