--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গৃহ নিৰ্মাণৰ বাবে সকলো  মাহেই উপযুক্ত মাহ নহয়। বছৰৰ বাৰ মাহৰেই নিজৰ প্ৰভাৱ মানুহৰ ওপৰত পৰি আহিছে। বিশেষকৈ মাহৰ পৰিবৰ্তনৰ লগে লগে পৃথিবীৰ পৰিবেশৰো পৰিৱৰ্তন ঘটে। কেবল সেয়াই নহয় মাহৰ পৰিৱৰ্তনৰ লগে লগে ঋতুৰ পৰিৱৰ্তন আৰু মানুহৰ মনোজগতৰো পৰিৱর্তন ঘটে। 

মাহৰ পৰিৱৰ্তনে প্রাকৃতিক পৰিৱেশৰ পৰিবৰ্তন ঘটোৱাৰ বাবেও গৃহ নিৰ্মাণৰ কামত তাৰ প্ৰভাৱ পৰিব পাৰে। গৃহ নিৰ্মাণৰ ক্ষেত্ৰত মাহৰ ফলাফল এনেদৰে বিচাৰ কৰিব পাৰি।

গৃহ নিৰ্মাণৰ বাবে উত্তম মাহ হৈছে ব'হাগ মাহ। ব'হাগ মাহত গৃহ নির্মাণ কৰিলে গৃহস্থৰ ধন-সম্পত্তি তথা সুখ-সমৃদ্ধি বৃদ্ধি হয়।

জেঠ মাহত গৃহ নিৰ্মাণ কৰাটো অশুভ। জেঠ মাহত গৃহ নিৰ্মাণ কৰিলে কাৰোৱাৰ অকাল মৃত্যু ঘটিব পাৰে।

আহাৰ মাহতো গৃহ নিৰ্মাণ কৰাটো শুভ নহয়। আহাৰ মাহত গৃহ নিৰ্মাণ কৰিলে গৃহস্থৰ ধন হানিৰ লগতে ঘৰচীয়া জীৱ-জন্তুৰ মৃত্যু ঘটিব পাৰে।

শাওণ মাহত গৃহ নিৰ্মাণ কৰিব নালাগে। শাওণ মাহত গৃহ নিৰ্মাণ কৰিলে পৰিয়ালৰ কোনো সদস্যৰ অকাল মৃত্যু ঘটিব পাৰে।

ভাদ মাহটোও গৃহ নিৰ্মাণৰ বাবে উপযুক্ত মাহ নহয়। ভাদ মাহত গৃহ নির্মাণ কৰিলে গৃহস্থ ঋণগ্রস্ত হোৱাৰ লগতে নানান ক্ষতিৰ সম্মুখীন হ'ব পাৰে। আহিন মাহত গৃহ নিৰ্মাণ কৰাটো অনুচিত। আহিন মাহত গৃহ নিৰ্মাণ কৰিলে গৃহস্থৰ পত্নী বিয়োগৰ যোগ থাকে।

কাতি মাহত গৃহ নিৰ্মাণ কৰাটো শুভ ফলদায়ক। কাতি মাহত গৃহ নির্মাণ কৰিলে গৃহস্থৰ সুখ-সমৃদ্ধি বৃদ্ধিৰ লগতে ধন বৃদ্ধি পায়।

আঘোণ মাহটো গৃহ নিৰ্মাণৰ বাবে উপযুক্ত মাহ। এই মাহত গৃহ নিৰ্মাণ কৰিলে
ধনপ্রাপ্তিৰ যোগ থাকে। লগতে যশ বৃদ্ধি পায়।

পুহ মাহত গৃহ নির্মাণ কৰিলে ঘৰত চুৰি হোৱাৰ ভয় থাকে। 
মাঘ মাহত গৃহ নির্মাণ নকৰাই ভাল কিয়নো মাঘ মাহত গৃহ নিৰ্মাণ কৰিলে আগ্নি ভয় থাকে।

ফাগুন মাহত গৃহ নিৰ্মাণ কৰাটো উত্তম। এই মাহত গৃহ নির্মাণ কৰিলে পুত্র লাভ হয়।

চ'ত মাহত গৃহ নিৰ্মাণ কৰিব নালাগে। চ'ত মাহত গৃহ নিৰ্মাণ কৰিলে চুৰিৰ ভয় থাকে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ