--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিমানবন্দৰত আপোনাৰ বিমানৰ বাবে অপেক্ষা কৰি থাকোঁতে ৱেইটিং লাউঞ্জত ভোক বা পিয়াহ লাগে। কিন্তু বিমান বন্দৰত অন্যৰ তুলনামুলকভাৱে দামবোৰ বেছি হয় । এনে পৰিস্থিতিত পানীয় বা লঘু জলপান খোৱাৰ প্ৰয়োজনীয়তাও অনুভৱ কৰা হয়। সকলো বস্তুৰ দাম বাহিৰৰ তুলনাত প্ৰায় ১০ গুণ বেছি। যদি আপুনি মধ্যবিত্ত পৰিয়ালৰ হয় তেন্তে আপুনি হয়তো ক্ৰয় কৰিবলৈ কুন্ঠাবোধ নিশ্চয় কৰিব। এই পৰিস্থিতিসমূহ অতিক্ৰম কৰিবলৈ ভাৰত চৰকাৰে নতুন আঁচনি লৈ আহিছে।

ভাৰতীয় বিমানবন্দৰ কৰ্তৃপক্ষই কেন্দ্ৰীয় বিমান পৰিবহণ মন্ত্ৰালয়ৰ হৈ নিজৰ নিয়ন্ত্ৰণত থকা সকলো বিমানবন্দৰতে উৰান যাত্ৰী কেফে আৰম্ভ কৰিবলৈ ওলাইছে। ইয়াত ডিঙি সন্তুষ্ট কৰাৰ পৰা আৰম্ভ কৰি পেট ভৰালৈকে সকলোখিনি যুক্তিসংগত মূল্যত পাব। ইয়াৰ আৰম্ভণি হ’ব কলকাতাৰ নেতাজী সুভাষ চন্দ্ৰ বসু আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা। এইটো এটা পাইলট প্ৰজেক্ট। অতি সোনকালে বিমানবন্দৰ কৰ্তৃপক্ষৰ অন্যান্য বিমানবন্দৰতো এনে কেফে স্থাপন কৰা হ’ব।

কলকাতা বিমানবন্দৰৰ ১০০ বছৰ সম্পূৰ্ণ হ’ল। এই উপলক্ষে শতবাৰ্ষিকী উদযাপনৰ ল'গ' উন্মোচন কৰাৰ সময়ত কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰামমোহন নাইডুৱে এই তথ্য প্ৰদান কৰে। তেওঁ কয় যে বিমান যাত্ৰীৰ ভ্ৰমণ অভিজ্ঞতা উন্নত কৰাৰ স্বাৰ্থত বিমানবন্দৰৰ উৰান যাত্ৰী কেফেত সুলভ মূল্যৰ সতেজ খাদ্যৰ ব্যৱস্থা কৰা হৈছে। তেওঁ কয় যে ভাৰতত বিমান পৰিবহণ খণ্ড দ্ৰুতগতিত বৃদ্ধি পাইছে। এফালে ই অৰ্থনৈতিক উন্নয়ন আনিছে আৰু আনফালে ই কৰ্মসংস্থাপন সৃষ্টিতো সহায় কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ