--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • একেটা চুবুৰীতে বসবাস কৰা শ্যাম বাবুৰ লগত বহু বছৰ ধৰি প্ৰেমৰ সম্পৰ্কত আছিল কিশোৰীগৰাকী। পৰিয়ালৰ লোকে এই কথা জনাৰ পাছত প্ৰেমত বাধা দিবলৈ ধৰিলে।

ডিজিটেল ডেস্ক : প্ৰেমৰ বাবেই মৃত্যুক সাবটিলে এগৰাকী কিশোৰীয়ে। উত্তৰ প্ৰদেশৰ কৌশাম্বী জিলাৰ পৰা পোহৰলৈ আহিছে এক হৃদয় বিদাৰক ঘটনা। বিহ সেৱন কৰি মৃত্যু হয় এগৰাকী ১৭ বছৰীয়া কিশোৰীৰ। অভিযোগ অনুসৰি প্ৰেমিকজনে তাইক বিষ সেৱন কৰিবলৈ উচটনি দিছিল আৰু নিজেও সেৱন কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও পিছত নিজে বিহ সেৱন নকৰি সেই স্থানৰ পৰা পলায়ন কৰিছিল।


ঘটনাটো পাছিম শৰিৰা থানা এলেকাৰ পাছিম শ্বৰিৰা গাঁৱৰ। একেটা চুবুৰীতে বসবাস কৰা শ্যাম বাবুৰ লগত বহু বছৰ ধৰি প্ৰেমৰ সম্পৰ্কত আছিল কিশোৰীগৰাকী। পৰিয়ালৰ লোকে এই কথা জনাৰ পাছত প্ৰেমত বাধা দিবলৈ ধৰিলে। ইয়াৰ পিছতো দুয়োৰে সাক্ষাৎ অব্যাহত থাকিল। উপায় নাপায় ছোৱালীজনীৰ পৰিয়ালে অন্য এজন ল'ৰাৰ সৈতে বিয়া ঠিক কৰে। দুদিন মানৰ পাছত এংগেজমেণ্ট আছিল দুয়োৰে।


এংগেজমেণ্টৰ খবৰ পোৱাৰ লগে লগে প্ৰেমিকজনে ছোৱালীজনীক লগ কৰে আৰু দুয়োজনে বিহ সেৱন কৰি মৃত্যুক সাবটি লোৱাৰ সিদ্ধান্ত লয়। প্ৰেমিকে ছোৱালীজনীক কৈছিল ''আহা আমি বিহপান কৰোঁ আৰু একেলগে মৃত্যুক সাবটি লওঁ।'' প্ৰেমিকৰ জোৰত ছোৱালীজনীয়ে বিহ সেৱন কৰিলে, কিন্তু প্ৰেমিকে নিজে সেৱন নকৰি তাৰ পৰা পলাই গ’ল। যেতিয়া ছোৱালীজনীৰ অৱস্থা অধিক বেয়া হৈ পৰে তেতিয়া পৰিয়ালে তেওঁক জিলা চিকিৎসালয়লৈ লৈ যায়, তাৰ পৰাই তেওঁক সংকটজনক অৱস্থাত প্ৰয়াগৰাজৰ এছ আৰ এন হাস্পতাললৈ প্ৰেৰণ কৰা হয়। বাটতে তেওঁৰ মৃত্যু হয়।


মৃত ছোৱালীজনীৰ মাতৃৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে গোচৰ ৰুজু কৰি অভিযুক্ত শ্যাম বাবুক গ্ৰেপ্তাৰ কৰে। এই ঘটনা সন্দৰ্ভত ডি এছ পি জে পি পাণ্ডেই কয় যে অভিযুক্তক জেৰা কৰাৰ পিছত তেওঁক আদালতত হাজিৰ কৰা হ’ব আৰু আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ