--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ঘৃণামূলক ভাষণৰ বিৰুদ্ধে পুনৰ কঠোৰ হৈছে উচ্চতম ন্যায়ালয়৷ দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে বুধবাৰে মহাৰাষ্ট্ৰৰ হিন্দু জনজাগ্ৰুতি সমিতি আৰু ছত্তীশগড়ত বিজেপি নেতা টি ৰাজা সিঙৰ দ্বাৰা অনুষ্ঠিত হ’বলগীয়া ৰাজহুৱা অনুষ্ঠানসমূহৰ বিৰুদ্ধে আগতীয়া ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিবলৈ অস্বীকাৰ কৰে। 

এই সমদলসমূহৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত এখন আবেদন দাখিল কৰা হৈছিল, য’ত অভিযোগ কৰা হৈছিল যে এই নেতাসকলে ‘হিন্দু ৰাষ্ট্ৰ’ প্ৰতিষ্ঠাৰ অজুহাতত দিয়া সকলো ভাষণত অপৰিহাৰ্যভাৱে মুছলমানসকলৰ বিৰুদ্ধে হিংসা আৰু ঘৃণামূলক বক্তব্য ৰাখে৷

উচ্চতম ন্যায়ালয়ে এই সন্দৰ্ভত জিলা দণ্ডাধীশ আৰু আৰক্ষী অধীক্ষকক অভিযোগসমূহ গ্ৰহণ কৰি উপযুক্ত পদক্ষেপ ল'বলৈ নিৰ্দেশ দিছে৷

প্ৰয়োজন সাপেক্ষে আৰক্ষীয়ে অপ্ৰীতিকৰ ঘটনাৰ ক্ষেত্ৰত অপৰাধীসকলক চিনাক্ত কৰিবলৈ ৰেকৰ্ডিং সুবিধাৰ সৈতে চিচিটিভি স্থাপন কৰা উচিত বুলি উচ্চতম ন্যায়ালয়ে মন্তব্য কৰে৷ আদালতে উল্লেখ কৰিছিল যে উত্থাপিত অভিযোগসমূহৰ বাবে কৰ্তৃপক্ষ সতৰ্ক হোৱাৰ প্ৰয়োজন৷

শুনানিৰ সময়ত আৱেদনকাৰীসকলৰ হৈ উপস্থিত থকা জ্যেষ্ঠ অধিবক্তা কপিল ছিবালে যুক্তি দিছিল যে এই আগন্তুক ৰেলীবোৰ সম্বোধন কৰিবলগীয়া ব্যক্তিসকলৰ বিৰুদ্ধে ইতিমধ্যে এজাহাৰ পঞ্জীয়ন কৰা হৈছে। অৱশ্যে আদালতে কৈছিল যে আদালতে আগতীয়া পদক্ষেপ ল'ব নোৱাৰে৷ আৰু যদি কোনো ঘৃণামূলক ভাষণ দিয়া হয়, তাত চৰকাৰে সিদ্ধান্ত ল'ব লাগিব। যদি কিবা অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয়, তেওঁলোকে ব্যৱস্থা ল'ব পাৰে বুলি ন্যায়ালয়ে উল্লেখ কৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু