--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি অন্তিম দিন৷ অন্তিম দিনাৰ অধিৱেশন অনুষ্ঠিত হয় বিধানসভাৰ নতুন ভৱনত। আজি পোনতে বিধানসভাৰ নতুন ভৱন মুকলি কৰে অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়ে৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল চৰকাৰৰ প্ৰথম কাৰ্যকালৰ এইখন আছিল অন্তিম অধিৱেশন৷ আজি অন্তিম দিনাৰ কাৰ্যসূচীত ৰাজ্যপালৰ ভাষণ বিতৰ্কত বক্তব্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰী সোণোৱালে৷

আৰু পঢ়িব পাৰিব :ঘূৰাই দিয়া হ’ব জম্মু আৰু কাশ্মীৰৰ ৰাজ্যৰ মৰ্যাদা!

চৰকাৰৰ সফলতাৰ কথা প্ৰকাশ কৰি তেওঁ কয়, ‘কালি এছ আই পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱা ঘটনাৰ উল্লেখেৰে চৰকাৰক সমালোচনা কৰা হৈছিল৷ মই প্ৰশ্নকাকত ফাদিল হোৱাৰ ১৫ মিনিটৰ ভিতৰত পৰীক্ষা বন্ধ কৰিছিলোঁ৷ তদন্তৰ নিৰ্দেশ দিছিলোঁ৷’ কম সময়ৰ ভিতৰত তদন্ত কৰি অভিযোগনামা দাখিল কৰা বুলিও তেওঁ মন্তব্য কৰে৷

আৰু পঢ়িব পাৰিব :‘কৃষি আইনৰ জৰিয়তে ৪০শতাংশ লোকৰ ব্যৱসায় দুজন মানুহলৈ যাব’

সদনত মুখ্যমন্ত্ৰীয়ে বিজেপি চৰকাৰৰ জয়গান কৰি কয় যে, বিজেপিৰ প্ৰধান লক্ষ্য হৈছে বৰাক-ব্ৰহ্মপুত্ৰত সমন্বয়ৰ সৃষ্টি কৰা৷ স্বাস্থ্য বিভাগৰ লগতে স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশংসা কৰে মুখ্যমন্ত্ৰীয়ে৷ 'কৃষি খণ্ডত নিয়োজিত হোৱাৰ বাবে উচ্চ শিক্ষিতসকল আগুৱাই আহিছে৷ বিশ্ব বিনিয়োগ সন্মিলন আয়োজনত আমি সফল হৈছোঁ৷ ভাৰত-বাংলাদেশ সীমান্তৰ ৪৮ কিলোমিটাৰত ছেনছৰ স্থাপন কৰা হৈছে' বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ