--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • নলবাৰীৰ পৰা তামুলপুৰৰ বাঙালীপাৰালৈ বিহু পৰিৱেশন কৰিবলৈ গৈ থকা অৱস্থাত সংঘটিত হয় দুৰ্ঘটনাটো। বিহুদল কঢ়িওৱা ট্ৰেভেলাৰখনৰ নম্বৰ AS-25-DC-5893 আৰু ট্ৰেইলাৰ খনৰ নম্বৰ PB 03 AP 6681

ডিজিটেল ডেস্ক: এক শোকাৱহ দুৰ্ঘটনা সংঘটিত হৈছে তামুলপুৰত। এই ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হয় এটা বিহু হুঁচৰি দল। দুৰ্ঘটনাত পতিত নলবাৰীৰ হাৰিভাঙাৰ ভাস্কৰজ্যোতি বিহু হুঁচৰি দল। অকালতে চিৰদিনলৈ হেৰাই গ’ল নাচনী নিশামণি হালৈ, ৫জনৰ অৱস্থা সংকটজনক। দুৰ্ঘটনাটোত থিতাতে মৃত্যু ২৫ বছৰীয়া নাচনী নিশামণি হালৈৰ।


যোৱানিশা প্ৰথমে পাঠশালাত অনুষ্ঠান পৰিৱেশন কৰে দলটোৱে। তাৰ পাছত নলবাৰীৰ কেন্দুকুছিত অনুষ্ঠান সম্পন্ন কৰে দলটোৱে। নলবাৰীৰ পৰা তামুলপুৰৰ বাঙালীপাৰালৈ বিহু পৰিৱেশন কৰিবলৈ গৈ থকা অৱস্থাত সংঘটিত হয় দুৰ্ঘটনাটো। বিহুদল কঢ়িওৱা ট্ৰেভেলাৰখনৰ নম্বৰ AS-25-DC-5893 আৰু ট্ৰেইলাৰ খনৰ নম্বৰ PB 03 AP 6681


তামুলপুৰ-নাগ্ৰীজুলী পথৰ নোৱাখাটত সংঘটিত হয় মৰ্মান্তিক দুৰ্ঘটনাটো। গুৰুতৰভাৱে আহত আন ১১গৰাকী বিহুৱা-বিহুৱতী। ৫ জনক সংকটজনক অৱস্থাত GMCHলৈ প্ৰেৰণ কৰা হৈছে। বিহুৰ আনন্দৰ মাজতে সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ।


মৃত নিশামণি হালৈ গোৰেশ্বৰৰ নিজঝাৰ গাঁও নিবাসী ৰমেন হালৈৰ জীয়ৰী। এগৰাকী প্ৰতিভাসম্পন্ন সংস্কৃতিৱান যুৱতী আছিল নিশামণি।নাগাৰা নামৰ পাঠিকা হিচাপেও জনপ্ৰিয় আছিল নিশামণি হালৈ। বিহু নাচিও সুনাম অৰ্জন কৰিছিল নিশামণিয়ে। 


বিহু হুঁচৰি দলটো গৈ থকা থকা ট্ৰেভেলাৰখনৰ সৈতে মুখামুখি সংঘৰ্ষ হয় এখন ট্ৰেইলাৰৰ, ফলত এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। 


ট্ৰেভেলাৰখনত মুঠ ৩০ জন বিহুৱা-বিহুৱতী আছিল৷ বৰ্তমান ৰঙিয়াৰ স্বস্তি হাস্পতালত চাৰিগৰাকী কৈ বিহুৱা-বিহুৱতীৰ চিকিৎসা চলি আছে।

তেওলোক হৈছে শ্ৰীবাণী বৰা, অংগিতা দাস, কাব্যশ্ৰী চৌৰাত, জগত ৰায়। শ্ৰীবাণীৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। 


এই ঘটনাই সমগ্ৰ ৰাজ্যজুৰি পেলাইছে শোকৰ ছাঁ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ