--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঘৰ এটা নিৰ্মাণ কৰাৰ সময়ত সদায় দিশৰ প্ৰতি মন দিব লাগে। বিভিন্ন দিশে আমাৰ ওপৰত বেলেগ বেলেঘ ধৰণৰ প্ৰভাৱ পেলায়। সেয়ে দিশ নিৰ্বাচন সঠিক নহ’লে নানান নেতিবাচক ফলে দেখা দিব পাৰে। এক কথাত দিশ  অনুযায়ী বাস্তুৰ অৱস্থান নিৰ্ণয় কৰাটো অতি প্রয়োজনীয় কথা। পঞ্চ তত্ত্বৰ ওপৰত ভিত্তি কৰি বাস্তুৰ অৱস্থান সঠিকভাৱে নিৰ্ণয় কৰিব নোৱাৰিলে মানুহেবিভিন্ন ধৰণৰ আহুকালৰ সম্মুখীন হ'বলগীয়া হ'ব পাৰে। সেইবাবে গৃহ আদি নিৰ্মাণ কৰাৰ সময়ত সদায় দিশ অনুযায়ী বাস্তুৰ স্থান নির্ণয় কৰি ল'ব লাগে। 

উত্তৰ-পূবঃ উত্তৰ-পূব দিশটো বাস্তু বিজ্ঞান অনুযায়ী পানীৰ স্থান। সেইবাবে উত্তৰ-পূব দিশত কুঁৱা, পুখুৰী, দমকল আদি স্থাপন কৰিব লাগে।

উত্তৰ-পশ্চিমঃ বাস্তু বিজ্ঞান অনুসৰি উত্তৰ-পশ্চিম দিশটো হৈছে বায়ু কোণ। সেয়ে এই দিশটো আবদ্ধ কৰি ৰাখিব নালাগে। এই দিশটো আবদ্ধ কৰি ৰাখিলে ঘৰৰ চৌহদত বায়ু ভালদৰে চলাচল কৰিব নোৱাৰিব। সেয়ে এই দিশটো সদায় খোলা অৱস্থাত ৰাখিব লাগে। এনে দিশত ভঁৰালঘৰ, অতিথিশালা আদি স্থাপন কৰিব পাৰি।

দক্ষিণ-পূব : বাস্তু বিজ্ঞান অনুসৰি দক্ষিণ-পূব দিশটো হৈছে অগ্নি স্থান। এই স্থানত সেয়ে ৰান্ধনি ঘৰ, হিটাৰ, হিট চেম্বাৰ, বয়লাৰ আদিকে ধৰি উত্তাপ সৃষ্টি কৰা গৃহ স্থাপন কৰিব লাগে ।
দক্ষিণ-পশ্চিম দক্ষিণ-পশ্চিম দিশটো বাস্তু বিজ্ঞানৰ মতে ভূমিৰ স্থান। এই স্থানত বাসভৱন আদি তৈয়াৰ কৰিব পাৰি। বাস্তু বিজ্ঞানৰ মতে ব্ৰহ্ম স্থান হৈছে বাসগৃহ এটাৰ কেন্দ্ৰ স্থল। এই কেন্দ্ৰস্থলত কোনোধৰণৰ প্ৰতিবন্ধকতা, যেনে- দেৱাল, খুঁটা আদি স্থাপন কৰিব নালাগে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন