--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইজৰাইল-হামাছ যুদ্ধৰ মাজতে এগৰাকী ইজৰাইলী যুৱতীয়ে প্ৰকাশ কৰিছে যে হামাছৰ এগৰাকী যোদ্ধাই তেওঁক বিয়া কৰাব বিচাৰিছিল। যোৱা বছৰ গাজাত হামাছে ৫০ দিন বন্দী কৰি ৰাখিছিল ১৮ বছৰীয়া নোগা ৱেইছক।

এই সময়ছোৱাত হামাছৰ যোদ্ধাজনে তেওঁক বিয়া কৰাবলৈ ইচ্ছা প্ৰকাশ কৰে। নোগাই ক’লে যে বন্দীত্বৰ ১৪ দিনৰ দিনা যুঁজাৰুজনে তেওঁক আঙঠি এটা দি ক’লে যে সকলোকে মুকলি কৰি দিয়া হ’ব, কিন্তু তুমি ইয়াত মোৰ লগত থাকি যাবা। তোমাক মই বিয়া কৰাব বিচাৰো. তুমি মোৰ সন্তান জন্ম দিবা।

নোগাই কৈছিল যে হামাছৰ যোদ্ধাজনৰ কথাত তেওঁ বৰ ভয় খাইছিল। যুঁজাৰুজনে তেওঁক বিয়াৰ প্ৰস্তাৱৰ উত্তৰ বিচাৰিলে আৰু নোগাই হাঁহি হাঁহি কথা পাতি থাকিল। কাৰণ তেওঁৰ অনুভৱ হৈছিল যে তেওঁ উত্তৰ নিদিলে যুঁজাৰুজনে তেওঁক গুলীয়াই মাৰিব। ইয়াৰ পিছত মুক্তি পোৱালৈকে তেওঁৰ লগত থাকিল।

পিছত যোদ্ধাজনে নোগাক ৭ অক্টোবৰত তেওঁৰ সৈতে অপহৰণ কৰা মাতৃৰ সৈতে পুনৰ মিলিত কৰে। যুঁজাৰুজনে এই সকলোবোৰ কৰিলে যাতে তেওঁ নোগাৰ মাতৃক বিয়াৰ কথা জনাব পাৰে। 

যুঁজাৰুজনৰ বন্ধুসকলে প্ৰায়ে নোগাক কৈছিল যে তেওঁ নোগাক বহুত ভাল পায় আৰু তেওঁক বিয়া কৰাব বিচাৰে। ইয়াৰ পিছত ২০২৩ চনৰ নৱেম্বৰ মাহত ৪ দিনীয়া যুদ্ধবিৰতিৰ অন্তত নোগা আৰু তেওঁৰ মাতৃক মুকলি কৰি দিয়া হয়।

উল্লেখ্য যে ২০২৩ চনৰ ৭ অক্টোবৰত হামাছে ইজৰাইলত প্ৰৱেশ কৰি ১২০০ লোকক হত্যা কৰাৰ লগতে ২৩৪জনক পণবন্দী কৰি লৈছিল। ইয়াৰ ভিতৰত নোগা আৰু তেওঁৰ মাতৃকো অন্তৰ্ভুক্ত কৰা হৈছিল। তাৰ কিছু ঘণ্টাৰ পাছত ইজৰাইল সেনাই গাজাত আক্ৰমণ কৰে।

তাৰ পিছত যোৱা বছৰ ২৪ নৱেম্বৰৰ পৰা ১ ডিচেম্বৰলৈ যুদ্ধবিৰতিত ১০৫ জন পণবন্দীক মুক্ত কৰা হৈছিল। বাকী পণবন্দীসকল এতিয়াও হামাছৰ বন্দী হৈ আছে। ইয়াৰে ৭০ জন পণবন্দীক হত্যা কৰা হৈছে বুলি হামাছে প্ৰকাশ কৰিছে।

ইজৰাইলত হামাছৰ সন্ত্ৰাসবাদী আক্ৰমণ (২০ এপ্ৰিল)ৰ ২০০ দিন সম্পূৰ্ণ হ’ল মঙলবাৰে। ইফালে ইজৰাইলৰ সামৰিক আক্ৰমণৰ মাজতে প্ৰতিদিনে গাজাৰ ২৩ লাখ নাগৰিকে খাদ্য গ্ৰহণৰ বাবে সংগ্ৰাম কৰি আছে। ৰাষ্ট্ৰসংঘই কয় যে মে’ মাহত গাজাত অনাহাৰৰ আশংকা আছে।

আটাইতকৈ বেয়া পৰিস্থিতি হৈছে যুদ্ধৰ মাজত জন্ম হোৱা শিশুৰ। ১৭ এপ্ৰিললৈকে গাজাৰ চিকিৎসালয়ত পুষ্টিহীনতাৰ বাবে ১২ বছৰৰ তলৰ ২৮টা শিশুৰ মৃত্যু হৈছিল। ইয়াৰ ভিতৰত আছিল এমাহতকৈ কম বয়সৰ ১২টা শিশু। 

ইজৰাইলৰ এই আক্ৰমণত এতিয়ালৈকে ৩৪ হাজাৰ লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ৭৭ হাজাৰৰো অধিক লোক আহত হৈছে। মৃতসকলৰ অধিকাংশই ১৪,৫০০ শিশু। প্ৰতি ঘণ্টাত ৬টা শিশুকে ধৰি ১৫ জন লোকক হত্যা কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক