--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সেইখন ৰাজ্যকে ‘মডেল’ হিচাপে তুলি ধৰি ২০১৪ৰ নিৰ্বাচনত ভোট বিচাৰিছিল ভাৰতীয় জনতা পাৰ্টীয়ে৷ দেশবাসীক স্বপ্নৰ ৰঙীন ছবি দেখুৱাই সপোনৰ সদাগৰ হিচাপে তুলি ধৰা হৈছিল এগৰাকী ৰাজনীতিবিদক৷ ৰাজ্যখন গুজৰাট, ৰাজনীতিবিদগৰাকী নৰেন্দ্ৰ মোদী৷ গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক প্ৰধানমন্ত্ৰী হিচাপে ‘প্ৰজেক্ট’ কৰি বিজেপিয়ে চমকপ্ৰদ সফলতা লাভ কৰিছিল ২০১৪ত৷ আৰু তেতিয়াৰ পৰাই দেশৰ ৰাজনীতিত প্ৰতিষ্ঠিত হৈছিল এটা ‘নেৰেটিভ’৷ সেয়া হ’ল গুজৰাট মডেল৷ 

আৰু সময় বাগৰাৰ লগে লগে গুজৰাট মডেলৰ অপ্ৰকাশিত পৃষ্ঠাবোৰ খোল খাবলৈ আৰম্ভ কৰিছে৷ শেহতীয়াকৈ পোহৰলৈ অহা তথ্য অনুসৰি, গুজৰাটত দুবছৰত মাত্ৰ ৩২জন নিবনুৱাইহে লাভ কৰিছে চৰকাৰী চাকৰি৷

হয়, গুজৰাটত বিগত দুবছৰত মাত্ৰ ৩২জন নিবনুৱাহে নিযুক্ত হৈছে চৰকাৰী চাকৰিত৷ মোদী-শ্বাহৰ ৰাজ্যৰ নিযুক্তি সম্পৰ্কীয় এই তথ্য খোদ গুজৰাট চৰকাৰেই ৰাজহুৱা কৰিছে ৰাজ্যখনৰ বিধানসভাত৷ 

তথ্য অনুসৰি, ৰাজ্যখনত মুঠ ২.৩৮ লাখ নিবনুৱা আছে, যিসকলে বিভিন্ন বিভাগত নিযুক্তিৰ বাবে পঞ্জীয়ন কৰিছে৷ খবৰ অনুসৰি গুজৰাটৰ বিজেপি চৰকাৰে মঙলবাৰে বিধানসভাত কয় যে মুঠ ২৯খন জিলাত যোৱা দুবছৰত মুঠ ২,৩৮,৯৭৮জন শিক্ষিত নিবনুৱাৰ পঞ্জীয়ন কৰা হৈছে। 

তাৰ পাছত আন ১০,৭৫৭জন লোকৰ এখন তালিকা আছে, যাক আংশিকভাৱে শিক্ষিতৰ অধীনত তালিকাভুক্ত কৰা হৈছিল। অৱশ্যে, তেওঁলোকৰ মাত্ৰ ৩২জনে চাকৰি পাবলৈ সক্ষম হৈছে৷ ইয়াৰ ভিতৰত ২২জন আহমেদাবাদৰ, ৯জন ভাবনগৰত আৰু এজন গান্ধীনগৰৰ বুলি জানিব পৰা গৈছে৷

গুজৰাটৰ উদ্যোগ মন্ত্ৰী বলৱন্তসিংহ ৰাজপুতে কংগ্ৰেছৰ এজন বিধায়কৰ দ্বাৰা উত্থাপিত প্ৰশ্নৰ উত্তৰত এই তথ্য প্ৰকাশ কৰিছে৷ মন্ত্ৰীজনে কয় যে আনন্দ জিলাত আছে সৰ্বাধিক নিবনুৱা৷ ২১,৬৩৩জন নিবনুৱা আছে আনন্দ জিলাত। একেদৰে, বদোদৰা ১৮,৭৩২জনৰ সৈতে দ্বিতীয় স্থানত আছে, আনহাতে তৃতীয় স্থানত থকা আহমেদাবাদত ১৬,৪০০জন নিবনুৱা আছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক