--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ওড়িশাৰ বিখ্যাত গায়ক ডিজে আজেক্সৰ ৰহস্যজনক মৃত্যুৰ শোক এতিয়াও অব্যাহত আছে। ১৯ মাৰ্চত ডিজে আজেক্সৰ মৃত্যুৰ বাতৰি পোহৰলৈ আহিছিল। ওড়িশাৰ ভুৱনেশ্বৰত অৱস্থিত নিজা ঘৰত ওলমি থকা অৱস্থাত উদ্ধাৰ হৈছিল ডিজে আজেক্সৰ মৃতদেহ। খৰখেদাকৈ ডিজে আজেক্সক স্থানীয় কেপিটেল হাস্পতাললৈ লৈ যোৱা হয়, য’ত ডিজে আজেক্সক মৃত বুলি ঘোষণা কৰা হয়। 
Popular DJ Azex found dead at residence, family alleges blackmailing by  girlfriend
এই মৃত্যুৰ বাবে অভিযোগৰ আঙুলি উঠিছে তেওঁৰ প্ৰেয়সীলৈ। প্ৰেয়সীৰ ব্লেকমেইলিঙৰ বাবে ডিজে আজাক্সে মৃত্যুক আকোৱালি লৈছে বুলি অভিযোগ তুলিছে তেওঁৰ বন্ধু আৰু পৰিয়ালৰ লোকে। ডিজে আজেক্সৰ প্ৰকৃত নাম অক্ষয় কুমাৰ। তেওঁ ওড়িশাত অতি জনপ্ৰিয় আছিল। ২৬ বছৰীয়া যুৱ শিল্পীগৰাকীক বিভিন্ন অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হৈছিল। 
DJ Azex alias Akshay dies under mysterious circumstances - Pragativadi
তেওঁৰ পৰিয়ালৰ এজন সদস্যই কয় যে শনিবাৰে নিশা ধুমুহাৰ পাছত বিদ্যুৎ কৰ্তন হৈছিল। ডিজে আজেক্সে ঘৰৰ কোঠালৈ সোমাই গৈছিল। তাৰপাছত তেওঁ বহুসময় ধৰি ওলাই নাহিল। পৰিয়ালৰ লোকে তেওঁক কেইবাবাৰো ফোন কৰি দুৱাৰত টোকৰ মাৰিলে যদিও ডিজে আজেক্সৰ পৰা কোনো সঁহাৰি নাপালে। সন্দেহজনক পৰিস্থিতিত পৰিয়ালৰ লোকে তেওঁৰ কোঠাৰ দুৱাৰ ভাঙি তেওঁক ওলমি থকা অৱস্থাত উদ্ধাৰ কৰে।
DJ AZEX - Bhubaneswar | Price & Reviews
ডিজে আজেক্সৰ খুড়াকে জনায় যে কেইবাদিনো ধৰি ডিজেগৰাকীক তেওঁৰ প্ৰেমিকাই ব্লেকমেইলিং কৰি আহিছিল। এই মৃত্যুৰ বাবে সেই ছোৱালীজনী আৰু তেওঁৰ এজন বন্ধু দায়ী। সেই বন্ধুজনৰ লগতো  ডিজে আজেক্সৰ প্ৰেমিকাই প্ৰেমৰ সম্পৰ্ক ৰাখিছিল বুলি অভিযোগ উঠিছে। 

এজন বন্ধুৰ মতে, ডিজে আজেক্সৰ পৰা ধন দাবী কৰিছিল তেওঁৰ প্ৰেয়সীয়ে। তেওঁৰ হাতত কিছুমান আপত্তিজনক ছবি আৰু ভিডিঅ’ আছিল যাৰ জৰিয়তে তেওঁ ব্লেকমেইল কৰিছিল। প্ৰেয়সীয়ে ডিজে আজেক্সক মানসিকভাৱে নিৰ্যাতন চলাইছিল।
DJ Azex death: Family points finger at paramour and her male friend
ডিজে আজেক্স নামেৰে পৰিচিত অক্ষয় কুমাৰ আছিল ওড়িশাৰ অন্যতম শ্ৰেষ্ঠ ডিজে। যোৱা ৯ বছৰে এই ক্ষেত্ৰত তেওঁ দপদপাই আছিল। তেওঁৰ আছিল অসংখ্য ফেন ফ’ল’ৱাৰ। ডিজে আজেক্সৰ পৰিয়াল আৰু বন্ধুৰ অভিযোগৰ পাছত প্ৰেমিকা আৰু তেওঁৰ বন্ধুক জেৰা চলাইছে আৰক্ষীয়ে। ইয়াৰ লগতে আৰক্ষীয়ে ডিজে আজেক্সৰ সকলো মোবাইল জব্দ কৰি বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু