--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • পবিতৰা জীপ ছাফাৰী সন্থাই পৰ্যটকৰ বাবে এইবেলি কুৰিখনৰো অধিক জীপ সাজু কৰি তুলিছে যদিও পবিতৰাৰ ৰেঞ্জাৰ উজ্জ্বল চৌধুৰীয়ে জানিবলৈ দিয়া অনুসৰি নৱেম্বৰ মাহৰ প্ৰথমভাগতহে হাতী ছাফাৰী মুকলি কৰা হ'ব।

ডিজিটেল ডেস্ক: এশিঙীয়া খৰ্গযুক্ত গঁড়ৰ সৰ্বাধিক ঘনত্বৰ বাবে বিশ্বপ্রসিদ্ধ ঐতিহ্যমণ্ডিত মায়ঙত অৱস্থিত পবিতৰা অভয়াৰণ্য এইবেলি ২০২৬-২৭ বৰ্ষৰ বাবে পুনৰ মুকলি হল আজি অৰ্থাত ১৩ অক্টোবৰত। এশিঙীয়া গঁড়ৰ ৰম্যভূমি এই পবিতৰা অভয়াৰণ্য ২০২৬-২৭ পৰ্যটন বৰ্ষৰ বাবে মুকলি কৰে বন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই।


উল্লেখযোগ্য যে পবিতৰা জীপ ছাফাৰী সন্থাই পৰ্যটকৰ বাবে এইবেলি কুৰিখনৰো অধিক জীপ সাজু কৰি তুলিছে যদিও পবিতৰাৰ ৰেঞ্জাৰ উজ্জ্বল চৌধুৰীয়ে জানিবলৈ দিয়া অনুসৰি নৱেম্বৰ মাহৰ প্ৰথমভাগতহে হাতী ছাফাৰী মুকলি কৰা হ'ব। 


প্রণিধানযোগ্য যে ২০২৪-২৫ পর্যটন বৰ্ষত পবিতৰা অভয়াৰণ্যলৈ দেশী-বিদেশী মুঠ ৩৫,৩৭১ গৰাকী পৰ্যটকৰ আগমন ঘটিছিল আৰু সেই অনুসৰি পবিতৰাত ৰাজহ সংগ্ৰহ হৈছিল ৮১,৫৮,২৫০ টকা। একেদৰে ২০২৩-২৪ পর্যটন বৰ্ষত পবিতৰা দৰ্শন কৰিবলৈ অহা দেশী-বিদেশী পর্যটকৰ সংখ্যা আছিল ৩৪,৪৩৭গৰাকী আৰু মুঠ ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল ৬১,২৬,৪২৫ টকা। 


প্রাপ্ত তথ্য অনুসৰি, ২০২০-২১ বৰ্ষত পবিতৰা দৰ্শন কৰিবলৈ অহা পৰ্যটকৰ সংখ্যা আছিল ২১,৫৫৪। একেদৰে ২০২১-২২ বর্ষত ২৬,৮২৪, ২০২২-২৩ বর্ষত ৩১,৪৩২, ২০২৩-২৪ বর্ষত পৰ্যটকৰ সংখ্যা আছিল ৩০,৩৫৬।


উৎস: দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
মহাকাশৰ পৰা অসমৰ ৰাজ্যিক জলচৰ প্ৰাণী ‘শিহু’ৰ গতিবিধি নিৰীক্ষণ
আজিৰে পৰা পুনৰ মুকলি পবিতৰা অভয়াৰণ্য
সাত বছৰৰ দীঘলীয়া বিৰতিৰ অন্তত নতুন উদ্যমেৰে ট্ৰেক এণ্ড ফিল্ডলৈ উভতিবলৈ সাজু হিমা দাস
৫২ বছৰত বিশ্বজুৰি হ্ৰাস ৭৩% বন্যপ্রাণী! ইয়াৰ মাজতে আশাৰ ৰেঙনি দেখুৱাইছে ভাৰতে
এবছৰে কাৰাবন্দী হৈ আজি মুকলি আকাশৰ তললৈ অমৃতপ্ৰভা মহন্ত
পাকিস্তানৰ ৪খন অশান্ত প্ৰদেশক খণ্ড খণ্ড কৰাৰ পৰিকল্পনা আছিম মুনিৰৰ
আজিৰে পৰা পুনৰ মুকলি পবিতৰা অভয়াৰণ্য
মহাকাশৰ পৰা অসমৰ ৰাজ্যিক জলচৰ প্ৰাণী ‘শিহু’ৰ গতিবিধি নিৰীক্ষণ
ভাৰত-ৱেষ্ট ইণ্ডিজৰ প্ৰথম টি-২০ আজি
জার্মান-মার্কিন ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা
জিলিকি থকা ছাল পাবলৈ কি কৰিব লাগে?
নামৰূপৰ বিশিষ্ট সমাজকৰ্মী মিনাৰাম চুতীয়ালৈ বাবা চাহেব বি. আৰ আম্বেদকাৰ বঁটা
সাৱধান! গৰ্ভৱতী-প্ৰসূতি মহিলাক চৰকাৰী সাহায্যৰ প্ৰলোভন; হাজোত লাখে লাখে টকা লুটিছে চাইবাৰ অপৰাধীয়ে
বিশিষ্ট স্ত্ৰী ৰোগ বিশেষজ্ঞ ডাঃ শান্তি মেধিৰ পৰলোক প্ৰাপ্তি