--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মোবাইল ফোনৰ বিস্ফোৰণ ঘটাৰ কথা আমি প্ৰায়ে শুনিবলৈ পাওঁ । এনে অঘটনৰ ফলত বহু সময়ত বহু লোক ঘূণীয়া হৈ আহিছে বা বহুতৰ ক্ষেত্ৰত ভাবিব নোৱাৰা ধৰণৰ অঘটনো ঘটিছে। আজি প্ৰায় সংখ্যক লোকৰে হাতে হাতে স্মাৰ্টফোন। এক কথাত ক'বলৈ গ'লে স্মাৰ্টফোনটো  এতিয়া বহুতৰে  জীৱনৰ এৰাব নোৱাৰা সংগী হৈ পৰিছে। এতিয়া এনে কিছুমান কামো আছে যি বোৰ কাম স্মাৰ্টফোন অবিহনে কৰিব নোৱাৰি। আমাৰ বহুতৰে জীৱনৰ এৰাব নোৱাৰা অংশ হৈ পৰা স্মাৰ্টফোনটোৱেই কেতিয়াবা আমাৰ জীৱনলৈ ভাবুকি নমাই আনিব পাৰে।

স্মাৰ্টফোনৰ  ব্যৱহাৰ  এতিয়া যিমানে বাঢ়িছে,সিমানেই  এনে ফোনৰ বিস্ফোৰণৰ ঘটনাও বৃদ্ধি পাইছে।  স্মাৰ্টফোনটোক নিৰাপদে ৰাখিবলৈ আৰু  বিস্ফোৰণ ঘটাৰ পৰা  পৰা ৰক্ষা কৰিবলৈ এই ভুল দুটা আমি কেতিয়াও কৰা উচিৎ নহয়—

(ক)অন্য চাৰ্জাৰেৰে  ফোনটো চাৰ্জ দিয়া–

আমি বহুতেই মোবাইল ফোনটো চাৰ্জ দিবলৈ ফোনটোত খাপ খোৱা যিকোনো চাৰ্জাৰ ব্যৱহাৰ কৰো। দৰাচলতে কোম্পানীয়ে একো একোটা মোবাইল ফোনৰ বাবে নিৰ্দিষ্ট চাৰ্জাৰ দিয়ে। সেই নিৰ্দিষ্ট চাৰ্জাৰেৰে ফোনটো চাৰ্জ কৰিলে বিপদ ঘটাৰ ভয় বহু খিনি কমি যায়। কিন্তু চাৰ্জ দিবলৈ আজি এটা চাৰ্জাৰ, কাইলৈ এটা চাৰ্জাৰ ব্যৱহাৰ কৰিলে ফোনটো বিস্ফোৰণ ঘটাৰ আশংকা বৃদ্ধি পায়। দৰাচলতে একোটা স্মাৰ্টফোন চাৰ্জাৰৰ ইনপুট আৰু আউটপুট নিৰ্দিষ্ট কৰি থোৱা থাকে। আনকি একে কোম্পানিৰ হ’লেও, দুটা বেলেগ বেলেগ ম’বাইল ফোনৰ চাৰ্জাৰৰ ক্ষমতা বেলেগ বেলেগ হয়।

 আপোনাৰ ফোনটোৰ লগত অহা চাৰ্জাৰটো ফোনটোৰ প্ৰয়োজনীয়তা অনুসৰি কোম্পানিয়ে তৈয়াৰ কৰে। কিন্তু বেছিভাগ লোকেই হাতত যি চাৰ্জাৰ পায় তাৰেই চাৰ্জ কৰা দেখা যায়।

বিস্ফোৰণৰ হাত সাৰিব থাকিবলৈ বেলেগ চাৰ্জাৰেৰে কেতিয়াও আপোনাৰ ফোনটো চাৰ্জ নকৰিব। এডাল চাৰ্জাৰ যদি বেয়া হৈছে তেন্তে সেই নিৰ্দিষ্ট ফোনটোৰ কাৰণে তৈয়াৰী আন এডাল চাৰ্জাৰহে সংগ্ৰহ কৰি ল'ব।

(খ) চাৰ্জ দি থকা অৱস্থাতে ফোনটো  ব্যৱহাৰ কৰা–

বহুতেই মোবাইল ফোনটো চাৰ্জ দি থকা অৱস্থাতো ফোন কৰাকে ধৰি আন কামো কৰি থাকে। এনে কৰিলে বিপদৰ আশংকা বহু গুণে বাঢ়ি যায়।  ফোনটো চাৰ্জ দি থকা অৱস্থাত কেতিয়াও ইয়াক ব্যৱহাৰ কৰিব নালাগে।

চাৰ্জ কৰি থাকোতে প্ৰায়ভাগ ফোন গৰম হোৱা দেখা যায়। তাতে আকৌ তাত আন এপ্লিকে’চন চলাই থাকিলে স্বাভাৱিকতেই তাৰ ওপৰত প্ৰ’চেছিঙৰ বোজা বাঢ়ি যায়। ফলত ফোনটোৰ উষ্ণতা বৃদ্ধি হৈ বিস্ফোৰণ ঘটিব  পাৰে।

সাধাৰণ যেন লগা এই দুই দুটা ভুলৰ বাবেই মোবাইল ফোনৰ প্ৰায় ভাগ বিস্ফোৰণ ঘটি আহিছে। গতিকে এনে ভুলবোৰ নকৰাকৈ থাকিলেই ফোনটোৰ লগতে আমাৰো স্বাস্থ্য ভালে থাকিব, কুশলে থাকিব পাৰিম।



FOLLOW US F
POPULAR
FEATURE
TRENDY
'নাৰী শক্তি বন্দন' বিধেয়ক আমাৰ আন্তৰিকতাপূর্ণ প্ৰয়াস আছিল, বিৰোধীয়ে চূর্ণ-বিচূর্ণ কৰিলে নাৰীৰ সপোন: প্রধানমন্ত্রী
দুখন ভাৰতীয় জাহাজত ইৰানী নৌ সেনাৰ আক্ৰমণ; হৰমুজ প্ৰণালী পুনৰ বন্ধ কৰিলে ইৰানে
T-20 বিশ্ব কাপত মেচ ফিক্সিঙৰ অভিযোগ; দুর্নীতি নিবাৰক শাখাৰ তদন্ত আৰম্ভ
ৰাছিয়াৰ পৰা খাৰুৱা তেল আৰু এল পি জি ক্রয় অব্যাহত ৰাখিব ভাৰতে
বিশ্বৰ জনপ্ৰিয় নেতাৰ তালিকাৰ শীৰ্ষত পুনৰ মোদী, দশম স্থানত ড’নাল্ড ট্রাম্প
আজি অক্ষয় তৃতীয়া; কি কৰিব লাগে আৰু কি কৰিব নালাগে জানো আহক
জুবিনবিহীন বিহু মঞ্চত গীত গাবলৈ সাজু শিল্পী
মহাকাশ বিজ্ঞানত নতুন ইতিহাস: চন্দ্ৰৰ কক্ষপথ ভ্ৰমণ কৰি পৃথিৱীলৈ সুৰক্ষিত প্ৰত্যাৱৰ্তন নাছাৰ ৪ মহাকাশচাৰীৰ
বিহুৰ বতৰত অসমীয়ালৈ উপহাৰ: ২০ বছৰ আগৰ জুবিনক পুনৰ লগ পাব অনুৰাগীয়ে
৩ খন সফল আইপিএল মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ এচিএৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা
অসমৰ বজাৰলৈ কলকাতাৰ ঢোল, গামোচাৰ পাছত এইবাৰ অন্য এক জাতীয় সম্পদক লৈ বাহিৰৰ বণিয়াৰ বেপাৰ
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত নতুন প্ৰজাতিৰ গেকো আৱিষ্কাৰ: ৰাজ্যৰ জীৱ-বৈচিত্র্যৰ ভঁৰাললৈ অন্য এক সংযোজন
গৰু বিহুৰ দিনা একাংশ মানুহে কিয় খায় আমৰলি পৰুৱাৰ টোপ? জানো আহক
পাৱাৰলুমৰ গামোচাৰে ভৰিছে ৰাজ্যৰ বজাৰ