--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এফালে নতুন সংসদ ভৱনৰ উদ্বোধনী বৰ্জনৰ সন্দৰ্ভত বিৰোধী দল একত্ৰিত হোৱা যেন লাগিলেও গৃহমন্ত্ৰী অমিত শ্বাহে সংবাদমেলত কয় যে নতুন সংসদ ভৱন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শিতাৰ প্ৰমাণ।

অমিত শ্বাহে কয়, প্ৰধানমন্ত্ৰী মোদীয়ে ২৮ মে’ত সংসদৰ নৱনিৰ্মিত ভৱনটো ৰাষ্ট্ৰৰ বাবে উৎসৰ্গা কৰিব। অভিলেখ সময়ত এই নতুন গাঁথনি নিৰ্মাণত প্ৰায় ৬০,০০০ শ্ৰম যোগীয়ে অৰিহণা যোগাইছে। এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে সকলো শ্ৰম যোগীকো সম্বৰ্ধনা জনাব।

গৃহমন্ত্ৰীগৰাকীয়ে কয়, উদ্বোধনী অনুষ্ঠানত এক ঐতিহাসিক পৰম্পৰা পুনৰুজ্জীৱিত হ’ব, যাৰ আঁৰত যুগ যুগ সম্পৰ্কীয় পৰম্পৰা আছে। ইয়াক তামিল ভাষাত চেংগোল বুলি কোৱা হয় যাৰ আক্ষৰিক অৰ্থ হৈছে ধন-সম্পত্তিৰে সমৃদ্ধ। গৃহমন্ত্ৰীয়ে কয়, ১৯৪৭ চনৰ ১৪ আগষ্টত এক অনন্য ঘটনা সংঘটিত হৈছিল। ৭৫ বছৰৰ পাছত আজি দেশৰ অধিকাংশ নাগৰিকে এই বিষয়ে অৱগত নহয়। আমাৰ ইতিহাসত চেংগোলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। এই চেংগোল ক্ষমতা হস্তান্তৰৰ প্ৰতীক হৈ পৰিল। এই সন্দৰ্ভত যেতিয়া প্ৰধানমন্ত্ৰী মোদীয়ে তথ্য পালে, তেতিয়া এক পুংখানুপুংখ তদন্ত কৰা হ’ল। তাৰ পিছত সিদ্ধান্ত লোৱা হ’ল যে দেশৰ আগত ইয়াক ৰাখিব লাগে। ইয়াৰ বাবে নতুন সংসদ ভৱনৰ উদ্বোধনী দিনটো বাছি লোৱা হ’ল।

এই সময়ত গৃহমন্ত্ৰী অমিত শ্বাহে বিৰোধীৰ প্ৰতিবাদৰ ওপৰত ভাষণ দি কয় যে আমি উদ্বোধনী অনুষ্ঠানত সকলোকে আমন্ত্ৰণ জনাইছো।









FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে