--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : গণতন্ত্রপন্থী প্ৰতিৰোধ গোটৰ নিয়ন্ত্ৰণত থকা মধ্য ম্যানমাৰৰ এখন গাঁৱত ম্যানমাৰৰ সেনাই চলোৱা এক বিমান আক্রমণত ৩০জন অসামৰিক লোক নিহত আৰু আন ২৭জন আহত হয়। 

এটা বিৰোধী গোট আৰু ম্যানমাৰৰ অনলাইন সংবাদ মাধ্যমে শনিবাৰে এই কথা কয়। দেশখনৰ দ্বিতীয় বৃহত্তম মহানগৰ মান্দালয়ৰ পৰা ৬৫ কিল'মিটাৰ উত্তৰৰ ছিংগুৰ লেট পান হ্রা গাঁৱত শুকুৰবাৰে বিয়লি ৩ বজাত এই আক্রমণ সংঘটিত হয়। যোৱা বছৰ জুলাই মাহত ম্যানমাৰৰ প্ৰধান বিৰোধীক সমর্থন জনোৱা মান্দালয় পিপল্ ডিফেন্সে ছিংগু নগৰখন দখল কৰিছিল। 

উক্ত সংগঠনটোৱে শনিবাৰে টেলিগ্রাম সামাজিক মাধ্যমত প্ৰেৰণ কৰা বিবৃতিমতে লেট পান হ্লা গাঁৱৰ মানুহৰ ভিৰ থকা বজাৰ লক্ষ্য কৰি চলোৱা বিমান আক্রমণত মৃত্যু হোৱা সকলৰ ভিতৰত ছটি শিশুও আছে। ইফালে ইন্ডিপেন্ডেন্ট ম্যানমাৰ নাও নামৰ অনলাইন সংবাদমাধ্যমে জনোৱা মতে আহত সকলৰ সাতজনৰ অৱস্থা গুৰুতৰ।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক