--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • আপুনি জানেনে যে ঘিউ সঠিকভাৱে খালে ই আপোনাৰ ওজন কমোৱাত সহায় কৰিব পাৰে।

ডিজিটেল ডেস্কঃ প্ৰায়ে ওজন কমোৱাৰ কথা আহিলে মানুহে প্ৰথমে ঘিউ খাদ্যৰ পৰা বাদ দিয়ে। তেওঁলোকে ভাবে যে ঘিউত চৰ্বি থাকে, যাৰ বাবে ই ওজন বৃদ্ধি কৰে। কিন্তু আপুনি জানেনে যে ঘিউ সঠিকভাৱে খালে ই আপোনাৰ ওজন কমোৱাত সহায় কৰিব পাৰে। গতিকে আহকচোন ঘিউৱে আপোনাৰ ওজন কমোৱাত কেনেদৰে সহায় কৰিব পাৰে জানি লওঁ।


বিপাকীয় ক্ৰিয়া বৃদ্ধি কৰে


ঘিয়ে বিপাকীয় ক্ৰিয়া বৃদ্ধি কৰি ওজন হ্ৰাস কৰাত সহায় কৰে। ঘিউত মিডিয়াম চেইন ট্ৰাইগ্লিচাৰাইড (MCTs) নামৰ চৰ্বি থাকে। শৰীৰে এই চৰ্বি সোনকালে হজম কৰি শক্তি হিচাপে ব্যৱহাৰ কৰে। ইয়াৰ বিশেষ বৈশিষ্ট্য হ’ল ই আন চৰ্বিৰ দৰে শৰীৰত জমা নহয়। ইয়াৰ ফলত অধিক কেলৰি জ্বলায় আৰু ওজন কমোৱাত সহায় কৰে।


চৰ্বি জ্বলাই দিয়ে


ঘিউত কনজুগেটেড লিনোলিক এচিড (CLA) নামৰ ফেটি এচিড থাকে, যিয়ে চৰ্বি জ্বলোৱাত সহায় কৰে। বহু গৱেষণাৰ পৰা দেখা গৈছে যে চি এল এয়ে শৰীৰৰ চৰ্বি হ্ৰাস কৰাত সহায় কৰিব পাৰে আৰু শৰীৰৰ নতুন চৰ্বিৰ গঠন ৰোধ কৰিব পাৰে, যিয়ে ওজন হ্ৰাস কৰাত সহায় কৰে।


বহু সময়লৈকে পেট ভৰপূৰ কৰি ৰাখে


ঘিউ খোৱাৰ পিছত পেটটো বহু সময়লৈকে ভৰপূৰ অনুভৱ হয়। ইয়াত থকা স্বাস্থ্যকৰ চৰ্বিয়ে শৰীৰত এনে হৰম’ন সক্ৰিয় কৰে যাৰ ফলত মগজুৱে পেট ভৰি থকা যেন অনুভৱ কৰে। এনে পৰিস্থিতিত ইয়াক খোৱাৰ পিছত অস্বাস্থ্যকৰ বস্তু খোৱাৰ পৰা বিৰত থাকে, যাৰ ফলত ওজন কমোৱাত সহায় হয়।


হজম শক্তি উন্নত কৰে


ওজন কমাবলৈ ভাল হজম অতি প্ৰয়োজনীয়। ইয়াত ঘিয়ে আপোনাক সহায় কৰিব পাৰে। ঘিউত বুটাইৰেট নামৰ ফেটি এচিড থাকে, যিটো আন্ত্ৰিক স্বাস্থ্যৰ বাবে উপকাৰী। ই প্ৰদাহ কমায় আৰু কোষ্ঠকাঠিন্য দূৰ কৰাত সহায় কৰে। ইয়াক খোৱাৰ পিছত খাদ্য সহজে হজম হয়, যাৰ বাবে শৰীৰে প্ৰয়োজনীয় পুষ্টিকৰ উপাদানসমূহ সহজে লাভ কৰে আৰু বিপাকীয় ক্ৰিয়া বৃদ্ধি পায়, যিয়ে ওজন কমাবলৈ সহায় কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বচ্চন পৰিয়ালত আৰ্থিক সমস্যা ! অমিতাভে বিক্ৰী কৰিলে দুটাকৈ বিলাসী ফ্লেট
নিলম্বন কৰা হ'ল হাফলং উপকাৰাগাৰৰ 'Jailer' আৰু 'Warder'ক
আকৌ উন্মোচন মহম্মদ ইউনুছৰ ভাৰত-বিৰোধী ব্লুপ্রিন্ট, অসমসহ উত্তৰ-পূৰ্বাঞ্চলক সামৰি এখন বৃহত্তৰ বাংলাদেশৰ পৰিকল্পনা
কাছাৰত পুনৰ গ্ৰেপ্তাৰ ভুৱা চিকিৎসক
ভাৰতীয় মহিলা ক্ৰিকেট দলৰ খেলুৱৈসকললৈ Tata Sierra উপহাৰ টাটা মটৰ্ছৰ
মই সেই মুহূৰ্ততে এতিয়াও আবদ্ধ হৈ আছোঁ; আহমেদাবাদ বিমান দুৰ্ঘটনাৰ একমাত্ৰ জীৱিত ব্যক্তি বিশ্বাস কুমাৰ ৰমেশে যুঁজি আছে গুৰুতৰ ৰোগৰ সৈতে
সৰ্বকালৰ অভিলেখ ভাঙি মুক্তি ‘ৰৈ ৰৈ বিনালে’ ; প্ৰথম দৰ্শনী চাই শোকত বিহ্ৱল দৰ্শক
জুবিন গাৰ্গৰ ন্যায় বিচাৰি দুখত ভাগি পৰিছে এগৰাকী আইতা
'হেছটেগ জাষ্টিচ ফৰ জুবিন গাৰ্গ'এ স্পর্শ কৰিলে ৪.১ মিলিয়ন, অসমীয়াৰ ডিজিটেল আন্দোলনৰ অভিলেখ
প্রধানমন্ত্রী মোদী দেখিবলৈও সুন্দৰ, তেওঁ মহান ব্যক্তি; মোদীৰ প্ৰশংসাত পঞ্চমুখ মাৰ্কিন ৰাষ্ট্ৰপতি ট্রাম্প
ৰৈ ৰৈ বিনালে চাবলৈ নোপোৱা দুখে দহিছে মাজুলীবাসীক ; মাজুলীত ছবিগৃহ নিৰ্মাণ কৰাৰ কথা মঞ্চত ঘোষণা কৰিছিল জুবিন গাৰ্গে
বাংলাদেশৰ জাতীয় সংগীত গোৱা কংগ্ৰেছীৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ তৰিব অসম চৰকাৰে
জুবিনৰ শক্তি! ‘ৰৈ ৰৈ বিনালে’ৰ বাবে অসমত এটাও দৰ্শনী পোৱা নাই আজি মুক্তি পোৱা ‘বাহুবলী ৩’য়ে
৩৩ বছৰৰ পাছত পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিব আমেৰিকাই, ৰাছিয়া-চীনক লক্ষ্য কৰি ট্ৰাম্পৰ ঘোষণা