--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি ৰাজস্থানৰ জয়ছালমেৰত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনৰ সভাপতিত্বত জিএছটি পৰিষদৰ বৈঠক  অনুষ্ঠিত হয়। এই বৈঠকত পপকৰ্ণক জিএছটিৰ আওতালৈ অনা হয়। এতিয়া ৰেডি টু ইট পপকৰ্ণৰ ওপৰতো আৰোপ কৰা হ’ব জিএছটি।

Perfect Popcorn

এই জিএছটি পৰিষদৰ বৈঠকত প্ৰি-পেক নকৰা আৰু লেবেল নথকা নিমখ আৰু মছলাৰ পৰা তৈয়াৰী পপকৰ্ণৰ জিএছটি ৫ শতাংশলৈ বৃদ্ধি কৰা হৈছে, আনহাতে যদি পেকেজ কৰি লেবেল লগোৱা হয় তেন্তে ইয়াৰ জিএছটি ১২ শতাংশলৈ বৃদ্ধি কৰা হৈছে। আনহাতে কেৰামেলৰ পৰা প্ৰস্তুত কৰা পপকৰ্ণক ‘চীনা মিঠাই’ৰ শ্ৰেণীত ৰখা হৈছে আৰু ইয়াৰ ওপৰত ১৮ শতাংশ জিএছটি আৰোপ কৰা হৈছে।

জিএছটি পৰিষদৰ এই বৈঠকত জীৱন আৰু স্বাস্থ্য বীমা পলিচীৰ প্ৰিমিয়ামৰ কৰ হ্ৰাস কৰাৰ সিদ্ধান্ত পিছুৱাই দিয়া হয়। বৈঠকত কোৱা হয় যে এই ক্ষেত্ৰত আৰু কিছুমান কাৰিকৰী দিশৰ ওপৰত গুৰুত্ব দিয়াটো প্ৰয়োজন, সেয়েহে ইয়াক অধিক বিবেচনা কৰাৰ কাম জিঅ’এমৰ ওপৰত ন্যস্ত কৰা হ’ব। এই সন্দৰ্ভত বিহাৰৰ উপ-মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰীয়ে কয় যে পলিচিৰ প্ৰিমিয়ামত জিএছটি আৰোপ কৰাৰ সিদ্ধান্ত জিঅ’এমৰ বৈঠকৰ অন্তত লোৱা হ’ব। জিঅ’এমৰ সদস্যসকলৰ মাজত মতানৈক্যৰ বাবে এই সিদ্ধান্তত পলম হোৱা বুলিও তেওঁ কয়। তেওঁ কয় যে বীমাৰ ওপৰত জিএছটি সন্দৰ্ভত মন্ত্ৰী গোটৰ পৰৱৰ্তী বৈঠক জানুৱাৰী মাহত অনুষ্ঠিত হ’ব পাৰে।

এই বৈঠকত কেন্দ্ৰীয় বিত্ত ৰাজ্য মন্ত্ৰী পি পি চৌধুৰীকে ধৰি কেইবাগৰাকীও বিশিষ্ট বিষয়াৰ লগতে গোৱা, হাৰিয়ানা, জম্মু-কাশ্মীৰ, মেঘালয়, ওড়িশা আদি ৰাজ্যৰ মুখ্যমন্ত্ৰীসকল উপস্থিত থাকে। ইয়াৰ সমান্তৰালকৈ বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ বিত্তমন্ত্ৰীসকলৰ লগতে অৰুণাচল প্ৰদেশ, বিহাৰ, মধ্যপ্ৰদেশ আৰু তেলেংগানাৰ উপ-মুখ্যমন্ত্ৰীসকলেও আলোচনাত অংশগ্ৰহণ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু