--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • জ্যোতিষীসকলৰ মতে, শুক্ৰ ১৪ ৰ পৰা ৩০ অক্টোবৰলৈ অস্ত হৈ থাকিব আৰু এই সময়ছোৱাত চাৰিটা ৰাশিৰ জাতক-জাতিকা বিভিন্ন সমস্যাৰ সন্মুখীন হ'ব পাৰে। সেয়েহে এই ৰাশিৰ লোকসকলক মাহৰ শেষলৈকে অতি সাৱধানেৰে থাকিবলৈ পৰামৰ্শ দিয়া হৈছে।

ডিজিটেল ডেস্ক: শুক্ৰক ধন, বৈভৱ আৰু সুখৰ কাৰক গ্ৰহ বুলি কোৱা হয়। ১৪ অক্টোবৰত শুক্ৰ গ্ৰহ তুলা ৰাশিত অস্ত হ'ব। নৱৰাত্ৰিৰ পৱিত্ৰ দিনকেইটাত শুক্ৰ অস্ত হোৱাটো কিছুমান ৰাশিৰ বাবে অনুকূল বুলি গণ্য কৰা হোৱা নাই। জ্যোতিষীসকলৰ মতে, শুক্ৰ ১৪ ৰ পৰা ৩০ অক্টোবৰলৈ অস্ত হৈ থাকিব আৰু এই সময়ছোৱাত চাৰিটা ৰাশিৰ জাতক-জাতিকা বিভিন্ন সমস্যাৰ সন্মুখীন হ'ব পাৰে। সেয়েহে এই ৰাশিৰ লোকসকলক মাহৰ শেষলৈকে অতি সাৱধানেৰে থাকিবলৈ পৰামৰ্শ দিয়া হৈছে। 


জানো আহক এই চাৰিটা ৰাশি কি কি?


বৃষ ৰাশি

আপুনি স্বাস্থ্য আৰু শক্তিৰ সৈতে জড়িত সমস্যাৰ সন্মুখীন হ'ব পাৰে। এই সময়ত শাৰীৰিক সক্ৰিয়তা হ্ৰাস পোৱা যেন অনুভৱ হ'ব। কেৰিয়াৰত পৰিস্থিতি আগতকৈ অধিক প্ৰত্যাহ্বানমূলক বুলি গণ্য হ'ব। আপোনাৰ সুখ-শান্তিৰো অভাৱ হ'ব পাৰে। আপুনি যিবোৰ সুখৰ অপেক্ষা কৰি আছিল, সেইবোৰৰ বাবে এতিয়া আৰু অধিক অপেক্ষা কৰিব লাগিব।


মিথুন ৰাশি

কেৰিয়াৰক লৈ চিন্তা বাঢ়িব। চাকৰি কৰা লোকসকলৰ জ্যেষ্ঠ বিষয়া বা সহকৰ্মীসকলৰ সৈতে মনোমালিন্য হ'ব পাৰে। ব্যৱসায়ীসকলে চৰকাৰী নিয়ম, নীতি বা প্ৰশাসনিক প্ৰক্ৰিয়াৰ কাৰণে সমস্যাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা। জুৱা, ট্ৰেডিং বা শ্বেয়াৰ বজাৰৰ সৈতে জড়িত জাতকসকলক এই সময়ছোৱাত বিৰত থাকিবলৈ পৰামৰ্শ দিয়া হৈছে। খৰখেদাকৈ লোৱা সিদ্ধান্তই সমস্যা বঢ়াই তুলিব পাৰে।


তুলা ৰাশি

তুলা ৰাশিৰ জাতকসকলে এই সময়ছোৱাত সামাজিক হেঁচা অনুভৱ কৰিব পাৰে। আনৰ প্ৰভাৱত পৰি সিদ্ধান্ত লোৱাৰ বাবে মানসিক চিন্তা বাঢ়িব। আত্মবিশ্বাস কমি যাব পাৰে আৰু সুখ-সুবিধাসমূহ পূৰণ কৰোতে অধিক মানসিক হেঁচা পৰিব পাৰে। ইয়াৰ প্ৰভাৱ আপোনাৰ মানসিক স্বাস্থ্যৰ ওপৰতো পৰিব। জীৱনসংগীৰ সৈতে অংশীদাৰী ধন, যুটীয়া সম্পত্তি বা বিনিয়োগৰ সৈত জড়িত বিষয়ত সমস্যা হ'ব পাৰে। শহুৰৰ ঘৰৰ থকা সম্পৰ্কৰ অৱনতি হ'ব পাৰে।


মকৰ ৰাশি

কৰ্মক্ষেত্ৰত অনিশ্চয়তাবোৰ বাঢ়ি যাব পাৰে। অজান শত্ৰুৰ কাৰণে কেৰিয়াৰ প্ৰভাৱিত হোৱাৰ আশংকা আছে। যিকোনো ক্ষেত্ৰত উন্নতি লাভ কৰাৰ বাবে অতিৰিক্ত প্ৰয়াস কৰিব লাগিব। ধন-সম্পত্তিৰ অভাৱো অনুভৱ হ'ব পাৰে। আয় আৰু ব্যয়ৰ মাজত ভাৰসাম্য ৰক্ষা কৰাটো আপোনাৰ বাবে অলপ কঠিন হ'ব। ছাত্ৰ-ছাত্ৰীসকলেও পঢ়া-শুনাত মনোযোগ কেন্দ্ৰীভূত কৰাত অসুবিধা পাব পাৰে, যাৰ ফলত তেওঁলোকৰ শৈক্ষিক ক্ষেত্ৰত বিৰূপ প্ৰভাৱ পৰিব। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
তুলা ৰাশিত অস্ত হ’ব শুক্ৰ গ্ৰহৰ; ৪ ৰাশিৰ জাতক-জাতিকাৰ সমস্যা বৃদ্ধিৰ সম্ভাৱনা
৫.৫৪%লৈ বৃদ্ধি খুচুৰা মুদ্রাস্ফীতি
মহাকাশৰ পৰা অসমৰ ৰাজ্যিক জলচৰ প্ৰাণী ‘শিহু’ৰ গতিবিধি নিৰীক্ষণ
আজিৰে পৰা পুনৰ মুকলি পবিতৰা অভয়াৰণ্য
সাত বছৰৰ দীঘলীয়া বিৰতিৰ অন্তত নতুন উদ্যমেৰে ট্ৰেক এণ্ড ফিল্ডলৈ উভতিবলৈ সাজু হিমা দাস
৫২ বছৰত বিশ্বজুৰি হ্ৰাস ৭৩% বন্যপ্রাণী! ইয়াৰ মাজতে আশাৰ ৰেঙনি দেখুৱাইছে ভাৰতে
আজিৰে পৰা পুনৰ মুকলি পবিতৰা অভয়াৰণ্য
মহাকাশৰ পৰা অসমৰ ৰাজ্যিক জলচৰ প্ৰাণী ‘শিহু’ৰ গতিবিধি নিৰীক্ষণ
৫.৫৪%লৈ বৃদ্ধি খুচুৰা মুদ্রাস্ফীতি
তুলা ৰাশিত অস্ত হ’ব শুক্ৰ গ্ৰহৰ; ৪ ৰাশিৰ জাতক-জাতিকাৰ সমস্যা বৃদ্ধিৰ সম্ভাৱনা
সাৱধান! গৰ্ভৱতী-প্ৰসূতি মহিলাক চৰকাৰী সাহায্যৰ প্ৰলোভন; হাজোত লাখে লাখে টকা লুটিছে চাইবাৰ অপৰাধীয়ে
বিশিষ্ট স্ত্ৰী ৰোগ বিশেষজ্ঞ ডাঃ শান্তি মেধিৰ পৰলোক প্ৰাপ্তি
ভাৰতীয় মহিলা দলৰ অধিনায়কৰ পদ এৰিলে হৰমনপ্রীত কৌৰে
তিনিচুকীয়াৰ বেংক বিষয়াক ধন দাবীৰে ব্লেকমেইল; যোৰহাটত হনীট্ৰেপিং চক্ৰৰ ৫জনক গ্ৰেপ্তাৰ