--°C
Loading...
Listen to Article
2 min read
80%

চিৰাং : চিৰাঙৰ ছাতিপুৰ গাঁওত থকা কোঁচ-ৰাজবংশী নেতা অনন্ত ৰায়ৰ ঘৰত আলোচনাৰ অন্তত পোনে পোনে হেলিকপ্টাৰেৰে কোচবিহাৰলৈ ৰাওনা হয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। গৃহমন্ত্ৰীৰে আলোচনাৰ সময়ত গ্ৰেটাৰ কোচবিহাৰ পিপলছ এছ’চিয়েচনৰ সভাপতি নিৰ্মল ৰায়, সম্পাদিকা নমিতা বৰ্মন, কাৰ্যাহলয় সচিব পৰেশ বৰ্মন, সাংস্কৃতিক সম্পাদক ধনঞ্জয় ৰায়, সহকাৰী সম্পাদক মিথুন বৰ্মন, প্ৰতিষ্ঠাপক অনন্ত ৰায় লগতে উপস্থিত থাকে অসমৰ স্বাস্থ্য, বিত্তমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিৰক বিজেপিৰ সভাপতি ৰঞ্জিত দাসকে ধৰি আন একাধিক বিজেপি নেতা।

আৰু পঢ়িব পাৰিব : জন আব্ৰাহামে মুকলি কৰিলে ‘এক ভিলেইন ৰিটাৰ্নছ’ৰ পোষ্টাৰ

প্ৰায় এঘন্টা ধৰি ৰায়ৰ সৈতে আলোচনাত মিলিত হয় গৃহমন্ত্ৰী শ্বাহ। আলোচনাত ৰাজনৈতিক বিষয়ৰ ওপৰত কি কি আলোচনা হৈছে সেই বিষয়ে প্ৰকাশ কৰাৰ পৰা বিৰত থাকিলেও অনন্ত ৰায়ে কয় যে, ‘কোচ-ৰাজবংশীসকলৰ ভাল দিন আহি আছে।’ কোচ ৰাজবংশীসকলৰ অপূৰ্ণ হৈ থকা দাবীসমূহ পূৰণ কৰা সম্পৰ্কত আলোচনা হৈছে বুলিও প্ৰকাশ কৰে অনন্ত ৰায়ে।

আৰু পঢ়িব পাৰিব : ছ’চিয়েল মিডিয়াৰ বিৰুদ্ধে কঠোৰ কেন্দ্ৰ, ব্যৱস্থা গ্ৰহণক হুংকাৰ

তদুপৰি কোচ-ৰাজবংশীসকলৰ বাবে পেকেজ ঘোষণা কৰাৰ কথাও তেওঁ সদৰী কৰে। আলোচনাত চৰকাৰ আহিলে কোচ-ৰাজবংশীসকলৰ সকলো দাবী পূৰণ কৰাৰ আশ্বাস দিয়ে অমিত শ্বাহে। ৰাজবংশীৰ ভূমিত ৰাজবংশীসকল বহিৰাগত নহয় বুলিও তেওঁ মন্তব্য কৰাৰ কথা সংবাদ মাধ্যমৰ আগত অনন্ত ৰায়ে সদৰী কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চৰকাৰী কার্যসূচী লৈ ১৬ অক্টোবৰৰ পৰা ২২ অক্টোবৰলৈ পবিত্ৰ মাৰ্ঘেৰিটাৰ বিদেশ ভ্ৰমণ
তুলা ৰাশিত অস্ত হ’ব শুক্ৰ গ্ৰহৰ; ৪ ৰাশিৰ জাতক-জাতিকাৰ সমস্যা বৃদ্ধিৰ সম্ভাৱনা
৫.৫৪%লৈ বৃদ্ধি খুচুৰা মুদ্রাস্ফীতি
মহাকাশৰ পৰা অসমৰ ৰাজ্যিক জলচৰ প্ৰাণী ‘শিহু’ৰ গতিবিধি নিৰীক্ষণ
আজিৰে পৰা পুনৰ মুকলি পবিতৰা অভয়াৰণ্য
সাত বছৰৰ দীঘলীয়া বিৰতিৰ অন্তত নতুন উদ্যমেৰে ট্ৰেক এণ্ড ফিল্ডলৈ উভতিবলৈ সাজু হিমা দাস
আজিৰে পৰা পুনৰ মুকলি পবিতৰা অভয়াৰণ্য
মহাকাশৰ পৰা অসমৰ ৰাজ্যিক জলচৰ প্ৰাণী ‘শিহু’ৰ গতিবিধি নিৰীক্ষণ
৫.৫৪%লৈ বৃদ্ধি খুচুৰা মুদ্রাস্ফীতি
তুলা ৰাশিত অস্ত হ’ব শুক্ৰ গ্ৰহৰ; ৪ ৰাশিৰ জাতক-জাতিকাৰ সমস্যা বৃদ্ধিৰ সম্ভাৱনা
চৰকাৰী কার্যসূচী লৈ ১৬ অক্টোবৰৰ পৰা ২২ অক্টোবৰলৈ পবিত্ৰ মাৰ্ঘেৰিটাৰ বিদেশ ভ্ৰমণ
বিশিষ্ট স্ত্ৰী ৰোগ বিশেষজ্ঞ ডাঃ শান্তি মেধিৰ পৰলোক প্ৰাপ্তি
ভাৰতীয় মহিলা দলৰ অধিনায়কৰ পদ এৰিলে হৰমনপ্রীত কৌৰে
তিনিচুকীয়াৰ বেংক বিষয়াক ধন দাবীৰে ব্লেকমেইল; যোৰহাটত হনীট্ৰেপিং চক্ৰৰ ৫জনক গ্ৰেপ্তাৰ