--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : এক লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হৈছে গুজৰাটত । গুজৰাটত সহকৰ্মীয়ে প্ৰেচাৰ কুকাৰেৰে মৰিয়াই হত্যা কৰিলে সহকৰ্মী অসমীয়া যুৱকক৷ বাকসা জিলাৰ শিমলাৰ প্ৰাঞ্জল দাস(২৫) নামৰ যুৱক এজন কৰ্মসূত্ৰে গুজৰাটৰ এটা কোম্পানীত নিয়োজিত হৈ আছিল ।

আৰু পঢ়িব পাৰিব :পুনৰ অসমলৈ আহিব নৰেন্দ্ৰ মোদী : লক্ষ্য ৫লাখ জনতা !

অভিযোগ অনুসৰি, তিনিদিন পূৰ্বে সাধাৰণ কথাতে কাজিয়াৰ সূত্ৰপাত ঘটি সহকৰ্মী বাকসা জিলাৰে জালাহ অঞ্চলৰ আন এগৰাকী যুৱক হৰেকৃষ্ণ দাসে প্ৰেচাৰ কুকাৰেৰে প্ৰাঞ্জল দাসক আক্ৰমণ কৰে । এই আক্ৰমণত গুৰুতভাৱে আঘাতপ্ৰাপ্ত হোৱা প্ৰাঞ্জল দাসে চিকিৎসালয়লৈ নিয়াৰ সময়তে কৰুণ মৃত্যক আঁকোৱালি লয় ।

আৰু পঢ়িব পাৰিব :আলফাৰ নামত ধন দাবী কৰি গ্ৰেপ্তাৰ এজন

আনহাতে প্ৰাঞ্জলৰ মৃত্যুৰ পাছত গুজৰাটত কৰ্মৰত আন আন অসমীয়া যুৱকে প্ৰাঞ্জলৰ মৃতদেহ নিজ গৃহলৈ এম্বুলেন্সৰ জৰিয়তে পঠোৱাৰ ব্যৱস্থা কৰে । তিনিদিনৰ মূৰত প্ৰাঞ্জলৰ মৃতদেহ শিমলাস্থিত বাসগৃহ পোৱাৰ লগে লগে এক কৰুণ পৰিবেশৰ সৃষ্টি হয় শিমলা অঞ্চলত । ইতিমধ্যে প্ৰাঞ্জলৰ পৰিয়ালে হত্যাকাৰী হৰেকৃষ্ণ দাসৰ বিৰুদ্ধে আৰক্ষীক গোচৰ দিব বুলি জনাইছে পৰিয়ালৰ লোকে ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ