--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ওড়িশাৰ বিখ্যাত গায়ক ডিজে আজেক্সৰ ৰহস্যজনক মৃত্যুৰ শোক এতিয়াও অব্যাহত আছে। ১৯ মাৰ্চত ডিজে আজেক্সৰ মৃত্যুৰ বাতৰি পোহৰলৈ আহিছিল। ওড়িশাৰ ভুৱনেশ্বৰত অৱস্থিত নিজা ঘৰত ওলমি থকা অৱস্থাত উদ্ধাৰ হৈছিল ডিজে আজেক্সৰ মৃতদেহ। খৰখেদাকৈ ডিজে আজেক্সক স্থানীয় কেপিটেল হাস্পতাললৈ লৈ যোৱা হয়, য’ত ডিজে আজেক্সক মৃত বুলি ঘোষণা কৰা হয়। 
Popular DJ Azex found dead at residence, family alleges blackmailing by  girlfriend
এই মৃত্যুৰ বাবে অভিযোগৰ আঙুলি উঠিছে তেওঁৰ প্ৰেয়সীলৈ। প্ৰেয়সীৰ ব্লেকমেইলিঙৰ বাবে ডিজে আজাক্সে মৃত্যুক আকোৱালি লৈছে বুলি অভিযোগ তুলিছে তেওঁৰ বন্ধু আৰু পৰিয়ালৰ লোকে। ডিজে আজেক্সৰ প্ৰকৃত নাম অক্ষয় কুমাৰ। তেওঁ ওড়িশাত অতি জনপ্ৰিয় আছিল। ২৬ বছৰীয়া যুৱ শিল্পীগৰাকীক বিভিন্ন অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হৈছিল। 
DJ Azex alias Akshay dies under mysterious circumstances - Pragativadi
তেওঁৰ পৰিয়ালৰ এজন সদস্যই কয় যে শনিবাৰে নিশা ধুমুহাৰ পাছত বিদ্যুৎ কৰ্তন হৈছিল। ডিজে আজেক্সে ঘৰৰ কোঠালৈ সোমাই গৈছিল। তাৰপাছত তেওঁ বহুসময় ধৰি ওলাই নাহিল। পৰিয়ালৰ লোকে তেওঁক কেইবাবাৰো ফোন কৰি দুৱাৰত টোকৰ মাৰিলে যদিও ডিজে আজেক্সৰ পৰা কোনো সঁহাৰি নাপালে। সন্দেহজনক পৰিস্থিতিত পৰিয়ালৰ লোকে তেওঁৰ কোঠাৰ দুৱাৰ ভাঙি তেওঁক ওলমি থকা অৱস্থাত উদ্ধাৰ কৰে।
DJ AZEX - Bhubaneswar | Price & Reviews
ডিজে আজেক্সৰ খুড়াকে জনায় যে কেইবাদিনো ধৰি ডিজেগৰাকীক তেওঁৰ প্ৰেমিকাই ব্লেকমেইলিং কৰি আহিছিল। এই মৃত্যুৰ বাবে সেই ছোৱালীজনী আৰু তেওঁৰ এজন বন্ধু দায়ী। সেই বন্ধুজনৰ লগতো  ডিজে আজেক্সৰ প্ৰেমিকাই প্ৰেমৰ সম্পৰ্ক ৰাখিছিল বুলি অভিযোগ উঠিছে। 

এজন বন্ধুৰ মতে, ডিজে আজেক্সৰ পৰা ধন দাবী কৰিছিল তেওঁৰ প্ৰেয়সীয়ে। তেওঁৰ হাতত কিছুমান আপত্তিজনক ছবি আৰু ভিডিঅ’ আছিল যাৰ জৰিয়তে তেওঁ ব্লেকমেইল কৰিছিল। প্ৰেয়সীয়ে ডিজে আজেক্সক মানসিকভাৱে নিৰ্যাতন চলাইছিল।
DJ Azex death: Family points finger at paramour and her male friend
ডিজে আজেক্স নামেৰে পৰিচিত অক্ষয় কুমাৰ আছিল ওড়িশাৰ অন্যতম শ্ৰেষ্ঠ ডিজে। যোৱা ৯ বছৰে এই ক্ষেত্ৰত তেওঁ দপদপাই আছিল। তেওঁৰ আছিল অসংখ্য ফেন ফ’ল’ৱাৰ। ডিজে আজেক্সৰ পৰিয়াল আৰু বন্ধুৰ অভিযোগৰ পাছত প্ৰেমিকা আৰু তেওঁৰ বন্ধুক জেৰা চলাইছে আৰক্ষীয়ে। ইয়াৰ লগতে আৰক্ষীয়ে ডিজে আজেক্সৰ সকলো মোবাইল জব্দ কৰি বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ