--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • মৃতদেহসমূহ লৈ যোৱা হয় GMCH মৰ্গলৈ। নিহত যুৱতীগৰাকী হ'ল গোৱালপাৰাৰ পূজা সাহা, চৰাইদেউৰ আকাংক্ষা শইকীয়া আৰু বৰপেটাৰ নেহা খান।

ডিজিটেল ডেস্ক: মহানগৰীত নিশা নামিল মৃত্যুৰ কালৰাত্ৰি। দুটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা গুৱাহাটীত। তীব্ৰ বেগী বাহনৰ প্ৰচণ্ড খুন্দা ট্ৰাকত। JCBৰে মৃতদেহ উদ্ধাৰ কৰিব লগাকৈ ভয়ংকৰ আছিল এই দুৰ্ঘটনা। মুহূৰ্ততে শেষ তিনিগৰাকী যুৱতীৰ জীৱন। চিকিৎসালয়ত মৃত্যুৰে যুঁজ তিনি যুৱকৰ।


পুৱা প্ৰায় ৪ বাজি ৫ মিনিট। মঠঘৰীয়া গেট হস্পিতালৰ সন্মুখত ৰৈ আছিল এখন TATA 407 ট্ৰাক। চিমেণ্ট নমাই পথৰ দাঁতিতে ৰৈ থকা সেই ট্ৰাকখনেই হ’ল মৃত্যুৰ ফান্দ। গীতানগৰ দিশৰ পৰা আহি থকা এখন তীব্ৰ বেগী মাৰুতি বাহনে প্ৰচণ্ড জোৰত খুন্দিয়াই ট্ৰাকখনক। সেই খুন্দা ইমানেই প্ৰচণ্ড তথা ইমানেই ভয়ংকৰ আছিল যে ঘটনাস্থলীতেই মৃত্যু হয় তিনিগৰাকী যুৱতীৰ। JCB ব্যৱহাৰ কৰি গাড়ী ভাঙি উলিয়াব লগীয়া হৈছিল মৃতদেহ। 


মৃতদেহসমূহ লৈ যোৱা হয় GMCH মৰ্গলৈ। নিহত যুৱতীগৰাকী হ'ল গোৱালপাৰাৰ পূজা সাহা, চৰাইদেউৰ আকাংক্ষা শইকীয়া আৰু বৰপেটাৰ নেহা খান।


আশ্চৰ্যজনকভাৱে বাহনখনৰ চালকজন ঘটনাস্থলীৰ পৰা পলাই যায়। জানিব পৰা মতে Airbag খোল খোৱাৰ বাবে ৰক্ষা পৰে চালকজনৰ প্ৰাণ। আৰক্ষীয়ে ইতিমধ্যে আৰম্ভ কৰিছে তীব্ৰ অনুসন্ধান। চালকজনৰ নাম শ্বামিম আহমেদ বুলি জানিব পৰা গৈছে।


ইফালে একে নিশাই মহানগৰীৰ জুৰোডৰ উৰণসেতুত আন এক পথ দুৰ্ঘটনা।সংকটজনক অৱস্থাত চিকিৎসাধীন তিনিজন যুৱক। চিকিৎসালয়ত জীৱন-মৃত্যুৰ যুঁজ। এটা নিশাতে সংঘটিত দুটা ভয়ংকৰ দুৰ্ঘটনাত পুৱাই ৰাজ্যজুৰি চাঞ্চল্য.. পথ সুৰক্ষাৰ ওপৰত উঠিছে প্ৰশ্ন...



FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু