--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আজি ‘গৌৰৱ’ময় হৈ পৰিল দেশৰ সংসদ৷ মঙলবাৰে আগ্ৰাসী ৰূপত দেখা গ’ল গৌৰৱ গগৈক৷ মণিপুৰ প্ৰসংগৰে ভাষণ আৰম্ভ কৰে গৌৰৱ গগৈয়ে৷ 

প্ৰধানমন্ত্ৰীৰ মৌনতাক কঠোৰ ভাষাৰে সমালোচনা কৰে কংগ্ৰেছ সাংসদগৰাকীয়ে৷ মূলত: প্ৰধানমন্ত্ৰীৰ মৌনতাক সমালোচনাৰ লক্ষ্য কৰি লয় গৌৰৱ গগৈয়ে৷ সাংসদ গগৈয়ে কয়, দেশৰ প্ৰতিটো সমস্যাতে মৌনব্ৰত ধাৰণ কৰে প্ৰধানমন্ত্ৰীয়ে৷
ভিডিঅ’ ভাইৰেল নোহোৱা হ’লে মোদী মৌন হৈয়েই থাকিলহেঁতেন বুলি মন্তব্য গৌৰৱ গগৈৰ৷ 

সংসদত প্ৰধানমন্ত্ৰী মোদীলৈ গৌৰৱ গগৈয়ে আগবঢ়াই ৩টা প্ৰশ্ন৷ গৌৰৱৰ প্ৰশ্ন- আজিলৈ কিয় মণিপুৰলৈ নগ’ল প্ৰধানমন্ত্ৰী? মণিপুৰ প্ৰসংগত বক্তব্য ৰাখিবলৈ কিয় লাগিল ৪০ দিন? আজিলৈ কিয় বৰ্খাস্ত নহ’ল মণিপুৰৰ মুখ্যমন্ত্ৰী?

অনাস্থা প্ৰস্তাৱৰ বাবে মুঠ ১২ ঘণ্টাৰ ম্যাদ আৱণ্টন কৰা হৈছে। শাসনাধিষ্ঠিত বিজেপিৰ অংশগ্ৰহণৰ বাবে প্ৰায় সাত ঘণ্টা সময় থাকিব, আনহাতে কংগ্ৰেছ দলক তেওঁলোকৰ অৱদানৰ বাবে প্ৰায় এক ঘণ্টা ১৫ মিনিট সময় দিয়া হৈছে।
ৱাইএছআৰচিপি, শিৱসেনা, জেডিইউ, বিজেডি, বিএছপি, বিআৰএছ আৰু এলজেপিক সামূহিকভাৱে দুঘণ্টাৰ সময়সীমা প্ৰদান কৰা হৈছে, সদনত তেওঁলোকৰ নিজ নিজ সাংসদৰ সংখ্যাৰ ওপৰত আধাৰিত কৰি সমানুপাতিকভাৱে বিতৰণ কৰা হৈছে। ইয়াৰ উপৰিও, অন্যান্য দল আৰু স্বতন্ত্ৰ সাংসদসকলৰ বাবে মুঠ ১ ঘণ্টা ১০ মিনিট আৱণ্টন কৰা হৈছে।

বিজেপি নেতৃত্বাধীন চৰকাৰক লক্ষ্য কৰি অনাস্থা প্ৰস্তাৱ সন্দৰ্ভত আলোচনা ৮ আৰু ৯ আগষ্টত লোকসভাৰ ভিতৰত হ'ব বুলি আশা কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১০ আগষ্টত তেওঁৰ সঁহাৰি প্ৰদান কৰিব বুলি আশা কৰা হৈছে। আনহাতে, ১০ আগষ্টতে সদনত ভাষণ ৰাখিব ৰাহুল গান্ধীয়েও ৷












FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক