--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : উপযুক্ত সময়ত জম্মু-কশ্মীৰৰ ৰাজ্যৰ মৰ্যাদা ঘূৰাই দিব কেন্দ্ৰই। আজি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই ঘোষণা কৰে। আজি লোকসভাত ‘জম্মু আৰু কাশ্মীৰ পুনৰ্গঠন আইন’ সম্পৰ্কত হোৱা এক আলোচনাত এই ঘোষণা কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্বাহে। নিজৰ বক্তব্য প্ৰকাশৰ সময়ত ক্ষুণ্ণ হৈ পৰা শ্বাহে কংগ্ৰেছক সমালোচনা কৰি কয় যে, বিগত ৭০ বছৰে কংগ্ৰেছে জম্মু-কাশ্মীৰৰ সমস্যা সমাধান কৰিব নোৱাৰিলে আৰু এতিয়া নৰেন্দ্ৰ মোদী চৰকাৰৰ পৰা উত্তৰ বিচাৰি আছে।

আৰু পঢ়িব পাৰিব : ‘কৃষি আইনৰ জৰিয়তে ৪০শতাংশ লোকৰ ব্যৱসায় দুজন মানুহলৈ যাব’

‘সদনৰ মজিয়া মই পূৰ্বে কৈছোঁ আৰু পুনৰ কওঁ যে, এই বিধেয়কৰ জৰিয়তে জম্মু আৰু কাশ্মীৰৰ ৰাজ্যৰ মৰ্যাদাক লৈ একো কৰিবলগীয়া নাই। উপযুক্ত সময়ত ৰাজ্যৰ মৰ্যাদা ঘূৰাই দিয়া হ’ব।’ সংসদত শ্বাহে কয়।

আৰু পঢ়িব পাৰিব : ন্যায় বিচাৰি মহিলাৰ প্ৰতিবাদঃ হত্যাকাৰীৰ গ্ৰেপ্তাৰৰ দাবী

জম্মু-কাশ্মীৰৰ বিশেষ মৰ্যাদা প্ৰত্যাহাৰ কৰা তথা ইয়াক কেন্দ্ৰীয়শাসিত প্ৰদেশৰ ৰূপত পুনৰ গঠন কৰাৰ দিশত অগভাগ লোৱা শ্বাহে কয়, ‘মই এই বিধেয়কৰ গুৰি ধৰিছোঁ। মই এই বিধেয়ক আনিছোঁ। মই ইয়াৰ আঁৰৰ উদ্দেশ্যৰ বিষয়ে স্পষ্ট কৰি দিছোঁ। এই কথা ক’তো লিখা নাই যে, জম্মু-কাশ্মীৰে ৰাজ্যৰ মৰ্যাদা ঘূৰাই নাপাব। আপোনালোকে ক’ৰ পৰা এই সিদ্ধান্তত উপনীত হৈছে? অনুগ্ৰহ কৰি ভুৱা নেৰেটিভ প্ৰচাৰৰ পৰা বিৰত থাকক। আগেয়ে কোনো কেন্দ্ৰীয়শাসিত প্ৰদেশে ৰাজ্যৰ মৰ্যাদা নোপোৱাকৈ আছে নেকি? আগেয়ে কোনো সীমান্তৱৰ্তী প্ৰদেশক ৰাজ্যৰ মৰ্যাদা দিয়া হোৱা নাই নেকি? তেন্তে জম্মু-কাশ্মীৰ কিদৰে পৃথক?’ তেওঁ প্ৰশ্ন কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চৰকাৰী কার্যসূচী লৈ ১৬ অক্টোবৰৰ পৰা ২২ অক্টোবৰলৈ পবিত্ৰ মাৰ্ঘেৰিটাৰ বিদেশ ভ্ৰমণ
তুলা ৰাশিত অস্ত হ’ব শুক্ৰ গ্ৰহৰ; ৪ ৰাশিৰ জাতক-জাতিকাৰ সমস্যা বৃদ্ধিৰ সম্ভাৱনা
৫.৫৪%লৈ বৃদ্ধি খুচুৰা মুদ্রাস্ফীতি
মহাকাশৰ পৰা অসমৰ ৰাজ্যিক জলচৰ প্ৰাণী ‘শিহু’ৰ গতিবিধি নিৰীক্ষণ
আজিৰে পৰা পুনৰ মুকলি পবিতৰা অভয়াৰণ্য
সাত বছৰৰ দীঘলীয়া বিৰতিৰ অন্তত নতুন উদ্যমেৰে ট্ৰেক এণ্ড ফিল্ডলৈ উভতিবলৈ সাজু হিমা দাস
আজিৰে পৰা পুনৰ মুকলি পবিতৰা অভয়াৰণ্য
মহাকাশৰ পৰা অসমৰ ৰাজ্যিক জলচৰ প্ৰাণী ‘শিহু’ৰ গতিবিধি নিৰীক্ষণ
৫.৫৪%লৈ বৃদ্ধি খুচুৰা মুদ্রাস্ফীতি
তুলা ৰাশিত অস্ত হ’ব শুক্ৰ গ্ৰহৰ; ৪ ৰাশিৰ জাতক-জাতিকাৰ সমস্যা বৃদ্ধিৰ সম্ভাৱনা
চৰকাৰী কার্যসূচী লৈ ১৬ অক্টোবৰৰ পৰা ২২ অক্টোবৰলৈ পবিত্ৰ মাৰ্ঘেৰিটাৰ বিদেশ ভ্ৰমণ
বিশিষ্ট স্ত্ৰী ৰোগ বিশেষজ্ঞ ডাঃ শান্তি মেধিৰ পৰলোক প্ৰাপ্তি
ভাৰতীয় মহিলা দলৰ অধিনায়কৰ পদ এৰিলে হৰমনপ্রীত কৌৰে
তিনিচুকীয়াৰ বেংক বিষয়াক ধন দাবীৰে ব্লেকমেইল; যোৰহাটত হনীট্ৰেপিং চক্ৰৰ ৫জনক গ্ৰেপ্তাৰ