--°C
Loading...
Listen to Article
2 min read
80%

কলকাতা : পশ্চিমবংগৰ কোচবিহাৰত কেন্দ্ৰীয় ঔদ্যোগিক নিৰাপত্তা বাহিনীৰ আক্ৰমণত সাধাৰণ জনতা নিহত হোৱা ঘটনাক গণহত্যা আখ্যা দিছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। চিআইএছএফৰ জোৱানে ভোট দিবলৈ অহা লোকৰ বুকুলৈ লক্ষ্য কৰি গুলী চলাইছিল বুলি তেওঁ অভিযোগ কৰিছে। তেওঁ অভিযোগ কৰে যে, চিআইএছএফ কেৱল ঔদ্যোগিক বিষয়সমূহৰে মোকাবিলা কৰাৰ বাবে যোগ্য, ভিৰ নিয়ন্ত্ৰণ কৰাৰ অভিজ্ঞতা তেওঁলোকৰ নাই।

আৰু পঢ়িব পাৰিব : বিশ্ব ঐতিহ্যক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ সুখবৰ : পবিতৰাৰ পৰা অনা হ’ব দুটাকৈ গঁড়

এই ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয়, ‘এয়া গণহত্যা। তেওঁলোকে হত্যাৰ উদ্দেশ্যেই বুলেট নিক্ষেপ কৰিছিল। তেওঁলোকে আঁঠুৰ তলত গুলী চলাব লাগিছিল। ভিৰক নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত চিআইএছএফৰ কোনো অভিজ্ঞতা নাই। তেওঁলোকক কেৱল ঔদ্যোগিক এলেকা চোৱা-চিতাৰহে প্ৰশিক্ষণ দিয়া হৈছে।’ শনিবাৰে শীতলকুছি বিধানসভা সমষ্টিৰ ১২৬নং বুথত পুৱা প্ৰায় ১০.৩০বজাত চিআইএছএফৰ জোৱানে মুকলিকৈ গুলী চলাইছিল।

যাৰ ফলত চাৰিজন লোক নিহত হোৱাৰ লগতে কমেও এজন লোক আহত হৈছে। নিৰ্বাচন আয়োগে নিয়োগ কৰা বিশেষ আৰক্ষী নিৰীক্ষকে চিআইএছএফৰ পক্ষ সমৰ্থন কৰি প্ৰতিবেদনত এইবুলি লিখিছে যে, চিআইএছএফে স্বসুৰক্ষাৰ বাবে গুলী চলাইছিল। অঞ্চলটোৰ একাংশ লোকে চিআইএছএফৰ সৈতে সংঘাতত লিপ্ত হৈছিল আৰু তেওঁলোকৰ অস্ত্ৰ কাঢ়ি ল’বলৈ চেষ্টা কৰিছিল।

আৰু পঢ়িব পাৰিব : অৱশেষত আৰক্ষীৰ জালত পৰিল বাকসা বৰবৰীত হোৱা হত্যাকাণ্ডৰ মূল অভিযুক্ত

ইফালে, মমতা বেনাৰ্জীয়ে ‘বহিৰাগত’ই নিয়ম ভংগ কৰি গুলী চলোৱা বুলি চিআইএছএফৰ বিৰুদ্ধে অভিযোগ আনিছে। তেওঁ অভিযোগ কৰিছে যে, জোৱানসকলে লোকসকলক ঘেৰাও কৰি ৰাখিছিল আৰু তেওঁলোকক ভোট দিবলৈ দিয়া হোৱা নাছিল। তদুপৰি চিআইএছএফে লাঠীচালনা, কন্দুৱা গেছ প্ৰয়োগ কৰা বা পানীহিলৈ নিক্ষেপ কৰাৰ দৰে পদক্ষেপ গ্ৰহণ নকৰাকৈয়ে গুলী চলোৱাক লৈও প্ৰশ্ন তুলিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু