--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গৃহ নিৰ্মাণৰ বাবে সকলো  মাহেই উপযুক্ত মাহ নহয়। বছৰৰ বাৰ মাহৰেই নিজৰ প্ৰভাৱ মানুহৰ ওপৰত পৰি আহিছে। বিশেষকৈ মাহৰ পৰিবৰ্তনৰ লগে লগে পৃথিবীৰ পৰিবেশৰো পৰিৱৰ্তন ঘটে। কেবল সেয়াই নহয় মাহৰ পৰিৱৰ্তনৰ লগে লগে ঋতুৰ পৰিৱৰ্তন আৰু মানুহৰ মনোজগতৰো পৰিৱর্তন ঘটে। 

মাহৰ পৰিৱৰ্তনে প্রাকৃতিক পৰিৱেশৰ পৰিবৰ্তন ঘটোৱাৰ বাবেও গৃহ নিৰ্মাণৰ কামত তাৰ প্ৰভাৱ পৰিব পাৰে। গৃহ নিৰ্মাণৰ ক্ষেত্ৰত মাহৰ ফলাফল এনেদৰে বিচাৰ কৰিব পাৰি।

গৃহ নিৰ্মাণৰ বাবে উত্তম মাহ হৈছে ব'হাগ মাহ। ব'হাগ মাহত গৃহ নির্মাণ কৰিলে গৃহস্থৰ ধন-সম্পত্তি তথা সুখ-সমৃদ্ধি বৃদ্ধি হয়।

জেঠ মাহত গৃহ নিৰ্মাণ কৰাটো অশুভ। জেঠ মাহত গৃহ নিৰ্মাণ কৰিলে কাৰোৱাৰ অকাল মৃত্যু ঘটিব পাৰে।

আহাৰ মাহতো গৃহ নিৰ্মাণ কৰাটো শুভ নহয়। আহাৰ মাহত গৃহ নিৰ্মাণ কৰিলে গৃহস্থৰ ধন হানিৰ লগতে ঘৰচীয়া জীৱ-জন্তুৰ মৃত্যু ঘটিব পাৰে।

শাওণ মাহত গৃহ নিৰ্মাণ কৰিব নালাগে। শাওণ মাহত গৃহ নিৰ্মাণ কৰিলে পৰিয়ালৰ কোনো সদস্যৰ অকাল মৃত্যু ঘটিব পাৰে।

ভাদ মাহটোও গৃহ নিৰ্মাণৰ বাবে উপযুক্ত মাহ নহয়। ভাদ মাহত গৃহ নির্মাণ কৰিলে গৃহস্থ ঋণগ্রস্ত হোৱাৰ লগতে নানান ক্ষতিৰ সম্মুখীন হ'ব পাৰে। আহিন মাহত গৃহ নিৰ্মাণ কৰাটো অনুচিত। আহিন মাহত গৃহ নিৰ্মাণ কৰিলে গৃহস্থৰ পত্নী বিয়োগৰ যোগ থাকে।

কাতি মাহত গৃহ নিৰ্মাণ কৰাটো শুভ ফলদায়ক। কাতি মাহত গৃহ নির্মাণ কৰিলে গৃহস্থৰ সুখ-সমৃদ্ধি বৃদ্ধিৰ লগতে ধন বৃদ্ধি পায়।

আঘোণ মাহটো গৃহ নিৰ্মাণৰ বাবে উপযুক্ত মাহ। এই মাহত গৃহ নিৰ্মাণ কৰিলে
ধনপ্রাপ্তিৰ যোগ থাকে। লগতে যশ বৃদ্ধি পায়।

পুহ মাহত গৃহ নির্মাণ কৰিলে ঘৰত চুৰি হোৱাৰ ভয় থাকে। 
মাঘ মাহত গৃহ নির্মাণ নকৰাই ভাল কিয়নো মাঘ মাহত গৃহ নিৰ্মাণ কৰিলে আগ্নি ভয় থাকে।

ফাগুন মাহত গৃহ নিৰ্মাণ কৰাটো উত্তম। এই মাহত গৃহ নির্মাণ কৰিলে পুত্র লাভ হয়।

চ'ত মাহত গৃহ নিৰ্মাণ কৰিব নালাগে। চ'ত মাহত গৃহ নিৰ্মাণ কৰিলে চুৰিৰ ভয় থাকে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰেম বিবাহৰ ৬ মাহ পাছতেই নিজৰ দেহত জুই লগাই আ*ত্ম*হ*ত্যা স্নেহাৰ! কৰ্মসূত্ৰে স্বামী আছিল বাহিৰত
‘সন্ত্ৰাসবাদ আৰু মেচ কেনেকৈ একেলগে চলিব পাৰে’, ভাৰত-পাকিস্তানৰ মেচক লৈ প্ৰশ্ন উত্থাপন AIMIMৰ
আয় বহির্ভূত সম্পত্তি!  মালিগাঁৱৰ সহকাৰী কাৰ্যবাহী অভিযন্তা প্ৰণৱ বৈশ্যৰ বিৰুদ্ধে গোচৰ ৰুজু CBIৰ
১৯৭৩ চনৰ বিমান হাইজেকত জড়িত নেপালৰ প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কিৰ স্বামী
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ