--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এফালে নতুন সংসদ ভৱনৰ উদ্বোধনী বৰ্জনৰ সন্দৰ্ভত বিৰোধী দল একত্ৰিত হোৱা যেন লাগিলেও গৃহমন্ত্ৰী অমিত শ্বাহে সংবাদমেলত কয় যে নতুন সংসদ ভৱন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শিতাৰ প্ৰমাণ।

অমিত শ্বাহে কয়, প্ৰধানমন্ত্ৰী মোদীয়ে ২৮ মে’ত সংসদৰ নৱনিৰ্মিত ভৱনটো ৰাষ্ট্ৰৰ বাবে উৎসৰ্গা কৰিব। অভিলেখ সময়ত এই নতুন গাঁথনি নিৰ্মাণত প্ৰায় ৬০,০০০ শ্ৰম যোগীয়ে অৰিহণা যোগাইছে। এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে সকলো শ্ৰম যোগীকো সম্বৰ্ধনা জনাব।

গৃহমন্ত্ৰীগৰাকীয়ে কয়, উদ্বোধনী অনুষ্ঠানত এক ঐতিহাসিক পৰম্পৰা পুনৰুজ্জীৱিত হ’ব, যাৰ আঁৰত যুগ যুগ সম্পৰ্কীয় পৰম্পৰা আছে। ইয়াক তামিল ভাষাত চেংগোল বুলি কোৱা হয় যাৰ আক্ষৰিক অৰ্থ হৈছে ধন-সম্পত্তিৰে সমৃদ্ধ। গৃহমন্ত্ৰীয়ে কয়, ১৯৪৭ চনৰ ১৪ আগষ্টত এক অনন্য ঘটনা সংঘটিত হৈছিল। ৭৫ বছৰৰ পাছত আজি দেশৰ অধিকাংশ নাগৰিকে এই বিষয়ে অৱগত নহয়। আমাৰ ইতিহাসত চেংগোলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। এই চেংগোল ক্ষমতা হস্তান্তৰৰ প্ৰতীক হৈ পৰিল। এই সন্দৰ্ভত যেতিয়া প্ৰধানমন্ত্ৰী মোদীয়ে তথ্য পালে, তেতিয়া এক পুংখানুপুংখ তদন্ত কৰা হ’ল। তাৰ পিছত সিদ্ধান্ত লোৱা হ’ল যে দেশৰ আগত ইয়াক ৰাখিব লাগে। ইয়াৰ বাবে নতুন সংসদ ভৱনৰ উদ্বোধনী দিনটো বাছি লোৱা হ’ল।

এই সময়ত গৃহমন্ত্ৰী অমিত শ্বাহে বিৰোধীৰ প্ৰতিবাদৰ ওপৰত ভাষণ দি কয় যে আমি উদ্বোধনী অনুষ্ঠানত সকলোকে আমন্ত্ৰণ জনাইছো।









FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু