ডিজিটেল ডেস্ক: অসমৰ নদীকেন্দ্ৰিক পৰিৱেশতন্ত্ৰৰ অন্যতম গুৰুত্বপূৰ্ণ প্রতীক তথা অসমৰ ৰাজ্যিক জলচৰ প্ৰাণী ৰিভাৰ ডলফিন বা 'শিহু'। অলপতে প্রকাশ পোৱা ৰাষ্ট্ৰীয় পৰ্যায়ৰ এক সর্বাত্মক জৰীপৰ তথ্য অনুসৰি, সমগ্ৰ দেশৰ ভিতৰত অসম এইবিধ বিলুপ্তপ্রায় প্রাণীৰ অন্যতম মূল সংৰক্ষণ ক্ষেত্ৰ হিচাপে পৰিগণিত হৈছে। 'প্রজেক্ট ডলফিন'ৰ অধীনত কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰ্যালয় আৰু ভাৰতৰ বন্যপ্ৰাণী প্ৰতিষ্ঠানৰ (WII) সহযোগত চলোৱা জৰীপ অনুসৰি, অসমৰ নদীসমূহত বর্তমান প্রায় ৬৩৫টা শিহুৰ অৱস্থিতি ধৰা পৰিছে।
প্রতিবেদন অনুসৰি, অসমৰ মূল সুঁতি ব্ৰহ্মপুত্ৰ নদীত শিহুৰ জনসংখ্যা তুলনামূলকভাৱে সুস্থিৰ আৰু আশাপ্রদ। শেহতীয়াভাৱে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ বিভিন্ন অংশত শিহুৰ বিচৰণ সঘনাই দেখিবলৈ পোৱা গৈছে, যিয়ে নদীখনৰ পৰিৱেশতন্ত্ৰৰ এক ধনাত্মক বার্তা কঢ়িয়াই আনিছে। কিন্তু ইয়াৰ বিপৰীতে অসমৰ আন কেইখনমান নদীৰ ক্ষেত্ৰত পৰিস্থিতি অত্যন্ত উদ্বেগজনক হৈ পৰিছে। বিশেষকৈ বৰাক নদীত বৰ্তমান ৰিভাৰ ডলফিনৰ সংখ্যা একেবাৰে শূন্য বা স্থানীয়ভাবে বিলুপ্ত হোৱাৰ দিশে গতি কৰিছে বুলি চৰকাৰী তথ্যত প্ৰকাশ পাইছে।
একেদৰে সোৱণশিৰি নদী আৰু কামৰূপৰ কুলশী নদীৰ দৰে গুৰুত্বপূৰ্ণ উপনদীসমূহতো শিহুৰ সংখ্যা পূৰ্বতকৈ হ্রাস পোৱা বুলি বিজ্ঞানীসকলে আশংকা ব্যক্ত কৰিছ। শিহু সংৰক্ষণৰ ইতিহাসত অসমত শেহতীয়াভাৱে এক গুৰুত্বপূৰ্ণ তথা ঐতিহাসিক মাইলৰ খুঁটি স্থাপন কৰা হৈছে। ভাৰত চৰকাৰৰ বন বিভাগ আৰু পৰিৱেশ সংস্থাসমূহৰ যুটীয়া প্ৰচেষ্টাত ব্ৰহ্মপুত্ৰৰ শিহুৰ দেহত প্ৰথমবাৰৰ বাবে 'ছেটেলাইট টেগিং' বা উপগ্ৰহীয় সংযোগ ব্যৱস্থা স্থাপন কৰা হৈছে। এই প্ৰযুক্তিৰ সহায়ত এতিয়াৰে পৰা শিহুৰ প্ৰব্ৰজনৰ পথ, সিহঁতৰ বিচৰণৰ পৰিসৰ, পানীৰ তলৰ গতিবিধি আৰু ঋতুভিত্তিক বাসস্থানৰ পৰিৱৰ্তন আদিৰ ওপৰত সঠিকভাৱে নিৰীক্ষণ কৰিব পৰা যাব, যিয়ে ভবিষ্যতে এই বিপন্ন প্রাণীবিধৰ সুৰক্ষাত ব্যাপক সহায় কৰিব। এই প্রাণীবিধৰ বাবে মূল ভাবুকি হৈ পৰিছে মানৱসৃষ্ট কার্যকলাপ।
নদীসমূহত অবাধ হাৰত চলি থকা অবৈধ তথা অবৈজ্ঞানিক বালি খনন, যান্ত্রিক নাও বা ফেৰীৰ শব্দ, মৎস্য চিকাৰীৰ জালত আবদ্ধ হোৱা আৰু নদীৰ প্ৰদূষণে শিহুৰ স্বাভাৱিক বাসস্থান ধ্বংস কৰি আনিছে। নদীৰ পানী শুকুৱাই পেলোৱা বা জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱেও সিহঁতৰ প্ৰজনন আৰু খাদ্য সংগ্রহত ব্যাঘাত জন্মাইছে।
ইতিবাচক দিশটো হ'ল, ৰাজ্যখনৰ বিভিন্ন প্রান্তত স্থানীয় লোক তথা যুৱ প্ৰজন্মৰ মাজত শিহুক লৈ সজাগতা বৃদ্ধি পাইছে। অলপতে ডিব্ৰুগড় জিলাৰ ৰহমৰীয়া অঞ্চলৰ এজন থলুৱা যুৱকে ব্ৰহ্মপুত্ৰৰ পলসত আবদ্ধ হৈ পৰা এটা বিৰল প্ৰজাতিৰ পোৱালি শিহু উদ্ধাৰ কৰি সুৰক্ষিতভাৱে নদীত পুনৰ মুকলি কৰি দিয়াৰ ঘটনাই ৰাজ্যজুৰি প্রশংসা বুটলিছিল। পৰিৱেশবিদসকলৰ মতে, কেৱল চৰকাৰী আঁচনি বা প্রজেক্ট ডলফিনৰ জৰিয়তেই নহয়, নদীৰ পাৰত থকা স্থানীয় মৎস্যজীৱী আৰু জনসাধাৰণক সজাগ কৰি তুলিলেহে অসমৰ বুকুত এই অমূল্য জলচৰ সম্পদবিধ চিৰদিনৰ বাবে সুৰক্ষিত হৈ থাকিব।
উৎস: দৈনিক জনমভূমি