--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মোবাইল ফোনৰ বিস্ফোৰণ ঘটাৰ কথা আমি প্ৰায়ে শুনিবলৈ পাওঁ । এনে অঘটনৰ ফলত বহু সময়ত বহু লোক ঘূণীয়া হৈ আহিছে বা বহুতৰ ক্ষেত্ৰত ভাবিব নোৱাৰা ধৰণৰ অঘটনো ঘটিছে। আজি প্ৰায় সংখ্যক লোকৰে হাতে হাতে স্মাৰ্টফোন। এক কথাত ক'বলৈ গ'লে স্মাৰ্টফোনটো  এতিয়া বহুতৰে  জীৱনৰ এৰাব নোৱাৰা সংগী হৈ পৰিছে। এতিয়া এনে কিছুমান কামো আছে যি বোৰ কাম স্মাৰ্টফোন অবিহনে কৰিব নোৱাৰি। আমাৰ বহুতৰে জীৱনৰ এৰাব নোৱাৰা অংশ হৈ পৰা স্মাৰ্টফোনটোৱেই কেতিয়াবা আমাৰ জীৱনলৈ ভাবুকি নমাই আনিব পাৰে।

স্মাৰ্টফোনৰ  ব্যৱহাৰ  এতিয়া যিমানে বাঢ়িছে,সিমানেই  এনে ফোনৰ বিস্ফোৰণৰ ঘটনাও বৃদ্ধি পাইছে।  স্মাৰ্টফোনটোক নিৰাপদে ৰাখিবলৈ আৰু  বিস্ফোৰণ ঘটাৰ পৰা  পৰা ৰক্ষা কৰিবলৈ এই ভুল দুটা আমি কেতিয়াও কৰা উচিৎ নহয়—

(ক)অন্য চাৰ্জাৰেৰে  ফোনটো চাৰ্জ দিয়া–

আমি বহুতেই মোবাইল ফোনটো চাৰ্জ দিবলৈ ফোনটোত খাপ খোৱা যিকোনো চাৰ্জাৰ ব্যৱহাৰ কৰো। দৰাচলতে কোম্পানীয়ে একো একোটা মোবাইল ফোনৰ বাবে নিৰ্দিষ্ট চাৰ্জাৰ দিয়ে। সেই নিৰ্দিষ্ট চাৰ্জাৰেৰে ফোনটো চাৰ্জ কৰিলে বিপদ ঘটাৰ ভয় বহু খিনি কমি যায়। কিন্তু চাৰ্জ দিবলৈ আজি এটা চাৰ্জাৰ, কাইলৈ এটা চাৰ্জাৰ ব্যৱহাৰ কৰিলে ফোনটো বিস্ফোৰণ ঘটাৰ আশংকা বৃদ্ধি পায়। দৰাচলতে একোটা স্মাৰ্টফোন চাৰ্জাৰৰ ইনপুট আৰু আউটপুট নিৰ্দিষ্ট কৰি থোৱা থাকে। আনকি একে কোম্পানিৰ হ’লেও, দুটা বেলেগ বেলেগ ম’বাইল ফোনৰ চাৰ্জাৰৰ ক্ষমতা বেলেগ বেলেগ হয়।

 আপোনাৰ ফোনটোৰ লগত অহা চাৰ্জাৰটো ফোনটোৰ প্ৰয়োজনীয়তা অনুসৰি কোম্পানিয়ে তৈয়াৰ কৰে। কিন্তু বেছিভাগ লোকেই হাতত যি চাৰ্জাৰ পায় তাৰেই চাৰ্জ কৰা দেখা যায়।

বিস্ফোৰণৰ হাত সাৰিব থাকিবলৈ বেলেগ চাৰ্জাৰেৰে কেতিয়াও আপোনাৰ ফোনটো চাৰ্জ নকৰিব। এডাল চাৰ্জাৰ যদি বেয়া হৈছে তেন্তে সেই নিৰ্দিষ্ট ফোনটোৰ কাৰণে তৈয়াৰী আন এডাল চাৰ্জাৰহে সংগ্ৰহ কৰি ল'ব।

(খ) চাৰ্জ দি থকা অৱস্থাতে ফোনটো  ব্যৱহাৰ কৰা–

বহুতেই মোবাইল ফোনটো চাৰ্জ দি থকা অৱস্থাতো ফোন কৰাকে ধৰি আন কামো কৰি থাকে। এনে কৰিলে বিপদৰ আশংকা বহু গুণে বাঢ়ি যায়।  ফোনটো চাৰ্জ দি থকা অৱস্থাত কেতিয়াও ইয়াক ব্যৱহাৰ কৰিব নালাগে।

চাৰ্জ কৰি থাকোতে প্ৰায়ভাগ ফোন গৰম হোৱা দেখা যায়। তাতে আকৌ তাত আন এপ্লিকে’চন চলাই থাকিলে স্বাভাৱিকতেই তাৰ ওপৰত প্ৰ’চেছিঙৰ বোজা বাঢ়ি যায়। ফলত ফোনটোৰ উষ্ণতা বৃদ্ধি হৈ বিস্ফোৰণ ঘটিব  পাৰে।

সাধাৰণ যেন লগা এই দুই দুটা ভুলৰ বাবেই মোবাইল ফোনৰ প্ৰায় ভাগ বিস্ফোৰণ ঘটি আহিছে। গতিকে এনে ভুলবোৰ নকৰাকৈ থাকিলেই ফোনটোৰ লগতে আমাৰো স্বাস্থ্য ভালে থাকিব, কুশলে থাকিব পাৰিম।



FOLLOW US F
POPULAR
FEATURE
TRENDY
'জোনমণি ৰুণজুন, তেতিয়া চকুত জোন...', জুবিনৰ গীতৰ জোনমণিৰ সৰু কালৰ ফটো প্রকাশ
অপৰাধমূলক গোচৰৰ বিচাৰ প্ৰক্ৰিয়া দৈনন্দিন কৰক, উচ্চ ন্যায়ালয়সমূহক উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ
বাতিল হ'ল তামুলপুৰৰ ডিমিলাপাৰ সাৰ্বজনীন দূৰ্গা পূজাৰ সকলো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান
৫০ সহস্রাধিক মটকে কঁপালে ডিকম-লাহোৱাল, জনজাতিকৰণ অবিহনে ক্ষান্ত নোহোৱাৰ হুংকাৰ
যোৰহাট ষ্টেডিয়ামত ৩ দিন ধৰি হ'ব শ্রদ্ধাঞ্জলি-অনুষ্ঠান, মুখ্যমন্ত্ৰী ড° শৰ্মাৰ আনুষ্ঠানিক ঘোষণা
কাটিগড়াত দুৰ্গাপূজা কমিটিসকলক ৰাজ্য চৰকাৰৰ অনুদান স্বৰূপ চেক বিতৰণ
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল
ইতিহাস হ'ল জুবিন