--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • নলবাৰীৰ পৰা তামুলপুৰৰ বাঙালীপাৰালৈ বিহু পৰিৱেশন কৰিবলৈ গৈ থকা অৱস্থাত সংঘটিত হয় দুৰ্ঘটনাটো। বিহুদল কঢ়িওৱা ট্ৰেভেলাৰখনৰ নম্বৰ AS-25-DC-5893 আৰু ট্ৰেইলাৰ খনৰ নম্বৰ PB 03 AP 6681

ডিজিটেল ডেস্ক: এক শোকাৱহ দুৰ্ঘটনা সংঘটিত হৈছে তামুলপুৰত। এই ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হয় এটা বিহু হুঁচৰি দল। দুৰ্ঘটনাত পতিত নলবাৰীৰ হাৰিভাঙাৰ ভাস্কৰজ্যোতি বিহু হুঁচৰি দল। অকালতে চিৰদিনলৈ হেৰাই গ’ল নাচনী নিশামণি হালৈ, ৫জনৰ অৱস্থা সংকটজনক। দুৰ্ঘটনাটোত থিতাতে মৃত্যু ২৫ বছৰীয়া নাচনী নিশামণি হালৈৰ।


যোৱানিশা প্ৰথমে পাঠশালাত অনুষ্ঠান পৰিৱেশন কৰে দলটোৱে। তাৰ পাছত নলবাৰীৰ কেন্দুকুছিত অনুষ্ঠান সম্পন্ন কৰে দলটোৱে। নলবাৰীৰ পৰা তামুলপুৰৰ বাঙালীপাৰালৈ বিহু পৰিৱেশন কৰিবলৈ গৈ থকা অৱস্থাত সংঘটিত হয় দুৰ্ঘটনাটো। বিহুদল কঢ়িওৱা ট্ৰেভেলাৰখনৰ নম্বৰ AS-25-DC-5893 আৰু ট্ৰেইলাৰ খনৰ নম্বৰ PB 03 AP 6681


তামুলপুৰ-নাগ্ৰীজুলী পথৰ নোৱাখাটত সংঘটিত হয় মৰ্মান্তিক দুৰ্ঘটনাটো। গুৰুতৰভাৱে আহত আন ১১গৰাকী বিহুৱা-বিহুৱতী। ৫ জনক সংকটজনক অৱস্থাত GMCHলৈ প্ৰেৰণ কৰা হৈছে। বিহুৰ আনন্দৰ মাজতে সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ।


মৃত নিশামণি হালৈ গোৰেশ্বৰৰ নিজঝাৰ গাঁও নিবাসী ৰমেন হালৈৰ জীয়ৰী। এগৰাকী প্ৰতিভাসম্পন্ন সংস্কৃতিৱান যুৱতী আছিল নিশামণি।নাগাৰা নামৰ পাঠিকা হিচাপেও জনপ্ৰিয় আছিল নিশামণি হালৈ। বিহু নাচিও সুনাম অৰ্জন কৰিছিল নিশামণিয়ে। 


বিহু হুঁচৰি দলটো গৈ থকা থকা ট্ৰেভেলাৰখনৰ সৈতে মুখামুখি সংঘৰ্ষ হয় এখন ট্ৰেইলাৰৰ, ফলত এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। 


ট্ৰেভেলাৰখনত মুঠ ৩০ জন বিহুৱা-বিহুৱতী আছিল৷ বৰ্তমান ৰঙিয়াৰ স্বস্তি হাস্পতালত চাৰিগৰাকী কৈ বিহুৱা-বিহুৱতীৰ চিকিৎসা চলি আছে।

তেওলোক হৈছে শ্ৰীবাণী বৰা, অংগিতা দাস, কাব্যশ্ৰী চৌৰাত, জগত ৰায়। শ্ৰীবাণীৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। 


এই ঘটনাই সমগ্ৰ ৰাজ্যজুৰি পেলাইছে শোকৰ ছাঁ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু