--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গুৱাহাটী দবা একাডেমীৰ উদ্যোগত  একাডেমী চৌহদত অনুষ্ঠিত হোৱা গণৰাজ্য দিৱস দবা প্ৰতিযোগিতাত নলীনাক্ষ কাশ্যপে খিতাপ দখল কৰিছে। নলীনাক্ষই ৬ ৰাউণ্ডৰ পৰা ৫.৫ পইণ্ট সংগ্ৰহ কৰি সমগ্ৰ প্ৰতিযোগিতাখনত অপৰাজিত হৈ খিতাপ দখল কৰিবলৈ সক্ষম হয়। সহজ গুপ্তাই একে সংখ্যক ৰাউণ্ডৰ পৰা ৫ পইণ্ট লাভ কৰি দ্বিতীয় স্থান লাভ কৰে। হৃদিকা দাস আৰু ৰজত বাফনাইও ৫ পইণ্টকৈ লাভ কৰে যদিও টাই ব্ৰেকৰ স্ক’ৰ অনুসৰি ক্ৰমে তৃতীয় আৰু চতুৰ্থ  ঘোষণা কৰা হয়। ৪.৫ পইণ্ট লাভ কৰি কমল ডেকাই পঞ্চম স্থান লাভ কৰে।


প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ ছোৱালীৰ সন্মান লাভ কৰে আমেয়া গুপ্তাই। আমেয়াই ৪.৫ পইণ্ট লাভ কৰে। ঈশানবী শইকীয়াই ৩.৫ পইণ্ট লাভ কৰি দ্বিতীয় স্থান আৰু আৰাধ্যা ভৰদ্বাজে ৩ পইণ্ট লাভ কৰি ছোৱালী শাখাত তৃতীয় স্থান লাভ কৰে।
১৫ বছৰ অনুৰ্ধৰ শাখাত ৪.৫ পইণ্ট লাভ কৰি প্ৰথম স্থান লাভ কৰে কৃতাৰ্থ শইকীয়াই। ফাৰহান আহমেদে ৪ পইণ্ট সংগ্ৰহ কৰি দ্বিতীয় স্থান লাভ কৰে। দেৱব্ৰত নাথেও ৪ পইণ্ট লাভ কৰিছিল যদিও টাই ব্ৰেক স্ক’ৰৰ ভিত্তিত তৃতীয় ঘোষণা কৰে।
১৩ বছৰ অনুৰ্ধৰ শাখাত জয়ৰাজ বৰ্মনে ৪ পইণ্ট লাভ কৰি প্ৰথম স্থান লাভ কৰে। টানিষ্ক ঠাকুৰীয়া আৰু মহাৰ্ণৱ কলিতাইও ৪ পইণ্টকৈ লাভ কৰে যদিও টাই ব্ৰেক স্ক’ৰ অনুসৰি দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে।

১১ বছৰ অনুৰ্ধ শাখাত নিয়ৰ ৰিয়ান কলিতাই ৪ পইণ্ট সংগ্ৰহ কৰি প্ৰথম স্থান লাভ কৰে। ৩.৫ পইণ্ট লাভ কৰি দ্বিতীয় স্থান লাভ কৰে নীহাৰ দাসে। ৩ পইণ্ট লাভ কৰি তৃতীয় স্থান লাভ কৰে চাণক্য মেধিয়ে।৯ বছৰ অনুৰ্ধৰ শাখাত ৪ পইণ্ট লাভ কৰি হ্ৰেয়াংশ ডেকাই প্ৰথম স্থান লাভ কৰে। এই শাখাত ৩ পইণ্ট লাভ কৰি ধান্যতা গোস্বামীয়ে দ্বিতীয় স্থান লাভ কৰে। অক্ষিত লহকৰে ২ পইণ্ট সংগ্ৰহ কৰি তৃতীয় স্থান লাভ কৰে।

অনূৰ্ধ্ব ৭ শাখাত সুৰ্য্যাংশু শইকীয়াই ২ পইণ্ট সংগ্ৰহ কৰি প্ৰথম স্থান লাভ কৰে। এই শাখাত দৰ্শনা ব্ৰহ্মই দ্বিতীয় স্থান লাভ কৰে।
১৬ গৰাকী আন্তঃৰাষ্ট্ৰীয় ফিডে ৰেটেড খেলুৱৈকে ধৰি মুঠ ৫৪ গৰাকী খেলুৱৈয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। চুইছ লীগ পদ্ধতিত ৬ ৰাউণ্ডৰ বাবে ৰেপিড টাইম কণ্ট্ৰল ফৰ্মেটত অনুষ্ঠিত হৈছিল প্ৰতিযোগিতাখন। ফিডে আৰ্বিটাৰ প্ৰণৱ কুমাৰ নাথে মুখ্য আৰ্বিটাৰ হিচাপে প্ৰতিযোগিতাখন পৰিচালনা কৰে। পুৰস্কাৰ বিতৰণ অনুষ্ঠানত বিজয়ীসকলক ট্ৰফী আৰু নগদ ধনেৰে পুৰস্কৃত কৰা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু