--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বাস্তুই আমাক নানান বিষয়ত দিহা দিছে। ঘৰৰ ক’ত কি থাকিব লাগে সেই বিষয়ে বাস্তুই বিধান দিছে। বাৰাণ্ডাত জোতা, চেণ্ডেল আদি ৰাখিবলৈ উত্তৰ-পশ্চিম দিশটো নির্বাচন কৰিব লাগে। ঘৰ এটা নিৰ্মাণ কৰাৰ সময়ত পানীৰ উৎস নিশ্চিত কৰাটো অতি প্রয়োজনীয় কথা। পানীৰ উৎস বিভিন্ন ধৰণৰ দমকল, নাদ আদি হ'ব পাৰে।

এনেধৰণৰ দমকল, নাদ আদি ঘৰৰ উত্তৰ-পূব দিশত স্থাপন কৰিব লাগে। পানী ৰাখিবলৈ যদি টেংকীৰ প্ৰয়োজন হয় তেন্তে তেনে টেংকী ঘৰৰ উত্তৰ-পশ্চিম নাইবা দক্ষিণ-পূব দিশত স্থাপন কৰিব লাগে। সাধাৰণতে প্ৰতিটো ঘৰতেই আলহী বহিব পৰা একোটা বিশেষ কোঠা থাকে। এনে কোঠা ঘৰৰ পূব বা উত্তৰ-পশ্চিম দিশত নিৰ্মাণ কৰিব লাগে। আলহী বহা ঘৰত গৃহস্থই বহা আসন পশ্চিম বা পূব পিনে ৰাখিব লাগে। আলহী বহিব পৰা আসন দক্ষিণ বা পশ্চিম পিনে স্থাপন কৰিব লাগে। ঘৰত শৌচাগাৰ নিৰ্মাণ কৰাৰ ক্ষেত্ৰতো দিশৰ গুৰুত্ব থাকে।

শৌচাগাৰ নিৰ্মাণৰ ক্ষেত্ৰত ঘ
ৰৰ উত্তৰ বা পূব দিশটো বাছি ল'ব লাগে।যদি শোৱনি কোঠাৰ লগত সংলগ্ন কৰি শৌচাগাৰ নিৰ্মাণ কৰিবলগীয়া হয়। তেন্তে সেয়া উত্তৰ-পশ্চিম অথবা দক্ষিণ-পূব দিশত নিৰ্মাণ কৰিব লাগে। ঘৰৰ কোঠাৰ ভিতৰত বিছনা আদি স্থাপন কৰাৰ ক্ষেত্ৰত সাৱধান হ'ব লাগে। বিছনা কমেও দেৱালৰ পৰা প্ৰায় তিনি ইঞ্চি দূৰত স্থাপন কৰিব লাগে। শোৱনি কোঠাৰ দক্ষিণ-পশ্চিম দিশত বিছনা আদি স্থাপন কৰিব লাগে। আলমাৰী অথবা আন শ্ব’কেচ আদি কোঠাৰ ভিতৰত ৰখাৰ উত্তম দিশ হৈছে ঘৰৰ দক্ষিণ-পশ্চিম দিশ। পঢ়া-শুনা কৰাৰ কোঠা নিৰ্মাণৰ উত্তম দিশ হৈছে উত্তৰ বা পশ্চিম দিশ। অতিথি আদি থাকিব পৰা কোঠা ঘৰৰ উত্তৰ পশ্চিম দিশে সাজিলে ভাল। অসুস্থ হৈ পৰা লোকক ঘৰৰ উত্তৰ-পূব দিশৰ কোঠাত ৰাখিলে তেওঁ শীঘ্ৰে আৰোগ্য লাভ কৰে।

মন্দিৰ আদি স্থাপন কৰাৰ ক্ষেত্ৰত ঘৰৰ উত্তৰ-পূব দিশটোক নিৰ্বাচন কৰিব লাগে ৷ এইক্ষেত্ৰত গৃহস্থই পূব বা উত্তৰমুৱা হৈ পূজা-অৰ্চনা আদি কৰিব পাৰে। এনেদৰে বিভিন্ন কামত ব্যৱহাৰ কৰা বিভিন্ন ধৰণৰ কোঠা আদি বাস্তুশাস্ত্ৰৰ নিয়ম অনুসৰি সঠিক দিশত নিৰ্মাণ কৰিলে গৃহস্থৰ সুখ-সমৃদ্ধি বৃদ্ধি পায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে