--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিমানবন্দৰত আপোনাৰ বিমানৰ বাবে অপেক্ষা কৰি থাকোঁতে ৱেইটিং লাউঞ্জত ভোক বা পিয়াহ লাগে। কিন্তু বিমান বন্দৰত অন্যৰ তুলনামুলকভাৱে দামবোৰ বেছি হয় । এনে পৰিস্থিতিত পানীয় বা লঘু জলপান খোৱাৰ প্ৰয়োজনীয়তাও অনুভৱ কৰা হয়। সকলো বস্তুৰ দাম বাহিৰৰ তুলনাত প্ৰায় ১০ গুণ বেছি। যদি আপুনি মধ্যবিত্ত পৰিয়ালৰ হয় তেন্তে আপুনি হয়তো ক্ৰয় কৰিবলৈ কুন্ঠাবোধ নিশ্চয় কৰিব। এই পৰিস্থিতিসমূহ অতিক্ৰম কৰিবলৈ ভাৰত চৰকাৰে নতুন আঁচনি লৈ আহিছে।

ভাৰতীয় বিমানবন্দৰ কৰ্তৃপক্ষই কেন্দ্ৰীয় বিমান পৰিবহণ মন্ত্ৰালয়ৰ হৈ নিজৰ নিয়ন্ত্ৰণত থকা সকলো বিমানবন্দৰতে উৰান যাত্ৰী কেফে আৰম্ভ কৰিবলৈ ওলাইছে। ইয়াত ডিঙি সন্তুষ্ট কৰাৰ পৰা আৰম্ভ কৰি পেট ভৰালৈকে সকলোখিনি যুক্তিসংগত মূল্যত পাব। ইয়াৰ আৰম্ভণি হ’ব কলকাতাৰ নেতাজী সুভাষ চন্দ্ৰ বসু আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা। এইটো এটা পাইলট প্ৰজেক্ট। অতি সোনকালে বিমানবন্দৰ কৰ্তৃপক্ষৰ অন্যান্য বিমানবন্দৰতো এনে কেফে স্থাপন কৰা হ’ব।

কলকাতা বিমানবন্দৰৰ ১০০ বছৰ সম্পূৰ্ণ হ’ল। এই উপলক্ষে শতবাৰ্ষিকী উদযাপনৰ ল'গ' উন্মোচন কৰাৰ সময়ত কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰামমোহন নাইডুৱে এই তথ্য প্ৰদান কৰে। তেওঁ কয় যে বিমান যাত্ৰীৰ ভ্ৰমণ অভিজ্ঞতা উন্নত কৰাৰ স্বাৰ্থত বিমানবন্দৰৰ উৰান যাত্ৰী কেফেত সুলভ মূল্যৰ সতেজ খাদ্যৰ ব্যৱস্থা কৰা হৈছে। তেওঁ কয় যে ভাৰতত বিমান পৰিবহণ খণ্ড দ্ৰুতগতিত বৃদ্ধি পাইছে। এফালে ই অৰ্থনৈতিক উন্নয়ন আনিছে আৰু আনফালে ই কৰ্মসংস্থাপন সৃষ্টিতো সহায় কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু