--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • মৃতদেহসমূহ লৈ যোৱা হয় GMCH মৰ্গলৈ। নিহত যুৱতীগৰাকী হ'ল গোৱালপাৰাৰ পূজা সাহা, চৰাইদেউৰ আকাংক্ষা শইকীয়া আৰু বৰপেটাৰ নেহা খান।

ডিজিটেল ডেস্ক: মহানগৰীত নিশা নামিল মৃত্যুৰ কালৰাত্ৰি। দুটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা গুৱাহাটীত। তীব্ৰ বেগী বাহনৰ প্ৰচণ্ড খুন্দা ট্ৰাকত। JCBৰে মৃতদেহ উদ্ধাৰ কৰিব লগাকৈ ভয়ংকৰ আছিল এই দুৰ্ঘটনা। মুহূৰ্ততে শেষ তিনিগৰাকী যুৱতীৰ জীৱন। চিকিৎসালয়ত মৃত্যুৰে যুঁজ তিনি যুৱকৰ।


পুৱা প্ৰায় ৪ বাজি ৫ মিনিট। মঠঘৰীয়া গেট হস্পিতালৰ সন্মুখত ৰৈ আছিল এখন TATA 407 ট্ৰাক। চিমেণ্ট নমাই পথৰ দাঁতিতে ৰৈ থকা সেই ট্ৰাকখনেই হ’ল মৃত্যুৰ ফান্দ। গীতানগৰ দিশৰ পৰা আহি থকা এখন তীব্ৰ বেগী মাৰুতি বাহনে প্ৰচণ্ড জোৰত খুন্দিয়াই ট্ৰাকখনক। সেই খুন্দা ইমানেই প্ৰচণ্ড তথা ইমানেই ভয়ংকৰ আছিল যে ঘটনাস্থলীতেই মৃত্যু হয় তিনিগৰাকী যুৱতীৰ। JCB ব্যৱহাৰ কৰি গাড়ী ভাঙি উলিয়াব লগীয়া হৈছিল মৃতদেহ। 


মৃতদেহসমূহ লৈ যোৱা হয় GMCH মৰ্গলৈ। নিহত যুৱতীগৰাকী হ'ল গোৱালপাৰাৰ পূজা সাহা, চৰাইদেউৰ আকাংক্ষা শইকীয়া আৰু বৰপেটাৰ নেহা খান।


আশ্চৰ্যজনকভাৱে বাহনখনৰ চালকজন ঘটনাস্থলীৰ পৰা পলাই যায়। জানিব পৰা মতে Airbag খোল খোৱাৰ বাবে ৰক্ষা পৰে চালকজনৰ প্ৰাণ। আৰক্ষীয়ে ইতিমধ্যে আৰম্ভ কৰিছে তীব্ৰ অনুসন্ধান। চালকজনৰ নাম শ্বামিম আহমেদ বুলি জানিব পৰা গৈছে।


ইফালে একে নিশাই মহানগৰীৰ জুৰোডৰ উৰণসেতুত আন এক পথ দুৰ্ঘটনা।সংকটজনক অৱস্থাত চিকিৎসাধীন তিনিজন যুৱক। চিকিৎসালয়ত জীৱন-মৃত্যুৰ যুঁজ। এটা নিশাতে সংঘটিত দুটা ভয়ংকৰ দুৰ্ঘটনাত পুৱাই ৰাজ্যজুৰি চাঞ্চল্য.. পথ সুৰক্ষাৰ ওপৰত উঠিছে প্ৰশ্ন...



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ