--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি অন্তিম দিন৷ অন্তিম দিনাৰ অধিৱেশন অনুষ্ঠিত হয় বিধানসভাৰ নতুন ভৱনত। আজি পোনতে বিধানসভাৰ নতুন ভৱন মুকলি কৰে অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়ে৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল চৰকাৰৰ প্ৰথম কাৰ্যকালৰ এইখন আছিল অন্তিম অধিৱেশন৷ আজি অন্তিম দিনাৰ কাৰ্যসূচীত ৰাজ্যপালৰ ভাষণ বিতৰ্কত বক্তব্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰী সোণোৱালে৷

আৰু পঢ়িব পাৰিব :ঘূৰাই দিয়া হ’ব জম্মু আৰু কাশ্মীৰৰ ৰাজ্যৰ মৰ্যাদা!

চৰকাৰৰ সফলতাৰ কথা প্ৰকাশ কৰি তেওঁ কয়, ‘কালি এছ আই পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱা ঘটনাৰ উল্লেখেৰে চৰকাৰক সমালোচনা কৰা হৈছিল৷ মই প্ৰশ্নকাকত ফাদিল হোৱাৰ ১৫ মিনিটৰ ভিতৰত পৰীক্ষা বন্ধ কৰিছিলোঁ৷ তদন্তৰ নিৰ্দেশ দিছিলোঁ৷’ কম সময়ৰ ভিতৰত তদন্ত কৰি অভিযোগনামা দাখিল কৰা বুলিও তেওঁ মন্তব্য কৰে৷

আৰু পঢ়িব পাৰিব :‘কৃষি আইনৰ জৰিয়তে ৪০শতাংশ লোকৰ ব্যৱসায় দুজন মানুহলৈ যাব’

সদনত মুখ্যমন্ত্ৰীয়ে বিজেপি চৰকাৰৰ জয়গান কৰি কয় যে, বিজেপিৰ প্ৰধান লক্ষ্য হৈছে বৰাক-ব্ৰহ্মপুত্ৰত সমন্বয়ৰ সৃষ্টি কৰা৷ স্বাস্থ্য বিভাগৰ লগতে স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশংসা কৰে মুখ্যমন্ত্ৰীয়ে৷ 'কৃষি খণ্ডত নিয়োজিত হোৱাৰ বাবে উচ্চ শিক্ষিতসকল আগুৱাই আহিছে৷ বিশ্ব বিনিয়োগ সন্মিলন আয়োজনত আমি সফল হৈছোঁ৷ ভাৰত-বাংলাদেশ সীমান্তৰ ৪৮ কিলোমিটাৰত ছেনছৰ স্থাপন কৰা হৈছে' বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চৰকাৰী কার্যসূচী লৈ ১৬ অক্টোবৰৰ পৰা ২২ অক্টোবৰলৈ পবিত্ৰ মাৰ্ঘেৰিটাৰ বিদেশ ভ্ৰমণ
তুলা ৰাশিত অস্ত হ’ব শুক্ৰ গ্ৰহৰ; ৪ ৰাশিৰ জাতক-জাতিকাৰ সমস্যা বৃদ্ধিৰ সম্ভাৱনা
৫.৫৪%লৈ বৃদ্ধি খুচুৰা মুদ্রাস্ফীতি
মহাকাশৰ পৰা অসমৰ ৰাজ্যিক জলচৰ প্ৰাণী ‘শিহু’ৰ গতিবিধি নিৰীক্ষণ
আজিৰে পৰা পুনৰ মুকলি পবিতৰা অভয়াৰণ্য
সাত বছৰৰ দীঘলীয়া বিৰতিৰ অন্তত নতুন উদ্যমেৰে ট্ৰেক এণ্ড ফিল্ডলৈ উভতিবলৈ সাজু হিমা দাস
আজিৰে পৰা পুনৰ মুকলি পবিতৰা অভয়াৰণ্য
মহাকাশৰ পৰা অসমৰ ৰাজ্যিক জলচৰ প্ৰাণী ‘শিহু’ৰ গতিবিধি নিৰীক্ষণ
৫.৫৪%লৈ বৃদ্ধি খুচুৰা মুদ্রাস্ফীতি
তুলা ৰাশিত অস্ত হ’ব শুক্ৰ গ্ৰহৰ; ৪ ৰাশিৰ জাতক-জাতিকাৰ সমস্যা বৃদ্ধিৰ সম্ভাৱনা
চৰকাৰী কার্যসূচী লৈ ১৬ অক্টোবৰৰ পৰা ২২ অক্টোবৰলৈ পবিত্ৰ মাৰ্ঘেৰিটাৰ বিদেশ ভ্ৰমণ
তিনিচুকীয়াৰ বেংক বিষয়াক ধন দাবীৰে ব্লেকমেইল; যোৰহাটত হনীট্ৰেপিং চক্ৰৰ ৫জনক গ্ৰেপ্তাৰ
চীনা সামগ্ৰীত ভাৰতৰ নিৰ্ভৰশীলতা বৃদ্ধি; ভাৰতীয় ঔদ্যোগিক আমদানিৰ ৩০ শতাংশ সামগ্ৰী আহে চীনৰ পৰা
উভতি নহা বাটেৰে গুচি গ’ল নানা পাটেকাৰ; শোকস্তব্ধ দেশবাসী