--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • একেটা চুবুৰীতে বসবাস কৰা শ্যাম বাবুৰ লগত বহু বছৰ ধৰি প্ৰেমৰ সম্পৰ্কত আছিল কিশোৰীগৰাকী। পৰিয়ালৰ লোকে এই কথা জনাৰ পাছত প্ৰেমত বাধা দিবলৈ ধৰিলে।

ডিজিটেল ডেস্ক : প্ৰেমৰ বাবেই মৃত্যুক সাবটিলে এগৰাকী কিশোৰীয়ে। উত্তৰ প্ৰদেশৰ কৌশাম্বী জিলাৰ পৰা পোহৰলৈ আহিছে এক হৃদয় বিদাৰক ঘটনা। বিহ সেৱন কৰি মৃত্যু হয় এগৰাকী ১৭ বছৰীয়া কিশোৰীৰ। অভিযোগ অনুসৰি প্ৰেমিকজনে তাইক বিষ সেৱন কৰিবলৈ উচটনি দিছিল আৰু নিজেও সেৱন কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও পিছত নিজে বিহ সেৱন নকৰি সেই স্থানৰ পৰা পলায়ন কৰিছিল।


ঘটনাটো পাছিম শৰিৰা থানা এলেকাৰ পাছিম শ্বৰিৰা গাঁৱৰ। একেটা চুবুৰীতে বসবাস কৰা শ্যাম বাবুৰ লগত বহু বছৰ ধৰি প্ৰেমৰ সম্পৰ্কত আছিল কিশোৰীগৰাকী। পৰিয়ালৰ লোকে এই কথা জনাৰ পাছত প্ৰেমত বাধা দিবলৈ ধৰিলে। ইয়াৰ পিছতো দুয়োৰে সাক্ষাৎ অব্যাহত থাকিল। উপায় নাপায় ছোৱালীজনীৰ পৰিয়ালে অন্য এজন ল'ৰাৰ সৈতে বিয়া ঠিক কৰে। দুদিন মানৰ পাছত এংগেজমেণ্ট আছিল দুয়োৰে।


এংগেজমেণ্টৰ খবৰ পোৱাৰ লগে লগে প্ৰেমিকজনে ছোৱালীজনীক লগ কৰে আৰু দুয়োজনে বিহ সেৱন কৰি মৃত্যুক সাবটি লোৱাৰ সিদ্ধান্ত লয়। প্ৰেমিকে ছোৱালীজনীক কৈছিল ''আহা আমি বিহপান কৰোঁ আৰু একেলগে মৃত্যুক সাবটি লওঁ।'' প্ৰেমিকৰ জোৰত ছোৱালীজনীয়ে বিহ সেৱন কৰিলে, কিন্তু প্ৰেমিকে নিজে সেৱন নকৰি তাৰ পৰা পলাই গ’ল। যেতিয়া ছোৱালীজনীৰ অৱস্থা অধিক বেয়া হৈ পৰে তেতিয়া পৰিয়ালে তেওঁক জিলা চিকিৎসালয়লৈ লৈ যায়, তাৰ পৰাই তেওঁক সংকটজনক অৱস্থাত প্ৰয়াগৰাজৰ এছ আৰ এন হাস্পতাললৈ প্ৰেৰণ কৰা হয়। বাটতে তেওঁৰ মৃত্যু হয়।


মৃত ছোৱালীজনীৰ মাতৃৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে গোচৰ ৰুজু কৰি অভিযুক্ত শ্যাম বাবুক গ্ৰেপ্তাৰ কৰে। এই ঘটনা সন্দৰ্ভত ডি এছ পি জে পি পাণ্ডেই কয় যে অভিযুক্তক জেৰা কৰাৰ পিছত তেওঁক আদালতত হাজিৰ কৰা হ’ব আৰু আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু