--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গুৱাহাটী দবা একাডেমীৰ উদ্যোগত  একাডেমী চৌহদত অনুষ্ঠিত হোৱা গণৰাজ্য দিৱস দবা প্ৰতিযোগিতাত নলীনাক্ষ কাশ্যপে খিতাপ দখল কৰিছে। নলীনাক্ষই ৬ ৰাউণ্ডৰ পৰা ৫.৫ পইণ্ট সংগ্ৰহ কৰি সমগ্ৰ প্ৰতিযোগিতাখনত অপৰাজিত হৈ খিতাপ দখল কৰিবলৈ সক্ষম হয়। সহজ গুপ্তাই একে সংখ্যক ৰাউণ্ডৰ পৰা ৫ পইণ্ট লাভ কৰি দ্বিতীয় স্থান লাভ কৰে। হৃদিকা দাস আৰু ৰজত বাফনাইও ৫ পইণ্টকৈ লাভ কৰে যদিও টাই ব্ৰেকৰ স্ক’ৰ অনুসৰি ক্ৰমে তৃতীয় আৰু চতুৰ্থ  ঘোষণা কৰা হয়। ৪.৫ পইণ্ট লাভ কৰি কমল ডেকাই পঞ্চম স্থান লাভ কৰে।


প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ ছোৱালীৰ সন্মান লাভ কৰে আমেয়া গুপ্তাই। আমেয়াই ৪.৫ পইণ্ট লাভ কৰে। ঈশানবী শইকীয়াই ৩.৫ পইণ্ট লাভ কৰি দ্বিতীয় স্থান আৰু আৰাধ্যা ভৰদ্বাজে ৩ পইণ্ট লাভ কৰি ছোৱালী শাখাত তৃতীয় স্থান লাভ কৰে।
১৫ বছৰ অনুৰ্ধৰ শাখাত ৪.৫ পইণ্ট লাভ কৰি প্ৰথম স্থান লাভ কৰে কৃতাৰ্থ শইকীয়াই। ফাৰহান আহমেদে ৪ পইণ্ট সংগ্ৰহ কৰি দ্বিতীয় স্থান লাভ কৰে। দেৱব্ৰত নাথেও ৪ পইণ্ট লাভ কৰিছিল যদিও টাই ব্ৰেক স্ক’ৰৰ ভিত্তিত তৃতীয় ঘোষণা কৰে।
১৩ বছৰ অনুৰ্ধৰ শাখাত জয়ৰাজ বৰ্মনে ৪ পইণ্ট লাভ কৰি প্ৰথম স্থান লাভ কৰে। টানিষ্ক ঠাকুৰীয়া আৰু মহাৰ্ণৱ কলিতাইও ৪ পইণ্টকৈ লাভ কৰে যদিও টাই ব্ৰেক স্ক’ৰ অনুসৰি দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে।

১১ বছৰ অনুৰ্ধ শাখাত নিয়ৰ ৰিয়ান কলিতাই ৪ পইণ্ট সংগ্ৰহ কৰি প্ৰথম স্থান লাভ কৰে। ৩.৫ পইণ্ট লাভ কৰি দ্বিতীয় স্থান লাভ কৰে নীহাৰ দাসে। ৩ পইণ্ট লাভ কৰি তৃতীয় স্থান লাভ কৰে চাণক্য মেধিয়ে।৯ বছৰ অনুৰ্ধৰ শাখাত ৪ পইণ্ট লাভ কৰি হ্ৰেয়াংশ ডেকাই প্ৰথম স্থান লাভ কৰে। এই শাখাত ৩ পইণ্ট লাভ কৰি ধান্যতা গোস্বামীয়ে দ্বিতীয় স্থান লাভ কৰে। অক্ষিত লহকৰে ২ পইণ্ট সংগ্ৰহ কৰি তৃতীয় স্থান লাভ কৰে।

অনূৰ্ধ্ব ৭ শাখাত সুৰ্য্যাংশু শইকীয়াই ২ পইণ্ট সংগ্ৰহ কৰি প্ৰথম স্থান লাভ কৰে। এই শাখাত দৰ্শনা ব্ৰহ্মই দ্বিতীয় স্থান লাভ কৰে।
১৬ গৰাকী আন্তঃৰাষ্ট্ৰীয় ফিডে ৰেটেড খেলুৱৈকে ধৰি মুঠ ৫৪ গৰাকী খেলুৱৈয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। চুইছ লীগ পদ্ধতিত ৬ ৰাউণ্ডৰ বাবে ৰেপিড টাইম কণ্ট্ৰল ফৰ্মেটত অনুষ্ঠিত হৈছিল প্ৰতিযোগিতাখন। ফিডে আৰ্বিটাৰ প্ৰণৱ কুমাৰ নাথে মুখ্য আৰ্বিটাৰ হিচাপে প্ৰতিযোগিতাখন পৰিচালনা কৰে। পুৰস্কাৰ বিতৰণ অনুষ্ঠানত বিজয়ীসকলক ট্ৰফী আৰু নগদ ধনেৰে পুৰস্কৃত কৰা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক