--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি ৰাজস্থানৰ জয়ছালমেৰত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনৰ সভাপতিত্বত জিএছটি পৰিষদৰ বৈঠক  অনুষ্ঠিত হয়। এই বৈঠকত পপকৰ্ণক জিএছটিৰ আওতালৈ অনা হয়। এতিয়া ৰেডি টু ইট পপকৰ্ণৰ ওপৰতো আৰোপ কৰা হ’ব জিএছটি।

Perfect Popcorn

এই জিএছটি পৰিষদৰ বৈঠকত প্ৰি-পেক নকৰা আৰু লেবেল নথকা নিমখ আৰু মছলাৰ পৰা তৈয়াৰী পপকৰ্ণৰ জিএছটি ৫ শতাংশলৈ বৃদ্ধি কৰা হৈছে, আনহাতে যদি পেকেজ কৰি লেবেল লগোৱা হয় তেন্তে ইয়াৰ জিএছটি ১২ শতাংশলৈ বৃদ্ধি কৰা হৈছে। আনহাতে কেৰামেলৰ পৰা প্ৰস্তুত কৰা পপকৰ্ণক ‘চীনা মিঠাই’ৰ শ্ৰেণীত ৰখা হৈছে আৰু ইয়াৰ ওপৰত ১৮ শতাংশ জিএছটি আৰোপ কৰা হৈছে।

জিএছটি পৰিষদৰ এই বৈঠকত জীৱন আৰু স্বাস্থ্য বীমা পলিচীৰ প্ৰিমিয়ামৰ কৰ হ্ৰাস কৰাৰ সিদ্ধান্ত পিছুৱাই দিয়া হয়। বৈঠকত কোৱা হয় যে এই ক্ষেত্ৰত আৰু কিছুমান কাৰিকৰী দিশৰ ওপৰত গুৰুত্ব দিয়াটো প্ৰয়োজন, সেয়েহে ইয়াক অধিক বিবেচনা কৰাৰ কাম জিঅ’এমৰ ওপৰত ন্যস্ত কৰা হ’ব। এই সন্দৰ্ভত বিহাৰৰ উপ-মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰীয়ে কয় যে পলিচিৰ প্ৰিমিয়ামত জিএছটি আৰোপ কৰাৰ সিদ্ধান্ত জিঅ’এমৰ বৈঠকৰ অন্তত লোৱা হ’ব। জিঅ’এমৰ সদস্যসকলৰ মাজত মতানৈক্যৰ বাবে এই সিদ্ধান্তত পলম হোৱা বুলিও তেওঁ কয়। তেওঁ কয় যে বীমাৰ ওপৰত জিএছটি সন্দৰ্ভত মন্ত্ৰী গোটৰ পৰৱৰ্তী বৈঠক জানুৱাৰী মাহত অনুষ্ঠিত হ’ব পাৰে।

এই বৈঠকত কেন্দ্ৰীয় বিত্ত ৰাজ্য মন্ত্ৰী পি পি চৌধুৰীকে ধৰি কেইবাগৰাকীও বিশিষ্ট বিষয়াৰ লগতে গোৱা, হাৰিয়ানা, জম্মু-কাশ্মীৰ, মেঘালয়, ওড়িশা আদি ৰাজ্যৰ মুখ্যমন্ত্ৰীসকল উপস্থিত থাকে। ইয়াৰ সমান্তৰালকৈ বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ বিত্তমন্ত্ৰীসকলৰ লগতে অৰুণাচল প্ৰদেশ, বিহাৰ, মধ্যপ্ৰদেশ আৰু তেলেংগানাৰ উপ-মুখ্যমন্ত্ৰীসকলেও আলোচনাত অংশগ্ৰহণ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ