--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ঘৃণামূলক ভাষণৰ বিৰুদ্ধে পুনৰ কঠোৰ হৈছে উচ্চতম ন্যায়ালয়৷ দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে বুধবাৰে মহাৰাষ্ট্ৰৰ হিন্দু জনজাগ্ৰুতি সমিতি আৰু ছত্তীশগড়ত বিজেপি নেতা টি ৰাজা সিঙৰ দ্বাৰা অনুষ্ঠিত হ’বলগীয়া ৰাজহুৱা অনুষ্ঠানসমূহৰ বিৰুদ্ধে আগতীয়া ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিবলৈ অস্বীকাৰ কৰে। 

এই সমদলসমূহৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত এখন আবেদন দাখিল কৰা হৈছিল, য’ত অভিযোগ কৰা হৈছিল যে এই নেতাসকলে ‘হিন্দু ৰাষ্ট্ৰ’ প্ৰতিষ্ঠাৰ অজুহাতত দিয়া সকলো ভাষণত অপৰিহাৰ্যভাৱে মুছলমানসকলৰ বিৰুদ্ধে হিংসা আৰু ঘৃণামূলক বক্তব্য ৰাখে৷

উচ্চতম ন্যায়ালয়ে এই সন্দৰ্ভত জিলা দণ্ডাধীশ আৰু আৰক্ষী অধীক্ষকক অভিযোগসমূহ গ্ৰহণ কৰি উপযুক্ত পদক্ষেপ ল'বলৈ নিৰ্দেশ দিছে৷

প্ৰয়োজন সাপেক্ষে আৰক্ষীয়ে অপ্ৰীতিকৰ ঘটনাৰ ক্ষেত্ৰত অপৰাধীসকলক চিনাক্ত কৰিবলৈ ৰেকৰ্ডিং সুবিধাৰ সৈতে চিচিটিভি স্থাপন কৰা উচিত বুলি উচ্চতম ন্যায়ালয়ে মন্তব্য কৰে৷ আদালতে উল্লেখ কৰিছিল যে উত্থাপিত অভিযোগসমূহৰ বাবে কৰ্তৃপক্ষ সতৰ্ক হোৱাৰ প্ৰয়োজন৷

শুনানিৰ সময়ত আৱেদনকাৰীসকলৰ হৈ উপস্থিত থকা জ্যেষ্ঠ অধিবক্তা কপিল ছিবালে যুক্তি দিছিল যে এই আগন্তুক ৰেলীবোৰ সম্বোধন কৰিবলগীয়া ব্যক্তিসকলৰ বিৰুদ্ধে ইতিমধ্যে এজাহাৰ পঞ্জীয়ন কৰা হৈছে। অৱশ্যে আদালতে কৈছিল যে আদালতে আগতীয়া পদক্ষেপ ল'ব নোৱাৰে৷ আৰু যদি কোনো ঘৃণামূলক ভাষণ দিয়া হয়, তাত চৰকাৰে সিদ্ধান্ত ল'ব লাগিব। যদি কিবা অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয়, তেওঁলোকে ব্যৱস্থা ল'ব পাৰে বুলি ন্যায়ালয়ে উল্লেখ কৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক