--°C
Loading...
Listen to Article
2 min read
80%

কলকাতা : পশ্চিমবংগৰ কোচবিহাৰত কেন্দ্ৰীয় ঔদ্যোগিক নিৰাপত্তা বাহিনীৰ আক্ৰমণত সাধাৰণ জনতা নিহত হোৱা ঘটনাক গণহত্যা আখ্যা দিছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। চিআইএছএফৰ জোৱানে ভোট দিবলৈ অহা লোকৰ বুকুলৈ লক্ষ্য কৰি গুলী চলাইছিল বুলি তেওঁ অভিযোগ কৰিছে। তেওঁ অভিযোগ কৰে যে, চিআইএছএফ কেৱল ঔদ্যোগিক বিষয়সমূহৰে মোকাবিলা কৰাৰ বাবে যোগ্য, ভিৰ নিয়ন্ত্ৰণ কৰাৰ অভিজ্ঞতা তেওঁলোকৰ নাই।

আৰু পঢ়িব পাৰিব : বিশ্ব ঐতিহ্যক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ সুখবৰ : পবিতৰাৰ পৰা অনা হ’ব দুটাকৈ গঁড়

এই ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয়, ‘এয়া গণহত্যা। তেওঁলোকে হত্যাৰ উদ্দেশ্যেই বুলেট নিক্ষেপ কৰিছিল। তেওঁলোকে আঁঠুৰ তলত গুলী চলাব লাগিছিল। ভিৰক নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত চিআইএছএফৰ কোনো অভিজ্ঞতা নাই। তেওঁলোকক কেৱল ঔদ্যোগিক এলেকা চোৱা-চিতাৰহে প্ৰশিক্ষণ দিয়া হৈছে।’ শনিবাৰে শীতলকুছি বিধানসভা সমষ্টিৰ ১২৬নং বুথত পুৱা প্ৰায় ১০.৩০বজাত চিআইএছএফৰ জোৱানে মুকলিকৈ গুলী চলাইছিল।

যাৰ ফলত চাৰিজন লোক নিহত হোৱাৰ লগতে কমেও এজন লোক আহত হৈছে। নিৰ্বাচন আয়োগে নিয়োগ কৰা বিশেষ আৰক্ষী নিৰীক্ষকে চিআইএছএফৰ পক্ষ সমৰ্থন কৰি প্ৰতিবেদনত এইবুলি লিখিছে যে, চিআইএছএফে স্বসুৰক্ষাৰ বাবে গুলী চলাইছিল। অঞ্চলটোৰ একাংশ লোকে চিআইএছএফৰ সৈতে সংঘাতত লিপ্ত হৈছিল আৰু তেওঁলোকৰ অস্ত্ৰ কাঢ়ি ল’বলৈ চেষ্টা কৰিছিল।

আৰু পঢ়িব পাৰিব : অৱশেষত আৰক্ষীৰ জালত পৰিল বাকসা বৰবৰীত হোৱা হত্যাকাণ্ডৰ মূল অভিযুক্ত

ইফালে, মমতা বেনাৰ্জীয়ে ‘বহিৰাগত’ই নিয়ম ভংগ কৰি গুলী চলোৱা বুলি চিআইএছএফৰ বিৰুদ্ধে অভিযোগ আনিছে। তেওঁ অভিযোগ কৰিছে যে, জোৱানসকলে লোকসকলক ঘেৰাও কৰি ৰাখিছিল আৰু তেওঁলোকক ভোট দিবলৈ দিয়া হোৱা নাছিল। তদুপৰি চিআইএছএফে লাঠীচালনা, কন্দুৱা গেছ প্ৰয়োগ কৰা বা পানীহিলৈ নিক্ষেপ কৰাৰ দৰে পদক্ষেপ গ্ৰহণ নকৰাকৈয়ে গুলী চলোৱাক লৈও প্ৰশ্ন তুলিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ