--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : বিশ্বৰ প্ৰান্তে প্ৰান্তে এতিয়া কৰ’না ভাইৰাছৰ সন্ত্ৰাস। মৃত্যু মিছিলত সমগ্ৰ বিশ্বত। এইপৰ্যন্ত ক’ভিড-১৯ত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে ৩০লাখ লোক। কিন্তু চিন্তিত আৰু উদ্বিগ্ন দেশবাসী। কাৰণ, ক’ভিড-১৯ৰ সমান্তৰালকৈ দেশত এতিয়া বাৰ্ড ফ্লুয়ো আতংক বৃদ্ধি কৰিছে। চলিত বৰ্ষৰ আৰম্ভণিতে ৰাছিয়াৰ পোলট্ৰি ফাৰ্ম এখনত বাৰ্ড ফ্লুৰ তাণ্ডৱ পৰিলক্ষিত হৈছিল। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ৮লাখ কুকুৰা মাৰি পেলোৱাৰ সিদ্ধান্ত লৈছিল ৰাছিয়াই।

আৰু পঢ়িব পাৰিব: নাতিনীয়েকক যৌন নিৰ্যাতনৰ অপচেষ্টা ! গ্ৰেপ্তাৰ হোৱা নাই অভিযুক্ত


ৰাছিয়াৰ তৰফৰ পৰা এই ভাইৰাছটো পৰীক্ষা কৰি জানিবলৈ পোৱা গৈছে যে, ‘এই ভাইৰাছটি Avian Flu-ৰ H5N8 ষ্ট্ৰেইন, যিটো অত্যন্ত ভয়াৱহ। ইউৰোপত এই ভাইৰাছৰ প্ৰকোপত লক্ষাধিক কুকুৰা মৃত্যুমুখত পৰিছে। চিন্তাৰ বিষয়, এই ভাইৰাছৰ সংক্ৰমণ কেবল কুকুৰা মাজতে সীমাবদ্ধ হৈ থকা নাই, আমেৰিকাৰ পোলট্ৰি ফাৰ্মত কৰ্মৰত একাংশৰ দেহত সংক্ৰমিত হৈছে এই ভাইৰাছ।

ইউৰোপ তথা এছিয়াত ২০২০বৰ্ষৰ ২৫ ডিচেম্বৰ পৰা ২০২১চনৰ ১৪জানুৱাৰীৰ মাজৰ সময়ছোৱাত Avian-Flu সংক্ৰমিত ৭০লাখ কুকুৰা মৃত্যুমুখত পৰিছে। ফেব্ৰুৱাৰী মাহত ৰাছিয়াৰ স্বাস্থ্য বিভাগৰ কৰ্তৃপক্ষই সদৰি কৰিছিল যে, ‘পোলট্ৰি ফাৰ্মৰ সৈতে জড়িত সংশ্লিষ্ট দেশৰ ২০০গৰাকী ব্যক্তিক এইপৰ্যন্ত পৰীক্ষা কৰা হৈছিল আৰু ৭জনৰ দেহত এই ভাইৰাছৰ উপস্থিতি ধৰা পৰিছিল। যদিও তেওঁলোকৰ কোনেও আশা কৰাধৰণে অসুস্থ হোৱা নাই।

আৰু পঢ়িব পাৰিব: ভাৰতত ক্ৰমাগত পঞ্চম দিনৰ বাবে কৰ’নাত আক্ৰান্তৰ অভিলেখ !

কিন্তু মানুহৰ দেহত এই ভাইৰাছ সংক্ৰমিত হোৱাৰ প্ৰৱণতা অধিক। ইয়াকে লৈ চিন্তিত বিশেষজ্ঞ মহল। ICAHN স্কুল অৱ মেডিচিন-ৰ গৱেষক ডাঃ ফ্লোৰিয়ান ক্ৰামিয়ে সদৰি কৰিছে যে, ‘'Avian-Fluৰ H5N1 স্ট্ৰেইন ইতিমধ্যে মানুহৰ শৰীৰত সংক্ৰমিত হৈছিল। ২০১৩চনত H7N9ত সংক্ৰমিত হৈছিল ১৫০০জন ইয়াৰে ভিতৰত ৬০০জন মৃত্যুমুখত পৰিছিল। এই ভাইৰাছ মানুহৰ পৰা মানুহলৈ সংক্ৰমণ হয় যদিও বাৰ্ড ফ্লুৰ এই স্ট্ৰেইনটোক লৈ চিন্তিত হোৱাৰ প্ৰয়োজন নাই বুলি সদৰি কৰিছে বিশেষজ্ঞ মহলে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ