--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সেইখন ৰাজ্যকে ‘মডেল’ হিচাপে তুলি ধৰি ২০১৪ৰ নিৰ্বাচনত ভোট বিচাৰিছিল ভাৰতীয় জনতা পাৰ্টীয়ে৷ দেশবাসীক স্বপ্নৰ ৰঙীন ছবি দেখুৱাই সপোনৰ সদাগৰ হিচাপে তুলি ধৰা হৈছিল এগৰাকী ৰাজনীতিবিদক৷ ৰাজ্যখন গুজৰাট, ৰাজনীতিবিদগৰাকী নৰেন্দ্ৰ মোদী৷ গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক প্ৰধানমন্ত্ৰী হিচাপে ‘প্ৰজেক্ট’ কৰি বিজেপিয়ে চমকপ্ৰদ সফলতা লাভ কৰিছিল ২০১৪ত৷ আৰু তেতিয়াৰ পৰাই দেশৰ ৰাজনীতিত প্ৰতিষ্ঠিত হৈছিল এটা ‘নেৰেটিভ’৷ সেয়া হ’ল গুজৰাট মডেল৷ 

আৰু সময় বাগৰাৰ লগে লগে গুজৰাট মডেলৰ অপ্ৰকাশিত পৃষ্ঠাবোৰ খোল খাবলৈ আৰম্ভ কৰিছে৷ শেহতীয়াকৈ পোহৰলৈ অহা তথ্য অনুসৰি, গুজৰাটত দুবছৰত মাত্ৰ ৩২জন নিবনুৱাইহে লাভ কৰিছে চৰকাৰী চাকৰি৷

হয়, গুজৰাটত বিগত দুবছৰত মাত্ৰ ৩২জন নিবনুৱাহে নিযুক্ত হৈছে চৰকাৰী চাকৰিত৷ মোদী-শ্বাহৰ ৰাজ্যৰ নিযুক্তি সম্পৰ্কীয় এই তথ্য খোদ গুজৰাট চৰকাৰেই ৰাজহুৱা কৰিছে ৰাজ্যখনৰ বিধানসভাত৷ 

তথ্য অনুসৰি, ৰাজ্যখনত মুঠ ২.৩৮ লাখ নিবনুৱা আছে, যিসকলে বিভিন্ন বিভাগত নিযুক্তিৰ বাবে পঞ্জীয়ন কৰিছে৷ খবৰ অনুসৰি গুজৰাটৰ বিজেপি চৰকাৰে মঙলবাৰে বিধানসভাত কয় যে মুঠ ২৯খন জিলাত যোৱা দুবছৰত মুঠ ২,৩৮,৯৭৮জন শিক্ষিত নিবনুৱাৰ পঞ্জীয়ন কৰা হৈছে। 

তাৰ পাছত আন ১০,৭৫৭জন লোকৰ এখন তালিকা আছে, যাক আংশিকভাৱে শিক্ষিতৰ অধীনত তালিকাভুক্ত কৰা হৈছিল। অৱশ্যে, তেওঁলোকৰ মাত্ৰ ৩২জনে চাকৰি পাবলৈ সক্ষম হৈছে৷ ইয়াৰ ভিতৰত ২২জন আহমেদাবাদৰ, ৯জন ভাবনগৰত আৰু এজন গান্ধীনগৰৰ বুলি জানিব পৰা গৈছে৷

গুজৰাটৰ উদ্যোগ মন্ত্ৰী বলৱন্তসিংহ ৰাজপুতে কংগ্ৰেছৰ এজন বিধায়কৰ দ্বাৰা উত্থাপিত প্ৰশ্নৰ উত্তৰত এই তথ্য প্ৰকাশ কৰিছে৷ মন্ত্ৰীজনে কয় যে আনন্দ জিলাত আছে সৰ্বাধিক নিবনুৱা৷ ২১,৬৩৩জন নিবনুৱা আছে আনন্দ জিলাত। একেদৰে, বদোদৰা ১৮,৭৩২জনৰ সৈতে দ্বিতীয় স্থানত আছে, আনহাতে তৃতীয় স্থানত থকা আহমেদাবাদত ১৬,৪০০জন নিবনুৱা আছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু