--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • বেংক বিষয়াগৰাকীৰ পৰা প্ৰথমে ২ লাখ টকা আৰু পিছত পুনৰ ১ লাখ টকাকৈ সৰকোৱাৰ পাছত চক্ৰটোৱে পুনৰ ৫ লাখ টকা দাবী কৰে।

ডিজিটেল ডেস্ক: ইনষ্টাগ্ৰামৰ জৰিয়তে প্ৰেমৰ জাল পেলাই ধন দাবী কৰা এটা বৃহৎ হনীট্ৰেপিং চক্ৰক যোৰহাট আৰক্ষীয়ে উৎখাত কৰিছে। এই ঘটনা সন্দৰ্ভত তিনিজন যুৱক আৰু দুগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰা হৈছে।


ইনষ্টাগ্ৰামৰ জৰিয়তে তিনিচুকীয়াৰ এগৰাকী বেংক বিষয়াৰ সৈতে যোৰহাটৰ এগৰাকী বিবাহিত মহিলাৰ চিনাকি হৈছিল আৰু ক্ৰমে ঘনিষ্ঠতা বৃদ্ধি পাইছিল।


জুলাই মাহত বিষয়াগৰাকীয়ে যোৰহাটলৈ আহি যুৱতীগৰাকীক লগ কৰে। একেলগে দুয়ো এটা কোঠাত অন্তৰংগ মুহূৰ্ত কটায় থকাৰ সময়তে দুজন যুৱক হঠাতে কোঠাত সোমাই আহি আপত্তিজনক ভিডিঅ’ ৰেকৰ্ড কৰি থোৱাৰ কথা কয়। ইয়াৰ পিছতে আৰম্ভ হয় ব্লেকমেইলিং।


বেংক বিষয়াগৰাকীৰ পৰা প্ৰথমে ২ লাখ টকা আৰু পিছত পুনৰ ১ লাখ টকাকৈ সৰকোৱাৰ পাছত চক্ৰটোৱে পুনৰ ৫ লাখ টকা দাবী কৰে।


ব্লেকমেইলিঙত অতিষ্ঠ হৈ ভুক্তভোগী বিষয়াজনে ২ অক্টোবৰত যোৰহাট সদৰ থানাত এজাহাৰ দাখিল কৰে। তাৰ ভিত্তিতে আৰক্ষী বিষয়া ঋষিকেশ হাজৰিকাৰ নেতৃত্বত চলা অভিযানত অংকিত পল, সঞ্জীৱ দাস, অংকিত বৰা, বেবী বৰা আৰু মৰমী দাসসহ মুঠ ৫ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হয়। ইয়াৰে অংকিত বৰা আৰু বেবী বৰা পতি-পত্নী। 


আৰক্ষীয়ে অভিযুক্তসকলৰ মোবাইল ফোন জব্দ কৰি বহু আপত্তিজনক গোপন ভিডিঅ’ আৰু কিউআৰ ক’ডৰ (QR Code) জৰিয়তে ধন লেনদেন কৰাৰ বিস্ফোৰক তথ্য লাভ কৰিছে। আৰক্ষীৰ সন্দেহ যে এই চক্ৰটোৱে ইয়াৰ পূৰ্বেও আন বহু লোকক একেই ধৰণে জালত পেলাইছিল। বৰ্তমান আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ অধিক তদন্ত অব্যাহত ৰাখিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চীনা সামগ্ৰীত ভাৰতৰ নিৰ্ভৰশীলতা বৃদ্ধি; ভাৰতীয় ঔদ্যোগিক আমদানিৰ ৩০ শতাংশ সামগ্ৰী আহে চীনৰ পৰা
তিনিচুকীয়াৰ বেংক বিষয়াক ধন দাবীৰে ব্লেকমেইল; যোৰহাটত হনীট্ৰেপিং চক্ৰৰ ৫জনক গ্ৰেপ্তাৰ
ভাৰতীয় মহিলা দলৰ অধিনায়কৰ পদ এৰিলে হৰমনপ্রীত কৌৰে
বিশিষ্ট স্ত্ৰী ৰোগ বিশেষজ্ঞ ডাঃ শান্তি মেধিৰ পৰলোক প্ৰাপ্তি
সাৱধান! গৰ্ভৱতী-প্ৰসূতি মহিলাক চৰকাৰী সাহায্যৰ প্ৰলোভন; হাজোত লাখে লাখে টকা লুটিছে চাইবাৰ অপৰাধীয়ে
নামৰূপৰ বিশিষ্ট সমাজকৰ্মী মিনাৰাম চুতীয়ালৈ বাবা চাহেব বি. আৰ আম্বেদকাৰ বঁটা
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
জন্মদিনৰ দিনাই দেশবাসীলৈ সোণালী উপহাৰ;এছিয়ান গেমছত স্বৰ্ণজয় লাভলীনা বৰগোহাঁইৰ
এল নিন'ৰ প্ৰভাৱত বতৰৰ পৰিৱৰ্তন! খৰাঙৰ কবলত দেশৰ ৫১% অঞ্চল
চাৰ্টৰ জেপত ফোন ৰাখিলে হাৰ্টবিটত কি প্ৰভাৱ পৰে?