ডিজিটেল ডেস্ক: অসমৰ বিশিষ্ট স্ত্ৰী ৰোগ বিশেষজ্ঞ ডাঃ শান্তি মেধিৰ দেহাৱসান। প্ৰয়াত কৰ্ণেল ডাঃ মহানন্দ মেধিৰ পত্নী ডাঃ শান্তি মেধিৰ ৫ অক্টোবৰৰ নিশা হেঙেৰাবাৰীৰ নিজা বাসভৱনত পৰিলোক প্ৰাপ্তি হয়।
যোৱা কিছুদিন ধৰি শান্তি মেধি বাৰ্ধক্যজনিত কিছু ৰোগত ভুগি আছিল আৰু মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮০ বছৰ।
প্ৰয়াত শান্তি মেধিয়ে গুৱাহাটী মেডিকেল কলেজৰ পৰা সৰ্বোচ্চ নম্বৰ পাই MBBS ডিগ্ৰী লাভ কৰিছিল আৰু পিছলৈ তেওঁ দিল্লী AIMSৰ পৰা MD ডিগ্ৰী আৰু লণ্ডনৰ পৰা MRCOG ডিগ্ৰী লাভ কৰে।
অসম মেডিকেল কলেজৰ পৰা চাকৰি আৰম্ভ কৰি মেধিয়ে পৰৱৰ্তী সময়ত শিলচৰ মেডিকেল কলেজৰ পৰা অব্যাহতি লয় আৰু পিছলৈ তেখেতে ডুবাই,মাছকট,আৰু বাহৰেইনৰ পৰা সুখ্যাতিৰে চাকৰি কৰি অৱসৰ লাভ কৰে।
বৰ্তমান তেওঁৰ পুত্ৰ গুণজিৎ মেধি আমেৰিকাৰ বষ্টন চহৰৰ বাসিন্দা। মাতৃৰ বিয়োগৰ খবৰ পোৱাৰ লগে লগে কালি সন্ধিয়াই আহি গুৱাহাটীত উপস্থিত হয় গুণজিৎ মেধি। নৱগ্ৰহ শ্মশানত ডাঃ শান্তি মেধিৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হয়। চিকিৎসকগৰাকীৰ মৃত্যুত অঞ্চলজুৰি গভীৰ শোকৰ ছাঁ পৰিছে।