--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ কানপুৰত অবিশ্বাসী বুলি দাবী কৰি ১৭ বছৰীয়া প্ৰেমিকাক ডিঙি চেপি হত্যা কৰিলে এজন যুৱকে। তাৰপিছতেই যুৱকজনে প্ৰেমিকাৰ এগৰাকী বন্ধুলৈ ফোন কৰি অপৰাধ স্বীকাৰ কৰি কয় যে "মই তোমাৰ বান্ধৱীক হত্যা কৰিলোঁ।তাই অবিশ্বাসী আছিল আৰু নিজৰ সৌন্দৰ্য্যক লৈ তাই বহুত গৰ্ব কৰিছিল। এই কথা তাইৰ দেউতাককো কৈ দিবা।"

প্ৰেমিকাক ভাড়াঘৰলৈ নিমন্ত্ৰণ কৰি ডিঙি চেপি হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে যুৱকজনৰ বিৰুদ্ধে। হত্যাকাণ্ডৰ পিছতে তেওঁ প্ৰেমিকাৰ বন্ধুলৈ ফোন কৰি অপৰাধ স্বীকাৰ কৰি পলায়ন কৰে। 

আৰক্ষীৰ তথ্য অনুসৰি সোমবাৰে বিয়লি বন্ধুৰ সৈতে বজাৰলৈ গৈছিল যুৱতীগৰাকী। তাতে যুৱতীগৰাকীয়ে প্ৰেমিক শিৱম বাৰ্মাক লগ পালে। শিৱমে প্ৰেমিকাক নিজৰ ভাড়াঘৰলৈ যাবলৈ লগ ধৰিলে। প্ৰেমিকৰ কথাত প্ৰেমিকাও সন্মত হল। শিৱমৰ বাইকত উঠি ভাড়াঘৰলৈ আহিল যুৱতীগৰাকী। যুৱতীৰ বন্ধুজন ঘৰলৈ উভতি আহিছিল।

এঘণ্টাৰ পাছতেই শিৱম বাৰ্মাই যুৱতীগৰাকীৰ বন্ধুজনক ফোন কৰি অভিযোগ কৰে যে প্ৰেমিকা অবিশ্বাসী হোৱাৰ বাবে তাইৰ ডিঙি চেপি হত্যা কৰিছে। এই কথাখিনি কোৱাৰ পাছতেই লগে লগে ফোনটো বিচ্ছিন্ন কৰি পেলায় শিৱমে। ইয়াৰ পিছতে বন্ধুজনে হত্যাকাণ্ডৰ বিষয়ে যুৱতীগৰাকীৰ পিতৃক অৱগত কৰে। ঘটনাস্থলীত উপস্থিত হোৱাৰ লগে লগে ভুক্তভোগীৰ পিতৃয়ে কন্যাক নিথৰ হৈ পৰি থকা অৱস্থাত উদ্ধাৰ কৰি অৱশেষত আৰক্ষীক ফোন কৰে।

আৰক্ষীয়ে যুৱতীগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

হত্যাকাণ্ড সংঘটিত কৰিবলৈ ব্যৱহাৰ কৰা কটাৰীখন অপৰাধস্থলীত উদ্ধাৰ হোৱা বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে জনায় যে "ফৰেনছিক দলে পৰীক্ষা চলাই আছে। ভুক্তভোগীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। তদন্ত অব্যাহত আছে।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ